Follow Us:

TDC 4th Sem Pol Science Units — 1 আন্তৰ্জাতিক সম্পৰ্কৰ দৃষ্টিভংগী | Approaches to International Relations 4th Semester (Political Science) Solutions In Assamese

LearningPointAssam.com

আমাৰ প্লেটফৰ্মলৈ আপোনাক স্বাগতম, য'ত আমি TDC 4th Semester-ৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষাত উৎকৃষ্ট হোৱাত সহায় কৰিবলৈ বিভিন্ন ধৰণৰ অনলাইন অধ্যয়ন সামগ্ৰী আগবঢ়াওঁ। Gauhati University পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি BA 4th Semester Political Science (Major & Minor) Question and Answer ইয়াত প্রদান কৰা হৈছে। যাতে, ছাত্র-ছাত্রীসকলে প্রতিটো অধ্যায়ৰ ধাৰণাবোৰ ভালদৰে বুজি পায় আৰু প্রয়োজনীয় এটা নিৰ্বাচন কৰিব পাৰে। আমাৰ ৱেব পৰ্টেলত শৈক্ষিক তত্ত্ব আৰু অনুশীলনৰ বিষয়ে কিতাপৰ বিষয়বস্তুৰ উপৰিও TDC 4th Year Political Science Previous years Question Paper-ৰ লগতে আৰ্হি সমাধানো প্ৰদান কৰা হয়। গতিকে, TDC 4th Semester (REGULAR Course) Political Science Solutions|Chapter-1| আন্তৰ্জাতিক সম্পৰ্কৰ দৃষ্টিভংগী (Approaches to International Relations) পাঠটোৰ অতি চমু, চমু, সংক্ষিপ্ত আৰু ৰচনাধৰ্মী প্ৰশ্ন আৰু উত্তৰ সমূহ তলত সহজ-সৰল ভাষাত আলোচনা কৰা হৈছে যিয়ে আপোনাক পৰীক্ষাত সহায় কৰিব।

TDC 4th Sem Pol Science Units — 1 আন্তৰ্জাতিক সম্পৰ্কৰ দৃষ্টিভংগী | Approaches to International Relations 4th Semester (Political Science) Solutions In Assamese

BA (Regular Course) Political Science 4th Semester Solutions in Assamese|Chapter-1| আন্তৰ্জাতিক সম্পৰ্কৰ দৃষ্টিভংগী (Approaches to International Relations) প্রশ্নোত্তৰ, যি Learningpointassam.com প্ৰদান কৰে সেইবোৰ বিশেষজ্ঞ শিক্ষকৰ দ্বাৰা পাঠ্যভিত্তিক প্ৰশ্ন আৰু উত্তৰৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ পৰীক্ষাত সহায় কৰিবলৈ Gauhati University syllabus অনুসৰি অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ প্ৰস্তুত কৰা হৈছে।


আন্তৰ্জাতিক সম্পৰ্কৰ দৃষ্টিভংগী (Approaches to International Relations)

Chapter — 1 Model Solutions

 

BA Political Science 4th Sem (আন্তৰ্জাতিক সম্পৰ্ক Introduction to International Relations) Book solutions
Paper Code POL-RC-4016


প্রশ্নাবলীঃ

তলৰ প্রশ্নসমূহৰ অতি চমু উত্তৰ দিয়া ( Very Short Questions ) :

Q. 1 | উদাৰতাবাদৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ আশাবাদ।

Q. 2 | উদাৰতাবাদৰ এগৰাকী মুখ্য পৃষ্ঠপোষকৰ নাম লিখা।

উত্তৰঃ বেনথাম।

Q. 3 | আদর্শবাদী দৃষ্টিভংগীৰ মুখ্য পৃষ্ঠপোষক কোন?

উত্তৰঃ উড্র' উইলচন।

Q. 4 | 'The End of History and The Last Man' নামৰ গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ ফ্রান্সিছ ফুকুৱামা।

Q. 5 | 'The Idea for a Universal History' নামৰ গ্ৰন্থখনৰ ৰচক কোন?


উত্তৰঃ ইমানুৱেল কান্ট।

Q. 6 | 'Perpetual Peace' নামৰ গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ ইমানুৱেল কাল্ট।

Q. 7 | বাস্তৱবাদৰ এগৰাকী মুখ্য পৃষ্ঠপোষকৰ নাম লিখা।

উত্তৰঃ নেইবুৰ।

Q. 8 | 'Politics Among Nations' গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ মৰগেনথ।

Q. 9 | 'Man, the State and War' গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ ৱাল্টজ।

Q. 10 | 'Theory of International Politics' গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ ৱাল্টজ।

Q. 11 | নব্য বাস্তৱবাদৰ জনক হিচাপে কাক জনা যায়?

উত্তৰঃ কেনেথ ৱাল্টজক।

Q. 12 | মৰটন কাপলান ব্যৱস্থাপক দৃষ্টিভংগীৰ সৈতে জড়িত। শুদ্ধ নে অশুদ্ধ লিখা।

উত্তৰঃ শুদ্ধ।

Q. 13 | মৰটন কাপলানে ব্যৱস্থাপক দৃষ্টিভংগী ব্যাখ্যা কৰিবলৈ গৈ কেইটা নীতিৰ বিষয়ে ব্যাখ্যা কৰিছে?

উত্তৰঃ ছয়টা।

Q. 14 | তলত দিয়া কোনজনক উদাৰতাবাদী হিচাপে জনা যায়?


  • ক) উইলচন
  • ক) উইলচন
  • খ) মৰগেনথ
  • গ) মৰটন কাপলান


উত্তৰঃ ক) উইলচন

Q. 15 | তলত দিয়া কোনজন ব্যৱস্থাপক দৃষ্টিভংগীৰ সমৰ্থক?

  • ক) হদলি বুল
  • খ) মৰগেনথ
  • গ) মৰটন কাপলান।
  • গ) মৰটন কাপলান

উত্তৰঃ গ) মৰটন কাপলান।

Q. 16 | কোনে আদর্শবাদী আৰু বাস্তৱবাদীসকলক ক্ৰমে পোহৰৰ সন্তান আৰু এন্ধাৰৰ সন্তান বুলি উল্লেখ কৰিছে?

উত্তৰঃ নেইবুৰে।

Q. 17 | বাল্টজ কি ধাৰণাৰ সমৰ্থক আছিল?

উত্তৰঃ নব্য-বাস্তৱবাদ।

Q. 18 | আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ নাৰীবাদী পৰিপ্ৰেক্ষৰ এগৰাকী সমৰ্থকৰ নাম লিখা।

উত্তৰঃ জে. এন. টিকনাৰ।

Q. 19 | উদাৰতাবাদৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ মানুহৰ চৰিত্ৰ মূলতঃ ভাল আৰু উদাৰ আৰু সেয়েহে মানুহে নিজৰ মাজত পাৰস্পৰিক সহায় আৰু সহযোগিতা গঢ়ি তুলিবৰ বাবে সক্ষম।

