Follow Us:

মনোৰমা কবিতাৰ প্রশ্ন উত্তৰ | 3rd Units — Chapter - 3 | BA 3rd Sem Assamese Major Question Answer 2nd Paper 3.2 | TDC 3rd Semester Assamese ASM-HC-3026 Solution

LearningPointAssam.com

মনোৰমা কবিতাৰ প্রশ্ন উত্তৰ | BA 3rd Sem Assamese Major Question Answer | Gauhati University BA 3rd, Semester Assamese Major Notes. GU TDC 3rd Semester Assamese Major Notes Model Answer, BA Assamese Major 3rd Semester Question Paper Download | BA 3rd Sem Assamese Major Books Download pdf, অসমীয়া কবিতাৰ চানেকি B.A 3rd Semester Assamese Major Solutions is here.... 


Chapter — 3 | Part - 3

মনোৰমা কবিতা  — ALL Important Question & Answers

GU BA 3rd Sem Assamese ASM-HC-3026 Questions & Answer :


CONTENTS

মনোৰমা কবিতাৰ প্রশ্ন উত্তৰ
Model Question and Answer key






প্ৰশ্নাৱলীঃ

দেৱকান্ত বৰুৱাঃ  মনোৰমা কবিতাৰ প্রশ্ন উত্তৰ B.A 3rd Sem Assamese Major Question Answer অসমীয়া কবিতাৰ চানেকি:

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | মনোৰমা কবিতাটো কোনে ৰচনা কৰিছিল ?

উত্তৰঃ দেৱকান্ত বৰুৱায়ে।

Q. 2 | দেৱকান্ত বৰুৱাৰ জন্ম কেতিয়া হৈছিল? 

উত্তৰঃ দেৱকান্ত বৰুৱাৰ জন্ম হৈছিল ১৯১৪ চনত।

Q. 3 | দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম কি ?

Or 

Q. 4 | দেৱকান্ত বৰুৱাৰ কবিতা পুথিখনৰ নাম কি ?


উত্তৰঃ দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম হল- 'সাগৰ দেখিছা'।


Q. 5 | তেওঁ কি কি যুগৰ সেতু আছিল ?


উত্তৰঃ ৰোমাণ্টিক আৰু আধুনিক যুগৰ ।

Q. 6 | দেৱকান্ত বৰুৱাক কি কবি বুলি কোৱা হয়?

উত্তৰঃ দেৱকান্ত বৰুৱাক ৰোমাণ্টিক যুগৰ শেষৰ ফালৰ আৰু আধুনিক যুগৰ প্ৰাৰম্ভণি কবি। তেখেতক কলংপাৰৰ কবি তথা সংক্ৰান্তিকালৰ কবি বুলি কোৱা হয়।

Q. 7 | মনোৰমা কবিতাটিত কি ৰসৰ সাৰ্থক প্ৰকাশ ঘটিছে ?

উত্তৰঃ মনোৰমা কবিতাটিত সুমিষ্ট ৰসৰ সাৰ্থক প্ৰকাশ ঘটিছে।

Q. 8 | কোন সমলোচকে দেৱকান্ত বৰুৱাক 'কামাসিক কবি' বুলি অভিহিত কৰিছে ? 

উত্তৰঃ মহেন্দ্ৰ বৰাই দেৱকান্ত বৰুৱাক 'কামাসিক কবি' বুলি অভিহিত কৰিছে।

Q. 9 | তেওঁক কিহৰ কাৰণে দোমাজাৰ কবি বোলা হৈছিল ?

উত্তৰঃ দুটা সমৃদ্ধ যুগৰ মধ্যৱস্থাত কৰা অৱস্থানৰ বাবে তেওঁক দোমোজাৰ কবি বোলা হৈছিল।

Q. 10 | অসমীয়া কাব্যসাহিত্যৰ প্ৰথমটো ৰোমাণ্টিক কবিতাৰ কোনে ৰচনা কৰিছিল ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালায়ে।

Q. 11 | দেৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্য ?

উত্তৰঃ ....... !


Q. 12 | দেৱকান্ত বৰুৱা অসমৰ সমাজ জীৱনত কিহেৰে খ্যাতিমান?


উত্তৰঃ কবি আৰু ৰাজনীতিবিদ হিচাপে অসমৰ সমাজ জীৱনত খ্যাতিমান।

Q. 13 | দেৱকান্ত বৰুৱা স্কুলীয়া জীৱন ক'ৰ পৰা আৰম্ভ কৰে ?

উত্তৰঃ বৰপেটা  প্ৰাইমেৰী বিদ্যালয়ত তেওঁ স্কুলীয়া জীৱন আৰম্ভ কৰে।

Q. 14 | কিমান চনত দেৱকান্ত বৰুৱাই অসম প্ৰদেশ কংগ্ৰেছ দলত যোগদান কৰে ?

উত্তৰঃ ১৯৩৮ চনত।

Q. 15 | কিমান চনত দেৱকান্ত বৰুৱা ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভাপতি হৈ ?

উত্তৰঃ ১৯৭৪ চনত।



মনোৰমা কবিতাৰ প্রশ্ন উত্তৰ | B.A 3rd Semester Assamese Major Board Question and Answer অসমীয়া কবিতাৰ চানেকি:

