Follow Us:

প্ৰকৃতি কবিতাৰ প্রশ্ন উত্তৰ | B.A 3rd Sem Assamese Major Model Question Answer | AAM-HC3026 BA 3rd Semester Assamese Major

LearningPointAssam.com

প্ৰকৃতি কবিতাৰ প্রশ্ন উত্তৰ | B.A 3rd Sem Assamese Major Model Question Answer to each chapter is provided in the list of GU BA 3rd Semester Assamese Major Question Answer. We design all the solutions according to the GU BA 3rd Semester Asomiya Kobitar Chaneki Book Solution, so that you can get the অসমীয়া কবিতাৰ চানেকি B.A 3rd Semester Assamese চন্দ্ৰকুমাৰ আগৰৱালা — প্ৰকৃতি পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ is here.... 

প্ৰকৃতি BA 3rd Semester Assamese Major Model Question Answer Gauhati University

In this section, we have provided GU TDC 3rd Semester Assamese Major Model Solutions, অসমীয়া কবিতাৰ চানেকি Book model answer pdf, Model Solutions According to Guwahati University. So that the students can easily understand all the concepts. Understand the concepts behind each unit and score well in Gauhati University board examination. Here we have given Gauhati University B.A 3rd Semester Assamese Major অসমীয়া কবিতাৰ চানেকি — প্ৰকৃতি Model Solutions for All Subject, You can read, write and practice these here…



Chapter — 3 | Part - 1

প্ৰকৃতি কবিতা  — ALL Important Question & Answers

GU BA 3rd Sem Assamese ASM-HC-3026 Questions & Answer :


CONTENTS

প্ৰকৃতি কবিতাৰ প্রশ্ন উত্তৰ
Model Question and Answer key






প্ৰশ্নাৱলীঃ

চন্দ্ৰকুমাৰ আগৰৱালাঃ প্ৰকৃতি কবিতাৰ প্রশ্ন উত্তৰ Gauhati University BA 3rd Sem Assamese Major Model Question Answer অসমীয়া কবিতাৰ চানেকি is here....

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | প্ৰকৃতি কবিতাটো কোনো ৰচনা কৰিছিল ?

উত্তৰঃ প্ৰকৃতি কবিতাটো চন্দ্ৰকুমাৰ আগৰৱালায়ে ৰচনা কৰিছিল।

Q. 2 | চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কোন চনত হৈছিল ?  

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ১৮৬৭ চনত হৈছিল।

Q. 3 | চন্দ্ৰকুমাৰ আগৰৱালা প্রথম কাব্য সংকলনখনৰ নাম কি?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা প্রথম কাব্য সংকলনখনৰ নাম হল- বনকুঁৱৰী ।

Q. 4 | অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ কেতিয়া জন্ম হৈছিল?

উত্তৰঃ অসমীয়া ভাষা উন্নতি সাধিনী সভা ১৮৮৮ চনত জন্ম হৈছিল।

Q. 5 | ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল ?

উত্তৰঃ জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা আছিল।

Q. 6 | চন্দ্ৰকুমাৰ আগৰৱালাৰ নেতৃত্বতেই ৰমন্য়াসিক চিন্তাধাৰাই অসমীয়া সাহিত্যত কি কঢ়িয়াই আনে ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ নেতৃত্বতই ৰমন্য়াসিক চিন্তাধাৰাই অসমীয়া সাহিত্যত নতুন সৃষ্টিৰ বতৰা কঢ়িয়াই আনে।

Q. 7 | এচাম অসমপ্ৰেমী ছাত্ৰই কি গ্ৰহণ কৰিছিল ?

উত্তৰঃ এচাম অসমপ্ৰেমী ছাত্ৰই অগ্ৰণী গ্ৰহণ কৰিছিল।

Q. 8 | (Lyrical Ballad) শব্দটো কিমান চনত প্ৰকাশিত হৈছিল?

উত্তৰঃ (Lyrical Ballad) শব্দটো ১৭৯৮ চনত প্ৰকাশিত হৈছিল। 

Q. 9 | ৰোমান্টিক শব্দটো ইংৰাজী Romance শব্দৰ অসমীয়া প্ৰতিৰূপ যাৰ মূল অৰ্থ কি ?

উত্তৰঃ ৰোমাণ্টিক শব্দটো ইংৰাজী Romance শব্দৰ অসমীয়া প্ৰতিৰূপ যাৰ মূল অৰ্থ দুঃসাহসিক।