Q. 20 | 'Imperialism the Highest stage of Capitalism' গ্ৰন্থৰ ৰচক কোন?

উত্তৰঃ লেনিন।

Q. 21 | 'Accumulation on a World Scale'. গ্ৰন্থৰ ৰচক কোন?

উত্তৰঃ সমিৰ আমিন।

Q. 22 | 'Crisis in the third world' গ্ৰন্থৰ ৰচক কোন?

উত্তৰঃ এ. জি. ফ্রাংক।

Q. 23 | কোনে প্রথমে নিৰ্ভৰশীলতা শব্দটো ব্যৱহাৰ কৰিছিল?

উত্তৰঃ লেনিনে।

Q. 24 | বিশ্ব পদ্ধতি তত্ত্বই বিশ্বক কেইটা ভাগত ভাগ কৰিছে?

উত্তৰঃ মুখ্য আৰু প্ৰান্তীয় এই দুটা ভাগত।

Q. 25 | নব্য উদাৰতাবাদৰ ধাৰণাসমূহ কাৰ দ্বাৰা অধিক প্ৰচাৰ কৰা হৈছিল ?

  • ক) বিশ্ব বেংক
  • গ) কর্পৰেট
  • খ) বিশ্ব বাণিজ্য সংস্থা
  • ঘ) ওপৰৰ আটাইবোৰ

উত্তৰঃ ঘ) ওপৰৰ আটাইবোৰ।

Q. 26 | 'Theory of Justice' গ্ৰন্থৰ ৰচক কোন?

উত্তৰঃ জ'ন ৰাওলচ।

Q. 27 | 'The Road of Seifdom' গ্রন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ এফ. এ. হায়েক।

Q. 28 | অদৃশ্য হাত তত্ত্বৰ মূল প্রবক্তা কোন?

উত্তৰঃ আদাম স্মিথ।

Q. 29 | আধুনিক উদাৰতাবাদৰ পিতৃ কোন?

উত্তৰঃ জন ল'ক।

Q. 30 |  অহস্তক্ষেপ নীতি কোনটো আদৰ্শৰ নীতি?

উত্তৰঃ ধ্রুপদী উদাৰতাবাদ।

Q. 31 | বজাৰকেন্দ্ৰিক সমাজ ব্যৱস্থাৰ সমর্থক কোন?

উত্তৰঃ আদাম স্মিথ।

Q. 32 | 'ধ্রুপদী উদাৰতাবপাদ হৈছে এক নেতিবাচক উদাৰতাবাদ।' শুদ্ধ নে অশুদ্ধ লিখা।

উত্তৰঃ শুদ্ধ।

Q. 33 | নব্য উদাৰতাবাদক বহুত্ববাদ বুলিও কোৱা হয়। শুদ্ধ নে অশুদ্ধ লিখা।

উত্তৰঃ শুদ্ধ।

Q. 34 | নব্য উদাৰতাবাদক বহুত্ববাদ বুলিও কোৱা হয়। শুদ্ধ নে অশুদ্ধ লিখা।

উত্তৰঃ শুদ্ধ।

Q. 35 | 'The End of History and the Last man' গ্ৰন্থৰ ৰচক কোন।

উত্তৰঃ ফ্লাঞ্চিছ ফুকুয়ামা।

Q. 36 | 'Perpetual peace' গ্ৰন্থৰ ৰচক কোন।

উত্তৰঃ ইমানুৱেল কাষ্ট।

Q. 37 | উদ্র উইলছল আছিল উদাৰতাবাদৰ সমৰ্থক। শুদ্ধ নে অশুদ্ধ লিখা। 

উত্তৰঃ শুদ্ধ।




তলৰ প্রশ্নসমূহৰ চমু উত্তৰ দিয়া ( Short Questions ) : Mark — 2

Q. 1 | নব্য-উদাৰতাবাদী চিন্তাধাৰাৰ দুগৰাকী সমৰ্থকৰ নাম লিখা।

উত্তৰঃ জোচেফ নাই আৰু জেমছ ৰজেন।

Q. 2 | নব্য উদাৰবাদী চিন্তাধাৰাৰ দুটা ভাগ উল্লেখ কৰা।

উত্তৰঃ ক) আত্মনিৰ্ভৰশীলতা উদাৰতাবাদ

খ) অনুষ্ঠানমূলক উদাৰতাবাদ

Q. 3 | নব্য উদাৰতাবাদৰ দুটা সিদ্ধান্ত লিখা।

উত্তৰঃ  ক) মানুহৰ চৰিত্ৰ মূলতঃ ভাল আৰু উদাৰ আৰু সেয়েহে মানুহে নিজৰ মাজত পাৰস্পৰিক সহায় আৰু সহযোগিতা গঢ়ি তুলিবৰ বাবে সক্ষম।

খ) যুদ্ধ হৈছে এটা আন্তঃৰাষ্ট্ৰীয় সমস্যা আৰু ইয়াক আন্তঃৰাষ্ট্ৰীয় আৰু সামূহিক প্ৰয়াসৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি।

Q. 4 | নব্য উদাৰৰ্তাবাদৰ দুটা সমালোচনা লিখা।

উত্তৰঃ ক) উদাৰতাবাদীসকলে আগবঢ়োৱা ধাৰণাসমূহ মূলতঃ আদৰ্শমূলক আৰু বাস্তৱ পৰ্যালোচনাৰ ওপৰত প্ৰতিষ্ঠিত নহয়।

খ) উদাৰতাবাদীসকলৰ মতে ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা সম্ভৱপৰ। কিন্তু বাস্তৱবাদীসকলে সহযোগিতাৰ সলনি সংঘাতকহে ৰাষ্ট্ৰসমূহৰ পাৰস্পৰিক সম্পৰ্কৰ প্রধান বৈশিষ্ট্য বুলি বিবেচনা কৰে।

Q. 5 | নব্য উদাৰতাবাদৰ দুটা গুৰুত্ব লিখা।


উত্তৰঃ ক) উদাৰতাবাদে ৰাষ্ট্ৰসমূহৰ মাজৰ সহযোগিতাৰ দিশটোৰ উপযুক্ত ব্যাখ্যা আগবঢ়য়া হয়। 


খ) উদাৰতাবাদত নিৰস্ত্ৰীকৰণ আৰু অস্ত্রপাতিৰ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়া

Q. 6 | নব্য-বাস্তৱবাদ কি?

উত্তৰঃ মৰগেনথ'ৰ পিছত ৱাল্টজে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বাস্তৱবাদী দৃষ্টিভংগীৰ ক্ষেত্ৰত এক নতুন ধাৰা সংযোজন কৰে। বাল্টজে সংযোজন কৰা এই নতুন ধাৰাক সাধাৰণতে নব্য-বাস্তৱবাদী দৃষ্টিভংগী হিচাপে জনা যায়।

Q. 7 | বাস্তৱবাদৰ দুটা প্ৰকাৰ লিখা।

উত্তৰঃ সনাতন বাস্তৱবাদ আৰু নব্য বাস্তৱবাদ।

Q. 8 | বাস্তৱবাদৰ দুটা সিদ্ধান্ত লিখা।

উত্তৰঃ ক) এই দৃষ্টিভংগীৰ সমৰ্থকসকলে দেশৰ নিৰাপত্তা ৰক্ষা কৰা আৰু ক্ষমতা লাভ কৰাৰ ওপৰত গুৰুত্ব দিয়ে।

খ) এই দৃষ্টিভংগী মতে যুদ্ধই হৈছে চিৰন্তন নীতি।

Q. 9 | সনাতন বাস্তৱবাদৰ দুগৰাকী সমৰ্থকৰ নাম লিখা।

উত্তৰঃ নেইবুৰ আৰু মর্টন কাপলান।

Q. 10 | বাস্তববাদ সম্পৰ্কত মৰগেনথ'ৰ দুটা নীতি লিখা।

উত্তৰঃ ক) ব্যক্তি আৰু সমাজ কিছুমান চিৰন্তন নীতি-নিয়মৰ জৰিয়তে পৰিচালিত হয়।

খ) পৰিৱেশ আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ ফলত ৰাষ্ট্ৰীয় স্বাৰ্থৰো পৰিৱৰ্তন হয়।

Q. 11 | নব্য বাস্তৱবাদ আৰু সনাতন ধ্রুপদী বাস্তৱবাদৰ মাজত পার্থক্য লিখা।

উত্তৰঃ মৰগেনথ'ৰ দৰে ধ্রুপদী বাস্তৱবাদীসকলে বিশ্বাস কৰিছিল যে দেশসমূহৰ মাজত যুদ্ধৰ কাৰণ হৈছে মানৱ প্ৰকৃতি। কিন্তু ৱাল্টজৰ নব্য-বাস্তৱবাদী তত্ত্বত মানুহৰ চৰিত্ৰৰ কোনো আলোচনা নাই। ৱাল্টজৰ নব্য বাস্তৱবাদ তত্ত্বৰ মুখ্য বিচার্য বিষয় হৈছে আন্তর্জাতিক ব্যৱস্থাৰ গাঁথনি।

Q. 12 | বাস্তৱবাদী দৃষ্টিভংগীৰ দুটা গুৰুত্ব লিখা।

উত্তৰঃ ক) আদর্শবাদী দৃষ্টিভংগীৰ পৰিৱৰ্তে পদ্ধতিগত দৃষ্টিভংগীৰ ওপৰত বাস্তৱবাদে গুৰুত্ব দিছে।

খ) আন্তঃৰাষ্ট্রীয় সম্পৰ্কৰ অধ্যয়নত ক্ষমতাৰ ধাৰণাৰ ওপৰত গুৰুত্ব দিয়াটো বাস্তৱবাদৰ আন এটা অন্যতম অৱদান।

Q. 13 | কেনেথ বাল্টজব বচিত দুখন গ্রন্থৰ নাম লিখা।

উত্তৰঃ ক) 'Man, the State and War'

খ) 'Theory of International Politics'