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 5/8

Q. 1 | মনোৰমা কবিতাটিৰ মূলভাব লিখা ?

উত্তৰঃ ‘মনোৰমা' নামৰ কবিতাটিত মনোৰমাৰ ৰূপত বর্ণনা দি মনোৰমাক কবিৰ প্রেয়সী বুলি কৈছে । কবিতাটিত মনোৰমাৰ ৰূপৰ বর্ণনা সুন্দৰকৈ কবিয়ে প্রকাশ কৰিছে । কবিয়ে মনোৰমা চকু দুটা, সপোনৰ মাসাৰে আয়ূৰ বুলি কৈছে । জোনৰ শান্তিময় হয় তেওঁৰ মুখত পৰিছে । মনোৰমাৰ নিশাহত বিয়পা নতুন ঘাঁহৰ গোন্ধে সেন নতুন প্রেমর্য শতলীয়া শবৰৰে ইংগিত দিছে । অমাবস্যাৰ নিশা ঘেন কলা চুলি, আৰু কপৌ চৰাইৰ দৰে উৰুঙা মাত কেতিয়া শিকালে বুলি কবিয়ে মনোৰমাক সুধিছে । এই সকলোবোৰ আচলতে চঞ্চল যৌৱনৰ অনুষংগ । মনোৰমাৰ হাঁহিক বাৰিষা অহাৰ আগত অহা বিবৰি বতাহৰ লগত তুলনা কৰিছে । সেই হাহিত আছে অফুৰন্ত শক্তি আৰু প্রত্যয় | সেইবাবে সেই হাঁহিৰ উলাহত কঁপি উঠিছে কলঙৰ পানী । ফলত পানীৰ বুকুত আৱৰি থকা বিৎ মেটেকা ফুলব পাহিবোৰেও পাহি মেলিছে । মনোৰমাৰ দহোটি আঙুলিৰ কবিয়ে চপাকলিৰ দৰে বুলি কৈছে আৰু হাত দুখনি যেন, পদুমপ ঠাৰিপ দৰে বুলি কবিয়ে কৈছে ।

      বসন্ত কালত তাঁতশালৰ মাকোৰ লোকজীবনৰ চিনাকী সম্পদ । কবিয়ে মনোৰমাৰ যৌৱনত চঞ্চলতাক তাঁতশালা মাকোৰৰ লগত তুলনা কৰিছে । মনোৰমাৰ ওঁঠ দুটি যেন লাটুমনি দৰে বুলি কৈছে আৰু দাত দুয়োপরৰ ডালিমগুটিৰ দৰে । প্রেমিকে প্রেমিকাৰ ৰূপক বর্ণনা কৰাৰ দৰে কৰিয়েও মনোৰমাৰ ৰূপৰ বৰ্ণনা কৰিছে । মনোৰমাক কবিৰ সঙ্গী বুলি কৈছে আৰু কৈছে যে কবিৰ মৰুময় অর্থাৎ শুকান, ৰসহীন জীৱনত মনোৰমাকে কবিতাৰ সুঁতি বুলি কৈছে । ঘি সদায় প্রিয়জনৰ লগত হোৱা গভীৰ মনোসংযোগৰ মাজেৰেহে সম্ভব । প্রেয়সীৰ প্রতি সুতীব্র আকর্ষনা বাবে প্রেমিকে প্রেমিকাৰ প্রতিচ্ছবিত সমগ্র ভূবনময় দেখা পায় ।

Q. 2 | অসমীয়া সাহিত্যলৈ দেৱকান্ত বৰুৱা অৱদান সম্পৰ্কে সবিস্তাৰে লিখা । 


উত্তৰঃ বিচক্ষণ অসমীয়া সাহিত্যৰ কবি দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথি হল-'সাগৰ দেখিছা'। এই কাব্যসংকলনখনে অসমীয়া সাহিত্যত আলোড়নৰ সৃষ্টি কৰে আৰু বিপুল জনপ্ৰিয়তা লাভ কৰে। শব্দ মাধুৰ্য্য, প্ৰেমৰ উত্তাপ আৰু প্ৰকাশভংগীৰ নাটকীয়তাই 'সাগৰ দেখিছা' কাব্যপুথিখনক অনন্য মাত্ৰা প্ৰদান কৰিছে। সমালোচকসকলৰ মতে দেৱকান্ত বৰুৱাৰ কবিতাত পাশ্চাত্য কবি ৰবাৰ্ট ব্ৰাউনিঙৰ নাটকীয় স্বগতোক্তিৰ স্পষ্ট প্ৰভাৱ লক্ষ্য কৰিব পাৰি। কবি, সমালোচক নীলমণি ফুকনে দেৱকান্ত বৰুৱাৰ কবিতা সম্পৰ্কে মন্তব্য দিছে।