Q. 10 | ৰোমাণ্টিক সাহিত্য় ভাৰতীয় পটভূমিত কি হৈ উঠিছে ?

উত্তৰঃ ৰোমাণ্টিক সাহিত্য় ভাৰতীয় পটভূমিত ন ৰূপত প্ৰস্ফুটি হৈ উঠিছে।

Q. 11 | ১৮৮৯ চনৰ পৰা ১৯৪০ চনলৈ এই সময়ছোৱাক কি কাব্য়যুগ বুলি কোৱা হয় ?

উত্তৰঃ ১৮৮৯ চনৰ পৰা ১৮৪০ চনলৈ এই সময়ছোৱাক অসমীয়া ৰোমাণ্টিক কাব্য়যুগ বুলি কোৱা হয়।

Q. 12 | আমাৰ বেছিভাগ প্ৰয়োজন কোনে পূৰ কৰে ?

উত্তৰঃ প্ৰকৃতিয়ে আমাৰ বেছিভাগ প্ৰয়োজন পূৰ কৰে।

Q. 13 | ঈশ্বৰ বা কাল্পনিক শক্তিতকৈ কি মানুহৰ মূল্য় বেছি আছিল ?

উত্তৰঃ ঈশ্বৰ বা কাল্পনিক শক্তিতকৈ চকুৰে দেখা মানুহৰ সংখ্যা বেছি।

Q. 14 | অতীত কি ?

উত্তৰঃ অতীত হল বৰ্তমানৰ শিপা।

Q. 15 | নাৰী সৌন্দৰ্য্যক এই যুগৰ কবিয়ে কি কৰি তুলিছিল ?

উত্তৰঃ নাৰী সৌন্দৰ্য্যক এই যুগৰ কবিয়ে আকৰ্ষণীয়কৈ ফুটাই তুলিছিল।

Q. 16 | শাস্বত ধাৰণাক সাহিত্য জগতত কি বুলি জনা যায় ?

উত্তৰঃ শাস্বত ধাৰণাক সাহিত্য জগতত ৰহস্য়বাদ বুলি জনা যায়।

Q. 17 | গোলাপক সজীৱ মানুহৰ দৰে কি বুলি সম্বোধন কৰা হৈছে?

উত্তৰঃ গোলাপক সজীৱ মানুহৰ দৰে বান্ধৈ বুলি সম্বোধন কাৰ হৈছে ।

Q. 18 | অধ্যায়নৰ বাবে ছাত্ৰসকল ক'ত গৈছিল ?

উত্তৰঃ অধ্যায়নৰ বাবে ছাত্ৰসকল কলিকতালৈ গৈছিল।

Q. 19 | চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ১৮৬৭ চনত তেজপুৰ কলংপুৰ মৌজাত জন্ম হৈছিল।

Q. 20 | চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্ধিতীয় কবিতা পুথিখনৰ নাম কি আৰু কিমান চনত প্ৰকাশ পাইছিল ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্ধিতীয় কবিতা পুথিখনৰ নাম হল-বাণ বৰাগী ১৯২৩ চনত প্ৰকাশ পৰাইছিল।

Q. 21 | ভাব বা বিষয়বস্তুৰ দৃষ্টিৰে প্ৰকৃতি এটা কি কবিতা ?

উত্তৰঃ ভাব বা বিষয়বস্তুৰ দৃষ্টিৰে প্ৰকৃতি এটা অনুপম কবিতা ।

Q. 22 | কবিয়ে কিহৰ জৰিয়তে কবিতাটি মনোৰম কি তুলিছে ?

উত্তৰঃ কবিয়ে কাব্য়ছন্দৰ জৰিয়তে কবিতাটি মনোৰম কৰি তুলিছে।

Q. 23 | কবিতাৰ ইতিহাসত নিসন্দেহে প্ৰকৃতি কবিতাটোৱে কি লাভ কৰিবলৈ সক্ষম হৈছিল ?

উত্তৰঃ কবিতাৰ ইতিহাসত নিসন্দেহে প্ৰকৃতি কবিতাটোৱে উপযুক্ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।


ৰচনাধৰ্মী প্রশ্ন :  