Q. 14 | বাল্টজে বাস্তৱবাদ সম্পর্কত আগবঢ়োৱা নীতি দুটা কি কি?

উত্তৰঃ ক) নৈৰাজ্যৰ নীতি

খ) ক্ষমতাৰ বিতৰণৰ নীতি

Q. 15 | মৰগেনথ'ৰ বাস্তৱবাদী দৃষ্টিভংগীৰ দুটা সমালোচনা লিখা।

উত্তৰঃ ক) আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে মৰগেনথ'ই আগবঢ়োৱা বাস্তৱবাদী দৃষ্টিভংগী হৈছে আংশিক দৃষ্টিভংগী।

খ) মৰগেনথ'ৰ বাস্তৱবাদী দৃষ্টিভংগী মানুহৰ আচৰণৰ ভিত্তিত প্রতিষ্ঠিত। কিন্তু মানুহৰ আচৰণ সম্পৰ্কে তেওঁৰ ধাৰণাৰ সীমাবদ্ধতা আছে।

Q. 16 | নব্য উদাৰতাবাদৰ দুটা মূল যুক্তি লিখা।

উত্তৰঃ ক) নব্য উদাৰতাবাদীসকলে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত ৰাষ্ট্ৰকে একমাত্র কর্তা বুলি নাভাবে।

খ) নব্য উদাৰতাবাদীসকলে ৰাষ্ট্ৰসমূহৰ মাজত থকা সংঘাত আৰু নৈৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ বাস্তৱতাক মানি লয়।

Q. 17 | Gender Development Index কি?

উত্তৰঃ লিংগ উন্নয়ন নির্দেশক মানৱ উন্নয়ন নির্দেশকৰ ব্যৱহাৰ কৰি ৰাষ্ট্ৰৰ উন্নয়ন নিৰূপণ কৰে। ইয়াৰ সৈদ্ধান্তিক ভিত্তি এই যে লিংগ অসমতা বৃদ্ধি হ'লে ৰাষ্ট্ৰ উন্নয়নৰ ওপৰত ইয়াৰ ঋণাত্মক প্ৰভাৱ পৰে।

Q. 18 | আন্তর্জাতিক ৰাজনীতিত নাৰীবাদী পৰিপেক্ষৰ দুগৰাকী চিন্তাবিদৰ নাম লিখা।

উত্তৰঃ ইনলা আৰু পিটাৰচন।

Q. 19 | নাৰীবাদী পৰিপ্ৰেক্ষ সম্পর্কীয় দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ক) Global Gender Justice.

খ) Feminist theory of International Relationsin a post modern Era.

Q. 20 | নাৰীবাদী চিন্তাধাৰাৰ দুটা নীতি লিখা।

উত্তৰঃ ক) নাৰীবাদী দৃষ্টিভংগীয়ে মহিলাৰ অধিকাৰ আৰু লিংগ সমতাৰ বিষয়ে ব্যাখ্যা কৰে।


খ) নাৰীবাদী চিন্তাধাৰাৰ আন এটা বিষয় হ'ল যে ই লিংগ ৰাজনীতি সম্পর্কে আলোচনা কৰে।




তলৰ প্রশ্নসমূহৰ চমুটোকা লিখাঃ Mark — 5

Q. 1 | মৰগেনথ'ৰ ৰাজনৈতিক বাস্তৱবাদ

উত্তৰঃ ৰাজনৈতিক বাস্তৱবাদৰ বিষয়ে মৰগেনথ'ৰ ধাৰণাক তলত দিয়া ধৰণে সংক্ষেপে প্রকাশ কৰিব পাৰিঃ

  • ক) ব্যক্তি আৰু সমাজ কিছুমান চিৰন্তন নীতি-নিয়মৰ জৰিয়তে পৰিচালিত হয়। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ইয়াৰ ব্যতিক্ৰম নহয়। মানুহৰ প্ৰকৃতিৰ মাজতে এই নীতি-নিয়মৰ উৎস নিহিত থাকে।
  • খ) আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত ক্ষমতাৰ জৰিয়তে প্ৰকাশ কৰা ৰাষ্ট্ৰীয় স্বাৰ্থৰ দৃষ্টিকোণৰ জৰিয়তে সকলো সমস্যাৰ বিচাৰ কৰা হয়।
  • গ) পৰিৱেশ আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ ফলত ৰাষ্ট্ৰীয় স্বাৰ্থৰো পৰিৱৰ্তন হয়।
  • ঘ) ৰাজনীতিত দূৰদৰ্শিতাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়, সেয়েহে ৰাষ্ট্ৰই পালন কৰা কাৰ্যসমূহক সার্বজনীন নৈতিক নীতিৰ জৰিয়তে বিচাৰ কৰা উচিত নহয়।
  • ৬) ৰাষ্ট্ৰই সম্পাদন কৰা কাৰ্যসমূহক সাৰ্বজনীন নৈতিক নীতি-নিয়মৰ আধাৰত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হয়।
  • চ) বাস্তৱবাদত ৰাজনৈতিক বিষয়ত স্বাধীনতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়।

      ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে মৰগেনথ'ৰ বাস্তৱবাদী দৃষ্টিভংগী তিনিটা ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত

  • ক) ৰাজনীতিবিদসকলে নিজৰ দেশৰ স্বাৰ্থ ৰক্ষা কৰিব বিচাৰে।
  • খ) প্রত্যেক দেশৰ স্বাৰ্থ অর্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আদি ক্ষমতা আৰু প্ৰভাৱ বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে।
  • গ) দেশৰ স্বাৰ্থ ৰক্ষা কৰা আৰু প্ৰভাৱ বৃদ্ধি কৰাৰ উদ্দেশ্যে দেশসমূহে ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ে।

Q. 2 | মৰগেনথ'ৰ বাস্তৱবাদৰ সমালোচনা।

উত্তৰঃ মৰগেনথ'ৰ বাস্তৱবাদী দৃষ্টিভংগীৰ বিৰুদ্ধে তলত দিয়া ধৰণৰ সমালোচনা আগবঢ়োৱা হয় —

  • ক) আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে মৰগেনথ'ই আগবঢ়োৱা বাস্তৱবাদী দৃষ্টিভংগী হৈছে আংশিক দৃষ্টিভংগী। তেওঁ স্বাৰ্থৰ সংঘাতৰ ওপৰতহে বেছি গুৰুত্ব দিছে। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ স্বাৰ্থৰ সংঘাত হৈছে এটা দিশহে। স্বাৰ্থৰ সংঘাত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সকলো দিশৰ ভেটি নহয়। স্বাৰ্থৰ সংঘাতৰ লগতে সহযোগিতাৰ ওপৰতো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত গুৰুত্ব দিয়া হয়। সেয়েহে তেওঁৰ দৃষ্টিভংগীক আংশিক দৃষ্টিভংগী হিচাপে অভিহিত কৰা হয়।
  • খ) মৰগেনথ'ৰ বাস্তৱবাদী দৃষ্টিভংগী মানুহৰ আচৰণৰ ভিত্তিহে প্রতিষ্ঠিত। কিন্তু মানুহৰ আচৰণ সম্পৰ্কে তেওঁৰ ধাৰণাৰো সীমাবদ্ধতা আছে। সাধাৰণতে মানুহৰ সকলো কাম-কাজৰ ভেটিয়ে হৈছে মানুহৰ আচৰণ বা প্রকৃতি। সেয়েহে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক মানুহৰ আচৰণ বা প্ৰকৃতিৰ জৰিয়তে ব্যাখ্যা কৰিলে ই সম্পূর্ণ নহয়।
  • গ) মৰগনেথ'ৰ বাস্তৱবাদী দৃষ্টিভংগী পৰস্পৰবিৰোধী। তেওঁৰ মতে সকলো মানুহ আৰু সকলো ৰাষ্ট্ৰই ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ে। কিন্তু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত শান্তিৰ ওপৰত গুৰুত্ব দিয়াটোক তেওঁ উচিত বুলি বিবেচনা কৰে। সেয়েহে তেওঁ বাস্তৱবাদী দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দিছে নে তেওঁৰ ধাৰণাক বাস্তৱবাদী দৃষ্টিভংগীৰ জৰিয়তে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে, সেইটো স্পষ্ট নহয়।
  • ঘ) মৰগেনথ'ৱে জাতীয় স্বার্থক ক্ষমতা বৃদ্ধিৰ জৰিয়তে ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিছে। যদি দেশসমূহে ক্ষমতা বুদ্ধিৰ ওপৰত গুৰুত্ব দিয়া বুলি ধৰি লোৱা হয়, তেতিয়াহ'লে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সম্পৰ্ক ক্ষমতাৰ নিৰৱচ্ছিন্ন যুদ্ধত পৰিণত হ'ব আৰু মানুহৰ শান্তিপূর্ণ জীৱনৰ পৰিৱৰ্তে ব্যক্তিগত স্বার্থ রক্ষাৰ যুদ্ধত পৰিণত হ'ব।
  • ঙ) বাস্তৱবাদী দৃষ্টিভংগীক কৃতকার্যতা লাভৰ দৰ্শন হিচাপেও অভিহিত কৰা হয়। কিন্তু কৃতকার্যতা বা অ-কৃতকার্যতাই কি বুজায়, সেই বিষয়ে বাস্তৱবাদীসকলে কোনো গ্রহণযোগ্য ব্যাখ্যা আগবঢ়োৱা নাই। ৰাজনীতিবিদসকলে কৃতকার্যতা বা অ-কৃতকার্যতাক বিভিন্ন ধৰণে ব্যাখ্যা কৰাৰ ভালেমান উদাহৰণ ইতিহাসত পোৱা যায়।