Q. 3 | মনোৰমা কবিতাটিৰ ভাব আৰু কলাৰ বিষয়ে আলোচনা কৰা । 

উত্তৰঃ প্ৰথম স্তৱকটিত প্ৰিয়তমা নাৰীৰ অকৃতিম ৰূপৰাশিৰ অভিনৱ স্বৰূপ অতি নিটোল ৰূপত ফুটাই তোলা হৈছে। নায়িকাৰ সুন্দৰ চকুযুৰি বৰ্ণনা কৰি কৈছে যে তুমাৰ চকুত মায়াময় সপোনে মেলা পাতে। সেই সুন্দৰী নায়িকাৰ তপত নিশাহত যেন কোমল ঘাঁহৰ সৌৰভযুক্ত মৃদু মলয়া। 

    দ্বিতীয় স্তৱকটোত কলা ঘন চুলিটাৰিৰ বৰ্ণনা কৰি কবিয়ে কৈছে যে আউসী নিশাৰ ঘন এন্ধাৰৰ দৰে চুলিটাৰিয়ে নায়িকাৰ সৌন্দৰ্য্য আৰু উজ্বলতৰ কৰি তুলিছে। আনহাতে নায়িকাৰ কোমল মৌসনা মাতটো কপৌ চৰাইৰ দৰে মনোলোভা। কপৌৰ মন ৰাইজই কৰা উৰুঙা মাতৰ দৰে নায়িকাৰ কণ্ঠও সুমধুৰ।

    তৃতীয় স্তৰত নায়িকাৰ মোহময়ী ভূৱনভুলোৱা হাঁহিৰ বৰ্ণনা কৰা হৈছে। বাৰিসা আহিলে যিদৰে কলং নদীৰ বুকু নাচি উঠে আৰু বিহমেটেকাই পাহি মেলে, সেইদৰে নায়িকাৰ সুমিষ্ট হাঁহি দেখি কাৰোবাৰ হৃদয়ৰ কলং বাঢ়ি আহে।

    চতুৰ্থ স্তৱকটোত নায়িকাৰ মসৃণ হাত দুখনি আৰু সুগঢ়ী আঙুলিৰ ৰূপ বৰ্ণনা কৰিছে । হাত দুখনি পদুমৰ ঠাৰি যেন কোমল।

    পঞ্চম স্তৱকত নায়িকাৰ অংগ সৌন্দৰ্য্যৰ বৰ্ণনা অতি মুক্ত আৰু সাহসী ৰূপত দাঙি ধৰিছে।

    কবিতাটোৰ বিষয়বস্তু যিদৰে মনোৰম সেইদৰে ইয়াৰ কলাত্মক দিশটোও অত্যন্ত সবল। উদ্দীপ্ত শব্দ প্ৰয়োগ, উপমা, ৰূপক আৰু অনুপ্ৰাস অলংকাৰৰ মধুৰ ব্যৱহাৰ আৰু উৎকৃষ্ট চিত্ৰকল্পৰ উপস্থিতিয়ে কবিতাটি ৰসাস্বাদ্য আৰু মনোগ্ৰাহী কৰি তুলিছে। নাৰী সৌন্দৰ্য্যৰ এনে অনুপম প্ৰকাশ কবিতাটিৰ মূল সম্পদ।


FAQs:

Q. দেৱকান্ত বৰুৱাৰ জন্ম কিমান চনত হৈছিল ?

  • And.  দেৱকান্ত বৰুৱাৰ জন্ম ১৯১৪ চনত হৈছিল।

Q. মনোৰমা কবিতাটোৰ মূলবিষয়বস্তু কি?

  • Ans. কবিৰ প্রেম-সন্দৌৰ্য

Q. দেৱকান্ত বৰুৱা অসম প্ৰদেশ কংগ্ৰেছ দলত কেতিয়া যোগদান কৰিছিল ?

  • Ans.  ১৯৩৮ চনত।

Q. Where can I get Gauhati University TDC 3rd semester assamese major notes? 

Q. Where I can get B.A 3rd Semester Assamese Major Question Paper 3.1, 3.2, 3.3?



Tags :

  • মনোৰমা কবিতাৰ প্রশ্ন উত্তৰ
  • BA 3rd Sem Assamese Major Question Answer
  • Gauhati University TDC 3rd Sam Assamese Major Model Solutions
  • Gauhati University BA 3rd, Semester Assamese Major Notes
  • GU TDC 3rd Semester Assamese Major Notes Model Answer
  • BA Assamese Major 3rd Semester Question Paper Download
  • BA 3rd Sem Assamese Major Books Download pdf
  • অসমীয়া কবিতাৰ চানেকি B.A 3rd Semester Assamese Major Solutions