Q. 1 | অসমীয়া ৰোমাণ্টিক কাব্য সাহিত্যৰ বৈশিষ্ট্যসমূহ লিখা।  

উত্তৰঃ অসমীয়া ৰোমাণ্টিক কাব্য সাহিত্যৰ বৈশিষ্ট্যসমূহ হল- কাল্পনিকতা, প্ৰকৃতিৰ জয়গান, মানৱতাবাদ, অতীতৰ বৰ্ণনা, স্বদেশ প্ৰেম, ব্যক্তিসত্বাৰ জয়গান, নাৰী সৌন্দৰ্য, ৰহস্যবাদ, প্ৰতীক আৰু চিত্ৰশিল্প, অলংকাৰৰ ব্যৱহাৰ। ইয়াৰ প্ৰধান বৈশিষ্ট হল- মধ্যযুগ প্ৰীতিৰ ব্যৱহাৰ।

Q. 2 | ‘প্রকৃতি’ কবিতাটিৰ সাৰাংশ নিজৰ ভাষাত লিখা।  

উত্তৰঃ কবিটাতোত প্ৰথম স্তৱকত এটা ফুলকবিৰ কথা কোৱা হৈছে। কবিয়ে এই বৰ্ণনাৰ জৰিয়তে অপূৰ্ব সুন্দৰ ফুলৰ তিনিটা স্তৰৰ কথা দাঙি ধৰিছে। প্ৰথম স্তৰৰ ফুলৰ স্বৰূপটো হল ফুলকলি। দ্বিতীয় স্তৰত ফুলকলিয়ে পূৰ্ণ বিকশিত ফুলৰ ৰূপ লাভ কৰে। তৃতীয় স্তৰত সেই ফুল সৰি মাটিৰ সৈতে একাৰৰ হৈ যায়। সেই অৱস্থাত ফুলৰ ৰং ৰূপ সুগন্ধি সকলো হেৰাই যায়। এয়াই প্ৰকৃতিৰ চিৰন্তন বিঘান। সেই ফুৰ ৰস পাণ কৰিবৰ বাবে মউপিয়া বলিয়া ভোমোৰা অকলে অকলে ঘূৰি ফূৰিছে। অৰ্থাৎ এটি এটা ফুল সৌন্দৰ্য্যৰ বা সুবাসৰ কাৰণে নহয় লগতে ভোমোৰাক মৌৰসো যোগান ধৰে।

    কবিতাটিৰ দ্বিতীয় স্তৱকত স্মৃতি আৰু বিষাদৰ সুন্দৰ অভিব্যঞ্জনা হৈছে। বেজাৰতে ভোমোৰাটিত হৃদয়ৰ ৰাগিনী বাজি উঠিছে। তাৰ প্ৰিয় ফুলটো সৰি গল আৰু সি ফুলটোৰ ৰসৰ সন্ধানত অকলে ঘূৰি ফূৰিছে। এসময়ত ভোমোৰাটো গুছি গল। ভোমোৰা আৰু ফুলৰ এই অনুপম সমন্ধক কবিয়ে অতি সূক্ষ্মভাৱে ফুটাই তুলিছে। কবিটাতিৰ অন্তিম তিনি শাৰীত কবিৰ দাৰ্শনিক চেতনা স্পষ্ট হৈছে।

    ভাৱ বা বিষয়বস্তুৰ দৃষ্টিৰে প্ৰকৃতি এটা অনুপম কবিতা। ৰোমাণ্টিক যুগৰ আৰম্ভণিতে ৰচিত এই কবিতাটোক কবিৰ প্ৰকৃতিপ্ৰেম আৰু জীৱনবোধ সুন্দৰকৈ ফুটাই তুলিছে। ইয়াৰ লগতে কলাৰ দৃষ্টিৰেও এই কবিতাটি বৰ উৎকৃষ্ট।

Q. 3 | চন্দ্ৰকুমাৰ আগৰৱালাৰ অসমীয়া সাহিত্যলৈ অৱদান সম্পর্কে লিখা।  

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা এনে এক চিৰস্মৰণীয় আৰু উজ্জল প্ৰতিভা যাৰ নৱসৃষ্টিয়ে অসমীয়া সাহিত্য জগতত এটি নতুন যুগৰ সূচনা কৰিছিল। সেই দৃষ্টিৰে তেওঁ যুগদ্ৰষ্টা,যুগস্ৰষ্টা। চন্দ্ৰকুমাৰ আগৰৰৱালাৰ নেতৃত্বতেই ৰমন্যাসিক চিন্তাধাৰাই অসমীয়া সাহিত্যত নতুন সৃষ্টিৰ বতৰা কঢ়িয়াই আনে। চন্দ্ৰকুমাৰ আগৰৱালা জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিল।


প্ৰকৃতি BA 3rd Sem Assamese Honours Implement Notes

১। প্ৰকৃতি কবিতাটো কোনে ৰচনা কৰিছিল ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা। 

২। চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া ৰোমাণ্টিক কবিতাৰ ধাৰাটো কি ৰূপ স্বীকৃত।

উত্তৰঃ প্ৰৱৰ্তক ৰূপে স্বীকৃত।

৩। চন্দ্ৰকুমাৰ আগৰৱালা আন্দোলনটোৰ কি আছিল ? 