Q. 3 | বাস্তববাদী দৃষ্টিভংগীৰ গুৰুত্ব

উত্তৰঃ ক) মৰগেনথ'ৰ বাস্তৱবাদী দৃষ্টিভংগীক ওপৰত দিয়া ধৰণে সমালোচনা কৰা হয় যদিও এই দৃষ্টিভংগীত একেবাৰে গুৰুত্বহীন হিচাপে বিবেচনা কৰা উচিত নহয়। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়নত এই দৃষ্টিভংগীক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা • কৰা হয়। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ৰক্ষাৰ বিষয়ত আদর্শবাদী দৃষ্টিভংগীক গুৰুত্ব দিয়া হয় যদিও দ্বিতীয় মহাসমৰৰ অভিজ্ঞতাৰ পৰা দেখা যায় যে এই বিষয়ত ক্ষমতাৰ ভূমিকাক কেতিয়াও আওকাণ কৰিব নোৱাৰি। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত ক্ষমতাই যে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে, এই বিষয়ে বাস্তৱবাদী দৃষ্টিভংগীয়ে প্ৰকাশ কৰিছে। সেয়েহে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়নত মৰগেনথ'ৰ ধাৰণাকে প্রথম পদক্ষেপ হিচাপে বিবেচনা কৰিব পাৰি। থম্পছনৰ মতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়নক মৰগেনথ' আৰু তেওঁৰ সমালোচকসকলৰ মাজত সৃষ্টি হোৱা বিতর্ক হিচাপে বিবেচনা কৰিব পাৰি।

খ) আদর্শবাদী দৃষ্টিভংগীৰ পৰিৱৰ্তে পদ্ধতিগত দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দিয়াটোক মৰগেনথ'ৰ দ্বিতীয় অৱদান হিচাপে উল্লেখ কৰিব পাৰি। মৰগনেথ'ৰ ধাৰণাই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়নৰ বিষয়ত তেওঁৰ পিছৰ চিন্তাবিদসকলক ভালেখিনি উৎসাহ দিছে। অর্থাৎ আদর্শবাদী দৃষ্টিভংগী আৰু ব্যৱস্থাপক দৃষ্টিভংগীৰ মাজত তেওঁক যোগসূত্র হিচাপে অভিহিত কৰা হয়।

গ) শেষত, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়নত ক্ষমতাৰ ধাৰণাৰ ওপৰত গুৰুত্ব দিয়াটোকে মৰগেনথ'ৰ আন এটা অন্যতম অৱদান হিচাপে উল্লেখ কৰা হয়। তেওঁৰ দৃষ্টিভংগীয়ে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰকৃত আলোচনাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু ইয়াৰ অধ্যয়নৰ বিষয়ত ভাৰসাম্য ৰক্ষা কৰাত 'তেওঁৰ দৃষ্টিভংগীয়ে ভালেখিনি বৰঙণি যোগাইছে। সেয়েহে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যয়নৰ বিকাশত মৰগেনথ'ৰ ধাৰণাৰ গুৰুত্বপূৰ্ণ বৰঙণি থকা হিচাপে বিবেচনা কৰা হয়।

Q. 4 | সনাতন উদাৰতাবাদ

উত্তৰঃ হেলৱেল নামৰ এজন বিশিষ্ট চিন্তাবিদে পুৰণি উদাৰতাবাদৰ মূল ধাৰণাবিলাক এইদৰে দাঙি ধৰিছে -

ক) এই মতবাদে সকলো মানুহৰ সমতা আৰু মানুহৰ ব্যক্তিত্ব মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

খ) ইয়াৰ মতে ব্যক্তিৰ ইচ্ছাৰ স্বাধীনতা থাকিব লাগিব।

গ) ই মানুহৰ বিবেক আৰু সততাত বিশ্বাস কৰে।

ঘ) এই মতবাদে বিশ্বাস কৰে যে মানুহৰ কিছুমান অধিকাৰ থাকিব লাগিব, যিবিলাক কোনেও খৰ্ব কৰিব নোৱাৰে। সেইবিলাক হ'ল জীৱন, স্বাধীনতা আৰু সম্পত্তিৰ অধিকাৰ।

ঙ) মানুহৰ প্ৰাকৃতিক অধিকাৰবিলাক ৰক্ষা কৰিবৰ বাবে জনমতৰ ভিত্তিত ৰাষ্ট্ৰ গঠন কৰিব লাগিব। ই মানুহৰ পূৰ্ণস্বাধীনতাৰ পক্ষপাতী।

Q. 5 | উদাৰতাবাদৰ গুৰুত্ব

উত্তৰঃ অন্যতম ৰাষ্ট্ৰদৰ্শন হিচাপে উদাৰতাবাদৰ অপৰিসীম মূল্য আছে। ৰাজনীতি‌ বিজ্ঞানৰ বিকাশৰ ক্ষেত্ৰত ইয়াৰ অৱদান কোনেও নুই কৰিব নোৱাৰে। তলত ইয়াৰ‌ গুৰুত্বসমূহ উল্লেখ কৰা হ'ল-

ক) ৰাষ্ট্ৰচিন্তাৰ ক্ষেত্ৰত ই এটা নতুন বিচাৰবোধ আৰু চিন্তাধাৰাৰ সূচনা কৰিছে বুলি ক'ব পাৰি।

খ) প্রচলতি বিশ্বাস আৰু কর্তৃত্বৰ বিৰুদ্ধে উদাৰতাবাদেই হ'ল প্রথম প্রতিক্রিয়া।

গ) ৰক্ষণশীল আৰু ঐতিহ্যগত ধাৰণাৰ পৰিৱৰ্তে ইয়েই প্রথম প্রতিক্রিয়া।

ঘ) এই মতবাদে গণতান্ত্রিক ধ্যান-ধাৰণা আৰু আদৰ্শৰ প্ৰতি অবিচল আস্থা পোষণ কৰিছে।

ঙ) সাম্য, স্বাধীনতা আৰু মৈত্ৰীৰ বাণী এই দৰ্শনত প্রথম উচ্চাৰিত হয়।

চ) মানুহৰ স্বাধীনতা আৰু শাশ্বত ইচ্ছাৰ ধাৰণাক ই সমর্থন কৰে।

ছ) মানৱতাবোধৰ দৰ্শনৰ প্ৰতি ইয়াৰ আৱেদন তাৎপর্যপূর্ণ।

জ) উদাৰতাবাদ গণতান্ত্রিক সংগঠন আৰু চিন্তাধাৰাৰ সমৰ্থক। জনসাধাৰণৰ সন্মতি আৰু সাৰ্বভৌম অধিকাৰৰ নীতিতো ইয়াৰ গভীৰ বিশ্বাস আছে।





ৰচনাধৰ্মী আৰ্হি প্রশ্নোত্তৰ ( Board Questions Answers) : Mark — 10

Q. 1 | আন্তর্জাতিক সম্পর্ক কি? ইয়াৰ প্ৰকৃতি পৰিসৰ আলোচনা কৰা।

উত্তৰঃ পোনতে ওঠৰশ শতিকাত জেৰেমী বেন্থামে জাতিসমূহৰ আইনক বুজাবলৈ 'আন্তর্জাতিক' বা 'আন্তঃৰাষ্ট্ৰীয়' শব্দ প্রয়োগ কৰিছিল আৰু তাৰ পাছত সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ মাজৰ আনুষ্ঠানিক সম্পৰ্কক বুজাবলৈ আন্তর্জাতিক সম্পর্ক পৰিভাষাৰ প্ৰয়োগ হয়। কিছুমান গৱেষকে আন্তর্জাতিক সম্পৰ্কৰ ভিতৰত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সম্পর্ককো অন্তর্ভুক্ত কৰিব বিচাৰে। গতিকে আন্তর্জাতিক সম্পৰ্কৰ অৰ্থৰ ক্ষেত্ৰত দুটা দৃষ্টিকোণ আছে, যেনে প্রথমতে, যিসকলে ঠেক অর্থত বিষয়টো পর্যালোচনা কৰিব বিচাৰে, তেওঁলোকৰ মতে কেৱল ৰাষ্ট্ৰীয় নির্বাচিত শীর্ষ নেতাসকলৰ আনুষ্ঠানিক সম্পর্কই হ'ল, আন্তঃৰাষ্ট্ৰীয় সম্পর্ক।
চাৰ্লছ পি শ্লেচাৰৰ মতে আন্তর্জাতিক সম্পর্কই সকলো ৰাষ্ট্ৰৰ ৰাজনৈতিক আৰু অৰাজনৈতিক সম্পৰ্কসমূহক অধ্যয়ন কৰে। পার্লমাৰ আৰু পাৰ্কিনছে এই বিষয়ক 'International Relations' বুলি অভিহিত কৰি মত দিছে যে ই ঘাইকৈ ৰাষ্ট্ৰব্যৱস্থাৰ বিশদ অধ্যয়ন চলায়।

চমুকৈ ক'বলৈ হ'লে আন্তঃৰাষ্ট্ৰীয় সম্পর্কই এক বিষয় হিচাপে যে কেবল জাতি ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধি বা নেতৃবৃন্দই অন্যান্য ৰাষ্ট্ৰসমূহৰ লগত ৰক্ষা কৰা আনুষ্ঠানিক সম্পর্ককেই অধ্যয়ন কৰে তেনে নহয়, বৰং সার্বভৌম ৰাষ্ট্ৰীয় নীতিক প্রভাৱান্বিত কৰা বিভিন্ন অৰাজনৈতিক সংস্থা, গোষ্ঠী, সংগঠন, অনুষ্ঠান-প্রতিষ্ঠানাদিৰ সম্পর্ককো অধ্যয়নৰ বিষয়বস্তু হিচাপে সামৰি লয়।
আন্তর্জাতিক সম্পৰ্কৰ প্ৰকৃতিঃ আন্তর্জাতিক ৰাজনীতিৰ প্ৰকৃতি আৰু ৰাজনীতিৰ
প্ৰকৃতিৰ মাজত মূলতঃ কোনো প্রভেদ নাই। মৰগেনথ'ৰ মতে অন্যান্য ৰাজনীতিৰ দৰে, আন্তর্জাতিক ৰাজনীতিও ক্ষমতাৰ বাবে চলোৱা সংগ্রাম। ক্ষমতা আহৰণ আৰু প্রয়োগ, সকলো ৰাজনীতিৰেই প্রধান উদ্দেশ্য। আন্তর্জাতিক ৰাজনীতিৰ প্ৰকৃতি সম্পর্কে তলত আলোচনা কৰা হ'ল।
ক) জাতিৰাষ্ট্ৰই আন্তর্জাতিক সম্পৰ্কৰ প্ৰাথমিক গোট: কোনো এখন বিশেষ ৰাষ্ট্ৰৰ ৰাজনীতি যিদৰে ব্যক্তি বিশেষ আৰু ব্যক্তি সমষ্টিৰ পাৰস্পৰিক আন্তঃক্রিয়া আৰু সম্পৰ্কৰ আধাৰত গঢ়ি উঠে, ঠিক তেনেদৰে, বিশ্বপৰিক্ৰমাত জাতি ৰাষ্ট্ৰসমূহৰ পাৰস্পৰিক সম্পৰ্ক আৰু আন্তঃক্ৰিয়াৰ ভিত্তিত আন্তর্জাতিক সম্পর্ক গঢ়ি উঠে। জাতি ৰাষ্ট্ৰসমূহক প্রাথমিক একক হিচাপে লৈ আন্তর্জাতিক ৰাজনীতিৰ বুনিয়াদ গঢ়ি উঠে।
খ) জাতীয় স্বার্থপূৰণৰ উদ্দেশ্য: আন্তর্জাতিক ৰাজনীতিৰ অন্যতম প্রধান বৈশিষ্ট্য হ'ল জাতীয় স্বার্থ। জাতীয় স্বার্থপূৰণেই আন্তর্জাতিক ৰাজনীতিৰ প্ৰধান' উদ্দেশ্য। আন ৰাষ্ট্ৰৰ সৈতে সম্পর্ক স্থাপনৰ ক্ষেত্ৰত প্ৰত্যেক ৰাষ্ট্ৰই নিজৰ জাতীয় স্বার্থপূৰণকেই প্রথম অগ্রাধিকাৰ দিয়ে।
গ) সংঘাত আন্তর্জাতিক সম্পৰ্কৰ প্ৰধান চৰ্ত: প্রত্যেক ৰাষ্ট্ৰৰ জাতীয় স্বাৰ্থৰ স্বকীয়ত্ব আছে। এই স্বকীয়ত্বই আন ৰাষ্ট্ৰৰ জাতীয় স্বাৰ্থৰ লগত বিৰোধ সৃষ্টি কৰিব পাৰে, এই বিৰোধ কেতিয়াবা সংঘৰ্ষলৈ ৰূপান্তৰিত হয়। জাতীয় স্বাৰ্থৰ বিৰোধ পূর্ণ সম্পর্ক আন্তর্জাতিক সংঘাতৰ প্ৰধান কাৰণ।
ঘ) ক্ষমতাই জাতীয় স্বার্থপূৰণৰ মাধ্যমঃ দ্বন্দ্বাত্মক বা সংঘাটপূর্ণ পৰিস্থিতি প্রত্যেক ৰাষ্ট্ৰই জাতীয় স্বার্থপূৰণত গুৰুত্ব আৰোপ কৰে। জাতীয় স্বার্থপূৰণৰ মূল মাধ্যম বা উপায় হ'ল ক্ষমতা প্রয়োগ। সেয়েহে সকলো ৰাষ্ট্ৰই জাতীয় সুৰক্ষা, সমৃদ্ধি, উন্নয়ন আৰু নিৰাপত্তাৰ বাবে ক্ষমতা আহৰণ, ক্ষমতা সংৰক্ষণ আৰু ক্ষমতা প্রয়োগ কৰিব বিচাৰে।
ঙ) সংঘৰ্ষৰ নিৰাময় আন্তর্জাতিক ৰাজনীতিৰ এক প্ৰক্ৰিয়া : পাৰস্পৰিক মতবিৰোধ, বিবাদ আৰু সংঘৰ্ষ আন্তর্জাতিক ৰাজনীতিৰ সহজাত বৈশিষ্ট্য স্বৰূপ। বর্তমান কোনো বন্ধুৰাষ্ট্ৰ জাতীয় স্বাৰ্থৰ বিৰোধৰ বাবে, শত্রু ৰাষ্ট্ৰলৈও ৰূপান্তৰিত হ'ব পাৰে। সংঘৰ্ষৰ সূত্রপাত নহ'লে ৰাষ্ট্রক্ষমতাৰ কাৰ্য হ্রাস পায়। সংঘর্ষ, আন্তর্জাতিক ৰাজনীতিৰ আধাৰ, বিবাদ আৰু সহযোগিতাৰ মূল উৎস।
আন্তর্জাতিক সম্পৰ্ক অধ্যয়নৰ বিষয়বস্তু: ইতিমধ্যে আন্তর্জাতিক সম্পৰ্কৰ অৰ্থ আৰু ইয়াৰ ক্ৰমবিকাশৰ আলোচনাত বিষয়টোৰ বিষয়বস্তু আৰু অধ্যয়নৰ পৰিসৰ সম্পর্কে কিছু কথা প্রকাশ পাইছে। ওপৰৰ আলোচনাখিনিৰ পৰা দেখা গৈছে যে ক্ষমতা, জাতীয় স্বার্থ, আন্তর্জাতিক বিবাদ, সংঘর্ষ, সহযোগিতা, বৈদেশিক নীতি, জাতীয়তাবাদ, এলেকাসমূহৰ বিবাদ আৰু যুদ্ধ, সাম্রাজ্যবাদ, বিশ্ব ৰাজনীতি, সামৰিকবাদ, সশস্ত্ৰীকৰণ, নিৰস্ত্ৰীকৰণ, সামূহিক নিৰাপত্তা, ক্ষমতাৰ ভাৰসাম্য, মতাদর্শ, দুই বিশ্বযুদ্ধৰ আগৰ আৰু পাছৰ আন্তর্জাতিক সম্পর্ক, মহাশক্তিধৰ দেশৰ নীতি, আন্তর্জাতিক অর্থনীত, কূটনীতি, আন্তর্জাতিক সংগঠন, ভূ-ৰাজনীতি এই আটাইবোৰেই আন্তর্জাতিক ৰাজনীতিৰ বিষয়বস্তু? বৈদেশিক সম্পৰ্ক পৰিষদে ১৯৪৭ চনৰ এটা প্রতিবেদনত, আন্তর্জাতিক ৰাজনীতিৰ পৰিসৰৰ সংক্ৰান্তত পাঁচটা উপাদানৰ কথা উল্লেখ কৰিছে যেনে (ক) ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰকৃতি আৰু কাৰ্যাৱলী (খ) ৰাষ্ট্রক্ষমতাক প্ৰভাৱান্বিত কৰা উপাদানসমূহ (গ) বৃহৎ ৰাষ্ট্ৰসমূহৰ বৈদেশিক নীতি (ঘ) সমসাময়িক আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ইতিহাস (ঙ) এখন সুস্থিৰ বিশ্ব সমাজ ব্যৱস্থা প্ৰতিষ্ঠাৰ পৰিকল্পনা। তদুপৰি ১৯৫৪ চনত 'Carnegie Endowment for International Peace' নামৰ এক সংস্থাই চলোৱা এটা জৰীপ কাৰ্যৰ প্ৰতিবেদনত ভিনচেণ্ট বেকাৰে আন্তর্জাতিক ৰাজনীতিৰ পৰিসৰৰ সন্দৰ্ভত আন কেইটামান নব্য উপাদান সংযোগ কৰিছে, যেনে-
  • ক) আন্তর্জাতিক ৰাজনীতিৰ প্ৰধান প্ৰেৰণাদায়ী আদর্শ শক্তি তথা উপাদানসমূহ খ) আন্তর্জাতিক জীৱনধাৰাৰ লগত জড়িত ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক সংগঠনসমূহ
  • গ) ৰাষ্ট্ৰীয় ক্ষমতাৰ উপাদানসমূহ
  • ঘ) জাতীয় স্বাৰ্থৰ আহিলাসমূহ
  • ঙ) ৰাষ্ট্ৰীয় ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু সীমাবদ্ধতা
  • চ) বিশ্বৰ ক্ষমতাশালী দেশবোৰৰ বৈদেশিক নীতি