উত্তৰঃ মগজু আছিল।

৪। কিমান চনত জোনাকী কাকতখন প্ৰকাশ পায় ? 

উত্তৰঃ ১৮১০ চনৰ মাঘ মাহত।

৫। চন্দ্ৰকুমাৰ আগৰৱালা কি হৈ পৰিল ?

উত্তৰঃ 'অসমীয়া ৰোমাণ্টিচিজ্মৰ প্ৰথম হোতা'।

৬। চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন উল্লেখযোগ্য় সাৰ্থ কাব্য়কৃতিৰ নাম লিখা।

উত্তৰঃ প্ৰতিমা আৰু বীণ-বৰাগী।

৭। পাশ্চাত্য় সাহিত্য়ৰ অধ্য়য়ন আৰু প্ৰকৃতি কবিসকলৰ কবিতাৰ জনপ্ৰিয়তাই চন্দ্ৰকুমাৰ আগৰৱালাক কি কৰিলে ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি সত্বাক প্ৰভাৱান্বিত কৰিছিল।

৮। প্ৰকৃতি কবিতাটো কিহৰ অন্তৰ্গত ?

উত্তৰঃ প্ৰতিমাৰ অন্তৰ্গত।

৯। প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰে নিজস্ব ৰূপান্তৰৰ মাজেৰে কি প্ৰতিপন্ন কৰে ?

উত্তৰঃ স্বকীয়তা প্ৰতিপন্ন কৰে।

১০। অহা-যোৱাৰ এই নিৰন্তৰ পৰিৱৰ্তনৰ মাজত কবিয়ে কি দেখিবলৈ পাইছে ?

উত্তৰঃ প্ৰকৃতিৰ অবিনশ্বৰতা দেখিবলৈ পাইছে।

১১। এই অবিনশ্বৰতা অন্তৰালত কি নিহিত হৈ আছে ? 

উত্তৰঃ প্ৰকৃতিৰ অবিনাশী ৰহস্য়ময়তা।

১২। চন্দ্ৰকুমাৰ আগৰৱালা 'প্ৰকৃতি' কবিতাটোত কাৰ প্ৰভাৱ দেখা গৈছে ?

উত্তৰঃ পাশ্চাত্য প্ৰখ্যাত প্ৰকৃতি পূজাৰী ওৱৰ্ডছৱৰ্থৰ প্ৰভাৱ দেখা গৈছে।


প্ৰসংগ পুথিঃ  

  • ১। অসমীয়া কবিতা চয়নঃ (সম্পা.) ড° মহেন্দ্ৰ বৰা  
  • ২। অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত : ড° সত্যেন্দ্রনাথ শৰ্মা  
  • ৩। ৰমন্যাসবাদ : ড° মহেন্দ্ৰ বৰা


FAQs:

Q. চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কেতিয়া হৈছিল ?

  • And.  চন্দ্ৰকুমাৰ আগৰৱালা ১৮৬৭ চনত জন্ম হৈছিল।

Q. প্ৰকৃতি কবিতাৰ মূলভাৱ লিখা ?

  • Ans. প্ৰকৃতি কবিতাৰ মূলভাৱ হ'ল —

Q. প্ৰকৃতি কবিতাটো এটি কি কবিতা ? 

  • Ans.  এটি সাৰ্থক ৰোমাণ্টিক কবিতা।

Q. Where can I get Gauhati University B.A 3rd Sem Assamese Major Books Download pdf?

Q. Where I can get B.A 3rd Semester Assamese Major Question Paper 3.1, 3.2, 3.3?



Tags :

  • প্ৰকৃতি কবিতাৰ প্রশ্ন উত্তৰ
  • BA 3rd Sem Assamese Major Question Answer
  • Gauhati University TDC 3rd Sam Assamese Major Model Solutions
  • Gauhati University BA 3rd, Semester Assamese Major Notes
  • Gauhati University TDC 3rd Semester Assamese Major Notes
  • BA Assamese Major 3rd Semester Question Paper Download
  • BA 3rd Sem Assamese Major Books Download pdf
  • অসমীয়া কবিতাৰ চানেকি B.A 3rd Semester Assamese Major Solutions