Q. 2 | নব্য উদাৰতাবাদ কি? ইমানুৱেল কাণ্টৰ নব্য উদাৰতাবাদ ব্যাখ্যা কৰা।


উত্তৰঃ উদাৰতাবাদৰ এক দীঘলীয়া ঐতিহাসিক পৰম্পৰা আছে আৰু একবিংশ শতিকাতো ইয়াৰ বিৱৰ্তন অব্যাহত আছে। বিশ্বায়ন প্রবাহ আৰু মুক্ত অর্থনৈতিক ব্যৱস্থা প্ৰৱৰ্তনৰ পৰিপ্ৰেক্ষিতত একাংশ উদাৰতাবাদী চিন্তাবিদে মতপ্রকাশ কৰিছে যে বিশ্বায়ন আৰু মুক্ত' ব্যৱসায়ীক অর্থনীতিয়ে সম্প্রতি জাতিৰাষ্ট্ৰ আৰু আন্তর্জাতিক. সম্পৰ্কত যথেষ্ট প্রভাৱ পেলাইছে। সত্তৰ আৰু আশীৰ দশকত এইসকল নব্য উদাৰতাবাদীৰ উদ্ভৱ হৈছে। চি বি ম্যাকফাৰছন, টি ফ্রায়েডম্যাতা, জন ৰাউলছ, ফ্রান্সিচ ফাকুৱামা আৰু কে অমা আদি নব্য উদাৰতাবাদীসকলে মুক্ত অর্থনৈতিক ব্যৱস্থাৰ পোষকতা কৰিছে আৰু অৰ্থনৈতিক জীৱনত ৰাষ্ট্ৰৰ হস্তক্ষেপ আৰু নিয়ন্ত্ৰণ হ্রাস কৰাৰ পৰামৰ্শ দিছে। তেওঁলোকে যুক্তি দিছে যে বিশ্বায়নৰ ব্যাপক প্ৰসাৰণে ৰাষ্ট্ৰসাৰ্বভৌমত্বক অর্থহীন কৰি তুলিছে। কিয়নো মুক্ত বাণিজ্যিক ব্যৱস্থাই ৰাষ্ট্ৰীয় পৰিধি ভাঙি, বিশ্বায়তনিক' পৰ্যায়ত ব্যৱসায়িক পৰিমণ্ডল সৃষ্টি কৰিছে। ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত, নব্য উদাৰতবাদী দর্শন অধিক জনপ্রিয় আৰু শক্তিশালী হৈ উঠে। নব্য উদাৰতাবাদী সকলে যুক্তি দিছে যে ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰীয়ত্ব অর্থনীতি তথা সম্পদৰ ৰাষ্ট্ৰীয় মালিকীস্বত্বই ছোভিয়েট ইউনিয়নৰ অর্থনীতি ভাগি পেলাইছিল আৰু জনগোষ্ঠীয় দ্বন্দ্ব আৰু সংঘাত তীব্ৰতৰ হৈ উঠিছিল। তেওঁলোকৰ মতে ৰাষ্ট্ৰীয় মালিকীস্বত্ব আৰু সংৰক্ষণ ব্যৱস্থাত ব্যাপক দুর্নীতি, ভ্রষ্টাচাৰ আৰু কুশাসন চলে। কিন্তু তাৰ বিপৰীতে অর্থনৈতিক, উদাৰতাবাদ আৰু কম শাসন কৰা সীমিত ৰাষ্ট্ৰই তৃণমূল পর্যায়লৈ অর্থনৈতিক উন্নয়ন সাধন কৰিব পাৰে।
       ইমানুৱেল কাণ্টৰ উদাৰ দৃষ্টিকোণঃ বিশ্বত স্থায়ী শান্তি আৰু নিৰাপত্তা আৰু পাৰস্পৰিক সহযোগিতা কিদৰে সম্ভৱ কৰি তুলিব পাৰি তাকেই উদাৰ দৃষ্টিংগীসমূহে বিশ্লেষণ কৰিছে। জার্মান দার্শনিক ইমানুৱেল কান্তে ২০০ বছৰ পূৰ্বে ইয়াৰ তিনিটা উত্তৰ দিছিল। প্রথম আদর্শ অনুযায়ী ৰাষ্ট্ৰসমূহে পাৰস্পৰিক সহযোগিতামূলক বিশ্বযুক্তৰাষ্ট্ৰ গঠন কৰি বিশ্বত স্থায়ী শান্তিৰ বাতাবৰণ সৃষ্টি কৰিব পাৰে। কাণ্টৰ দ্বিতীয় আদর্শ ৰাষ্ট্ৰৰ আভ্যন্তৰীণ গাঁথনি বা চৰকাৰী অংগৰ প্ৰকৃতিৰ ওপৰত আধাৰিত। কান্টে যুক্তি দিছে যে বিশ্বযুক্তৰাষ্ট্ৰ গঠন হ'লে ৰাষ্ট্ৰসমূহে নিশ্চিতভাৱে ক্ষুদ্র জাতীয় স্বাৰ্থতকৈ বিশ্বজনগণৰ বুদ্ধিৰ স্বাৰ্থ পূৰণতহে অধিক গুৰুত্ব দিব। তেওঁৰ মতে যুদ্ধৰ পৰিৱৰ্তে আন্তর্জাতিক সহযোগিতাইহে বিশ্বসম্প্ৰদায়ৰ উমৈহতীয়া স্বার্থ ফলপ্রদভারে পূৰণ কৰিব পাৰে। বাস্তৱবাদ অনুযায়ী বিশ্ব নিৰাপত্তাৰ একমাত্র ন্যায্য উপায় হ'ল - যুদ্ধ, ক্ষমতা আৰু হিংসা। কিন্তু উদাৰতাবাদ অনুযায়ী যুদ্ধ নহয়, সহযোগিতা আৰু বন্ধুত্বইহে যুক্তিযুক্ত আৰু সহযোগিতাৰে স্থায়ী শান্তি আৰু নিৰাপত্তা প্রতিষ্ঠা কৰিব পাৰে। গতিকে যুদ্ধৰ সৃষ্টিকাৰী ৰজাসকলৰ কাৰ্যাৱলী নিয়ন্ত্ৰণৰ বাবে কার্যক্ষম বিধানমণ্ডলৰ প্ৰয়োজন। কান্তে সেয়েহে স্বৈৰতন্ত্ৰৰ পৰিৱৰ্তে গণতান্ত্রিক প্রজাতন্ত্ৰৰ পোষকতা কৰিছে। ক্ষমতাৰ বণ্টন আৰু ভাৰসমতা, পুনৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থাই এজনীয়া একনায়কত্ববাদী শাসনত নিয়ন্ত্রণ আৰোপ কৰিব পাৰে। সেয়েহে স্থায়ী শান্তিৰ বাবে গণতন্ত্ৰৰ কোনো বিকল্প নাই। গণতান্ত্রিক আদর্শত প্রতিষ্ঠিত দায়বদ্ধ শাসন ব্যৱস্থাই, শান্তিপূর্ণ বন্ধুত্বপূর্ণ, সম্পৰ্কৰ আধাৰত এক ঐক্যবদ্ধ বিশ্বসম্প্রদায় প্রতিষ্ঠা কৰিব পাৰিব বুলি কাণ্ট আশাবাদী।

Q. 3 | কেনেথ ৱাল্টজৰ বাস্তৱবাদী তত্ত্বটো আলোচন কৰা।

উত্তৰঃ থুচীদাইড‌্চ, মেকিয়াভেলী আৰু হব ধ্রুপদী বাস্তৱবাদ আৰু মৰগেনথ'ৰ নব্য সংস্থাপিত বাস্তৱবাদৰ বিপৰীতে সত্তৰৰ দশকৰ শেষত কেনেথ ৱাল্টজৰ পৃষ্ঠপোষকতাত নব্য বাস্তৱবাদী চিন্তাধাৰাৰ উন্মেষ ঘটে। ৱাল্টজে তেওঁৰ পূৰ্বৰ বাস্তৱবাদীসকলৰ ধাৰণাৰ পৰা কিছু সমল, আহৰণ কৰি ৰাজনৈতিক বাস্তৱবাদৰ এক নতন বিশ্লেষণ আগ বঢ়াইছে। তেওঁ মেকিয়াভেলী, হবচ আৰু মৰগেনথ'ৰ প্ৰতিষ্ঠান কেন্দ্রিক বাস্তৱবাদ প্রত্যাখ্যান কৰি এক বৈজ্ঞানিক দৃষ্টিভংগী গ্রহণ কৰে। তেওঁ মানর প্ৰকৃতি আৰু ৰাষ্ট্ৰ ক্ষমতাৰ ধাৰণাত গুৰুত্ব দিয়া নাই। তেওঁ অর্থনীতিৰ প্রত্যক্ষবাদী আৰ্হিৰ ভিত্তিত ৰাজনৈতিক ব্যৱস্থাৰ গঠন, ধাৰাবাহিকতা আৰু পৰিৱৰ্তন বিশ্লেষণ কৰিছে। নব্য বাস্তৱবাদত ক্ষমতাৰ আপেক্ষিক বিতৰণ বিশ্লেষণ কেন্দ্রীয় বিষয়। এই বিশ্লেষণত নেতাৰ ভূমিকাতকৈ ব্যৱস্থা ভূমিকাই গুৰুত্ব লাভ কৰে। ৱাল্টজৰ মতে, সংস্কৃতি মতাদর্শ সংবিধান আৰু ব্যক্তি নেতৃত্বৰ ক্ষেত্ৰত প্রভেদ থাকিলেও ৰাষ্ট্ৰসমূহে একেধৰণৰ কাম কাজ সম্পন্ন কৰে। ৰাষ্ট্ৰসমূহৰ মাজত প্রভেদ পৰিলক্ষিত হয় কেৱল সামর্থ্য কৰা সক্ষমতাৰ ওপৰত। ৱাল্টজে আন্তর্জাতিক ৰাজনীতিত দ্বিমেৰযুক্ত ব্যৱস্থা আৰু বহুমেঝযুক্ত‌‌ ব্যৱস্থাৰ মাজত প্রভেদ দেখুৱাইছে। দ্বিমেৰুযুক্ত ব্যৱস্থা শীতল যুদ্ধৰ সময়ছোৱাত আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত উদ্ভৱ হৈছিল আৰু বর্তমানো তেনে ব্যৱস্থা চলি আছে। ৱাল্টজৰ মতে দ্বিমেৰু বিভক্ত ব্যৱস্থা বহুমেৰু ব্যৱস্থাতকৈ অধিক শাড়ি‌ আৰু নিৰাপত্তাৰ নিশ্চয়তা প্রদান কৰিব পাৰে। সেই হিচাপে শীতলযুদ্ধৰ সময়ছোৱাৰ‌‌ আন্তর্জাতিক শান্তি আৰু সুস্থিৰতাৰ সময় বুলি ক'ব পাৰি। কিন্তু ছোভিয়েট ইউনিয়ন আৰু আমেৰিকাই ১৯৯০ চনত আন্তর্জাতিক সামৰিক বৈৰিতা আৰু প্রতিযোগিতাৰ অৱসান ঘটাই দ্বিমেৰুকৰণ আৰু শীতল যুদ্ধৰ সামৰণি ঘটোৱাৰ ফলত ৱাল্টজয়‌ সংশোধনৰ প্ৰয়োজন হয়। ব্রাল্টজে জাতীয় স্বার্থক এক স্বয়ংচালিত সংকেত বুলি অভিহি‌ কৰিছে আৰু এই সংকেতে দিয়া নির্দেশ মৰ্মেহে ৰাষ্ট্রনেতাসকল জাতীয় স্বার্থ ৰক্ষাৰ দিশত আগ বাঢ়িব লাগে। গতিকে মৰগ্‌নেথ'ৰ মতে জাতীয় স্বার্থই দিয়া নির্দেশ-মমে‌ বৈদেশিক নীতি নির্ধাৰণ কৰিবলৈ নেতাসকল বাধ্য আৰু জাতীয় স্বার্থৰক্ষাত ব্যৰ্থ হ'লে‌ নেতাসকল গৰিহণাৰ যোগ্য হয়। ৱাল্টজৰ মতে এই ক্ষেত্ৰত অৰ্থাৎ, জাতীয় স্বার্থ সাপেক্ষে বৈদেশিক নীতি নির্ধাৰণ কৰাৰ বিষয়ত ৰাষ্ট্ৰনেতাসকল স্বয়ংচালিত যন্ত্ৰৰ দৰে আগ বাড়ে, তাত আন কাৰো নিয়ন্ত্রণ নাথাকে আৰু সফলতাৰ বাবে পুৰস্কাৰ ৰ‌ বিফলতাৰ বাবে গৰিহণাৰ প্ৰশ্নও তাত জড়িত হৈ নাথাকে। গতিকে ৰাষ্ট্ৰবোৰ আন্তর্জাতিক ব্যৱস্থাৰ গাঁথনি, এই গাঁথনিবোৰৰ ওপৰত কোনো ব্যক্তিগত প্রভাৱ নপৰে বৰং এইবোৰ‌‌ আন্তর্জাতিক ৰাজনীতিৰ স্বয়ং চালিত যন্ত্ৰৰ দৰে পৰিচালতি হয়, অর্থাৎ ৰাষ্ট্ৰবোৰ প্রতিক্ৰিয়াৰ একক হিচাপে আন্তর্জাতিক ব্যৱস্থাৰ প্ৰতিহে প্রতিবেদনশীল।

Q. 4 | আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নাৰীবাদী দৃষ্টিভংগীটো আলোচনা কৰা।


উত্তৰঃ আন্তর্জাতিক সম্পৰ্কত নাৰীবাদী তত্ত্বই এইটো প্ৰতিপন্ন কৰিব বিচাৰে যে‌ বিশ্ব ৰাজনীতিৰ প্ৰক্ৰিয়াত মহিলা বা নাৰীসকল সদায় উপেক্ষিত। সামাজিক তত্ত্ব হিচাপে নাৰীবাদ নতুন তত্ত্ব নহয় যদিত ১৯৮০ চন মানৰ পিছৰ পৰাহে আন্তর্জাতিক সম্পৰ্কৰ অধ্যয়নত এনে তত্ত্বই বিশেষ গুৰুত্ব আৰু প্ৰাসংগিকতা লাভ কৰা দেখা গৈছে। অৱশ্যে সামাজিক তত্ত্ব বা ধাৰণা হিচাপে নাৰীবাদৰ বিভিন্ন মতবাদ, যেনে- উদাৰতাবাদ, মার্ক্সবাদ, সংস্কাৰমুখী, উত্তৰ-আধুনিকতাবাদী আদি ৰূপত গঢ়ি উঠা পৰিলক্ষিত হৈছে। নাৰীবাদ তত্ত্বৰ প্ৰবক্তাসকলৰ মাজতে বহুতো আদর্শগত প্রভেদ আৰু বিৰোধিতা পলিক্ষিত হয়। মার্ক্সবাদী ভাবাদর্শই প্ৰভাৱিত কৰা নাৰীবাদে সমাজৰ নাৰীৰ শোষণ, দমন উল্লেখ কৰি অধিকাৰ প্ৰতিষ্ঠাৰ সংকল্প দোহাৰে। উত্তৰ আধুনিকতাবাদী নাৰীবাদে পুৰুষ আৰু নাৰীৰ মাজত কামৰ বিভাজনক আৰু জৈৱিক প্ৰাৰ্থক্যক কিদৰে সামাজিক মান্যতা দি নাৰীক অধিকাৰৰ পৰা বঞ্চিত কৰে তাৰ আলোচনা কৰে। কিন্তু এনে সকলো নাৰীবাদী তত্ত্বৰ ঘাই কথা হ'ল সামাজিক, সাংস্কৃতিক অথবা অন্যান্য আধাৰত নাৰীৰ ওপৰত পুৰুষৰ শোষণ গৰিহণাযোগ্য। আন্তর্জাতিক সঙ্কৰ নাৰীবাদী তত্ত্বই, এইটো প্ৰতিপন্ন কৰিব বিচাৰে যে আন্তর্জাতিক সম্পৰ্কৰ ইতিহাস, গাঁথনি আৰু জ্ঞান সকলো লিংগ বৈষম্যধর্মী। যুদ্ধ, শান্তি, নিৰাপত্তা, সহযোগিতা, কূটনীতি, বৈদেশিক নীতি, প্ৰচাৰ কাৰ্য আদিয়ে প্রাচীন কালৰে পৰা আন্তর্জাতিক সম্পৰ্কৰ অধ্যয়নক প্ৰভাৱিত কৰি আহিছে। নাৰীবাদী তত্ত্বৰ মতে, আন্তর্জাতিক সম্পৰ্কৰ এনে বিষয়বোৰে পুৰুষতান্ত্রিকতাক প্রতিফলিত কৰে। উদাহৰণ স্বৰূপে ৰাষ্ট্ৰৰ সামৰিক নিৰাপত্তা সম্পৰ্কীয় বাস্তৱবাদী তত্ত্বই ক'বলৈ বিচাৰে যে এনে আন্তর্জাতিক ব্যৱস্থা নৈৰাজ্যৰ ওপৰত প্ৰতিষ্ঠিত, কাৰণ ইয়াত পুৰুষতান্ত্রিকতাৰ আধিপত্য নিহিত হৈ থাকে। আন্তর্জাতিক ৰানীতিৰ এনে পুৰুষ আধিপত্য আৰু নাৰী বৈষম্য স্তৰ ক্ৰমৰ আধাৰত গঢ় লৈ উঠে। ক্রীষ্টাইন চিলভেষ্টাৰে এই প্ৰসংগত যুক্তি দর্শায় যে তেওঁৰ গ্ৰন্থ 'Feminist Theory of International Relations in a Post-modern era (1974)' ব্যাখ্যা কৰিছে যে এনে বাস্তৱবাদী ধাৰণাই বাহ্যিক শক্তি আৰু ভাবুকিৰ পৰা নিৰপত্তা সুনিশ্চিত কৰাটো বিচাৰে যাৰ জৰিয়তে ঘৰুৱা ক্ষেত্রকো‌‌ নিৰাপত্তা প্ৰদান কৰাৰ নামত নাৰী বৈষম্য/লিংগ বৈষম্য আৰু দমন এটা মূল্যবোধ হৈ পৰে। ফলত নাৰী বৈষম্যৰ নামত মহিলাৰ বিৰুদ্ধে দমন, উৎপীড়ন প্রকট হৈ পৰে। নাৰীবাদী তত্ত্বই আঙুলিয়াই দিয়ে যে যুদ্ধ-বিগ্রহত সদায় পুৰুষে জড়িত হৈ পৰে যদিও মহিলা এনে যুদ্ধত বেছিকৈ ক্ষতিগ্রস্ত হয়। মহিলাসকলে যুদ্ধ-বিগ্রহৰ সময়ত ঘৰুৱা কাম-কাজ, চিকিৎসা সেৱা, মনস্তাত্তিক উৎসাহ যোগোৱা আদি বিভিন্ন সেৱা আগবঢ়ায়। ইনলাৱে আন্তর্জাতিক শব্দক বৈপ্লৱিক নাৰীবাদৰ সৈতে সম্পর্কিত কৰি ক'ব বিচাৰিছে 'Personal is political to make it personal is political and International.' আন্তর্জাতিক সম্পৰ্কৰ অধ্যয়নেও ব‍্যক্তিগত জীৱন আৰু অস্তিত্বক সামৰি লয় যদিও ইয়াৰ ওপৰত প্ৰায়ে আলোচনা কৰা নহয়। নাৰীবাদী লেখকসকলে ক'বলৈ বিচাৰে যে কিদৰে ৰাষ্ট্ৰ আৰু আন্তর্জাতিক সমাজৰ গঠনে কিদৰে সমাজৰ লিংগ বৈষম্যৰ সৃষ্টি কৰি ইয়াৰ সামাজিক মান্যতা দিছে। উদাহৰণস্বৰূপে ব্যক্তিগত, ৰাজহুৱা, ৰাষ্ট্ৰ, সমাজ আদিৰ পুৰুষতান্ত্রিক বিভাজনে নাৰীক ঘৰুৱা কাম-কাজত আবদ্ধ হৈ থাকিবলৈ বাধ্য কৰাইছে। আন্তর্জাতিক সম্পৰ্কৰ অধ্যয়নত নাৰীবাদী তত্ত্বই যথেষ্ট মহত্ত্ব বহন কৰে। এনে অধ্যয়নে লিংগভিত্তিক গৱেষণা আৰু তত্ত্বৰ জৰিয়তে নাৰীৰ বিৰুদ্ধে চলা বিভিন্ন উৎপীড়ন, শোষণ আৰু দমনক সঠিকভাৱে নাগৰিক সমাজৰ নজৰলৈ আনিব পাৰিছে। সমাজৰ বিভিন্ন স্তৰত বিভিন্ন ৰূপত গা কৰি উঠা যে এনে লিংগ বৈষম্যৰ বিৰুদ্ধে 'বিশ্ব জনমত গঢ়ি তোলাত এনে তত্ত্বৰ ভূমিকাক আওকাণ কৰিব নোৱাৰি। বিভিন্ন দেশে ৰাজনৈতকি ক্ষেত্ৰ আৰু অৰ্থনীতিত মহিলাৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা লৈছে। ভাৰতৰ কেবাখনো ৰাজ্যত স্থানীয় নিকায়বোৰত মহিলাৰ বাবে এক শতাংশ • আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। অকল পুৰুষতান্ত্রিক গাঁথনিৰ সলনিৰ দ্বাৰাহে নাৰীৰ বিৰুদ্ধে চলা বৈষম্য আৰু শোষণ নির্মূল কৰা সম্ভৱ। নাৰীক সামাজিকভাৱে আৰু অর্থনৈতিকভাৱে সবল কৰিহে এনে পুৰুষতান্ত্রিক মানসিকতা সলনি কৰাটো সম্ভৱপৰ। এই নাৰীবাদী তত্ত্বৰ মূল প্রবক্তাসকল হ'ল চি এনলো, C Eylvester, V. S. Peterson, A. S. Runyan, G Standing, S. Sassen etc.
    মূল্যায়ন: আন্তর্জাতিক সম্পৰ্কৰ অধ্যয়নত এনে নাৰীবাদী দৃষ্টিভংগীৰ উদ্দেশ্য অকল লিংগ বৈষম্যৰ অধ্যয়ন আৰু গৱেষণাক উৎসাহিত কৰা নহয়, বৰঞ্চ এনে লিংগভিত্তিক সমাজৰ পৰা এখন প্রগতিশীল সমাজৰ পিনে গতি কৰা। এনেকুরা কিছুমান নাৰীবাদী তত্ত্বই নাৰী মুক্তিৰ ধাৰণাক নাৰীবাদৰ মূল সংকল্পনা হিচাপে মান্যা দিয়াৰ উপৰিও মানৱীয় সম্পৰ্কৰ বিকল্পৰ সূত্ৰ বিচৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷





Tags :

  • TDC 4th Sem Pol Science Units — 1 আন্তৰ্জাতিক সম্পৰ্কৰ দৃষ্টিভংগী | Approaches to International Relations 4th Semester (Political Science) Solutions In Assamese
  • ba 4th sem political science question answer pdf download
  • b.a. 4th sem political science notes in assamese