Follow Us:

অসমৰ প্ৰচেনিয়াম মঞ্চ আৰু ইয়াৰ ইতিহাস | BA 3rd Semester Adv. Assamese Question Answer | GU TDC 3rd Semester Assamese General Solution

LearningPointAssam.com

অসমৰ প্ৰচেনিয়াম মঞ্চ আৰু ইয়াৰ ইতিহাস | BA 3rd Semester Adv. Assamese Question Answer | Gauhati University TDC 3rd Sam Assamese Notes, B.A 3rd Semester Assamese Solutions to each chapter is provided in the list of BA 3rd Sem Assamese Question Answer. We design all notes according to Gauhati University syllabus so that you can easily browse BA 3rd Semester Assamese Model Solutions and Gauhati University Guides. BA 3rd Semester Advance Assamese (ASM-HG-3016 অসমীয়া নাটক আৰু মঞ্চকলা) অসমৰ প্ৰচেনিয়াম মঞ্চ আৰু ইয়াৰ ইতিহাস Question Answer can be of great value to excel in the examination.

BA 3rd Semester Advance Assamese Question Answer

B.A 3rd Semester Assamese Notes & Guide covers all the practice questions of Guwahati University syllabus. অসমৰ প্ৰচেনিয়াম মঞ্চ আৰু ইয়াৰ ইতিহাস (আৰম্ভণিৰ পৰা ১৯৪৭ লৈকে) B.A 3rd Semester Adv. Assamese Question and Answer is given here which gives you better knowledge of all the concepts.  You can get solutions for both basic and advanced level questions. Here we have given Gauhati University TDC 3rd Semester Assamese Generic - General  অসমৰ প্ৰচেনিয়াম মঞ্চ আৰু ইয়াৰ ইতিহাস Solutions for All Subject, You can practice these here…


***ইয়াত, — Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 2

অসমৰ প্ৰচেনিয়াম মঞ্চ আৰু ইয়াৰ ইতিহাস  — ALL Important Question & Answers

GU BA 3rd Sem Assamese (Generic & Regular Course) ASM-HG-3016 / ASM-RC-3016 Questions & Answer :


CONTENTS

অসমৰ প্ৰচেনিয়াম মঞ্চ আৰু ইয়াৰ ইতিহাস (আৰম্ভণিৰ পৰা ১৯৪৭ লৈকে)
Model Question and Answer key






প্ৰশ্নাৱলীঃ

অসমৰ প্ৰচেনিয়াম মঞ্চ আৰু ইয়াৰ ইতিহাস | GU B.A 3rd Semester Assamese Solutions Here..

তলৰ প্রশ্নসমূহৰ অতি চমুকৈ উত্তৰ দিয়াঃ Mark — 1/2

Q. 1 | প্রচেনিয়াম মঞ্চ মানে কি ?

উত্তৰঃ মঞ্চৰ সন্মুখৰ ফ্ৰেমটো, য'ত আঁৰ কাপোৰ ‘স্ক্ৰীণ’ অঁৰা থাকে । মঞ্চৰ সন্মুখত য’লৈকে এই আঁৰ কাপোৰ পৰিব সেইখিনি প্রচেনিয়াম লাইন ।

Q. 2 | প্রচেনিয়াম লাইনৰ বাহিৰত ওলাই থকা অংশটোক কি বোলে ?

উত্তৰঃ ‘এপ্ৰ’ণ’ বোলে ।

Q. 3 | প্রচেনিয়াম লাইনৰ ভিতৰ ফালটোক কি বোলা হয় ?

উত্তৰঃ প্ৰচেনিয়াম লাইনৰ ভিতৰ ফালটোক মঞ্চ বা অভিনয় কৰা এলেকা বোলা হয়  ।

Q. 4 | ক'ৰপৰা পাঞ্চ লাইট আনি মঞ্চত স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৯৩৪ চনত কলিকতাৰ পৰা আনি ।

Q. 5 | ডাইনামোৰ জৰিয়তে বিজুলী চাকি সংযোগ কৰি কি নাটক অনুষ্ঠিত কৰা হৈছিল ?

উত্তৰঃ ১৯৪৭ চনত ডাইনামোৰ জৰিয়তে বিজুলী চাকি সংযোগ কৰি ‘পিয়লি ফুকন' নাটক অনুষ্ঠিত কৰা হৈছিল ।

Q. 6 | কিমান চনত ঘূর্ণীয়মান মঞ্চ স্থাপন কৰা হয় ?

উত্তৰঃ ১৯৫৭ চনত শিৱসাগৰ নাট্যমঞ্চত ঘূৰ্ণীয়মান মঞ্চ স্থাপন কৰা হয় ।

Q. 7 | নাটকত মঞ্চখনৰ ভাগবোৰ কেনেধৰণৰ ?

উত্তৰঃ নাটকত মঞ্চৰ ভাগ কেইবাটাও । যেনে— সোঁমাজত মঞ্চ, দুয়োকাষে আৱৰণী । মঞ্চৰ পিচফালে আঁৰ কাপোৰ । যৱনিকাৰ পাচফালে গায়ন - বায়ন বহা ঠাই ।

Q. 8 | মঞ্চ মানে কি ?

উত্তৰঃ অভিনয়ৰ কাৰণে প্ৰয়োজনীয় প্লেট ফর্মেই হৈছে মঞ্চ ।

Q. 9 | মঞ্চৰীতিৰ দিশত জড়িত এগৰাকী ব্যক্তিৰ নাম লিখা ।

উত্তৰঃ গৰ্ডন ক্রেইগ ।

Q. 10 | অসমত মঞ্চসজ্জা পৰম্পৰা কেনে ধৰণে বিচাৰি পোৱা যায় ?

উত্তৰঃ অসমত মঞ্চসজ্জাৰ এটা সুদৃঢ় পৰম্পৰা আছে আৰু সেইটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ‘চিহ্নযাত্ৰা'ত থকা সাত বৈকুণ্ঠৰ দৃশ্যপট ।

Q. 11 | অসমৰ কোনটো নাট্য মন্দিৰত কার্বাইট লাইট জ্বলাই নাট্যাভিনয় কৰিছিল ?

উত্তৰঃ প্ৰথমছোৱা কালত পাঠশালা নাট্য মন্দিৰত কাৰ্বাইট লাইট জ্বলাই নাট্যাভিনয় কৰিছিল ।

Q. 12 | অভিনয় ফলপ্ৰসূ হোৱাত কিহে বৰঙণি যোগায় ?

উত্তৰঃ মঞ্চৰীতিয়ে বৰঙণি যোগায় ।

Q. 13 | স্থাপক কেনে ধৰণৰ লোক ?

উত্তৰঃ স্থাপক সূত্ৰধাৰৰ দৰে মৰ্যাদা সম্পন্ন লোক আছিল ।

Q. 14 | অসমত কেতিয়া পশ্চিমীয়া আৰ্হিৰ নাটক আৰু ৰঙ্গমঞ্চ গঢ়ি তোলা হৈছিল ?

উত্তৰঃ ঊনৈশ শতিকাৰ শেষ দশকত অসমত পশ্চিমীয়া আৰ্হিৰ নাটক আৰু ৰঙ্গমঞ্চ গঢ়ি তোলা হৈছিল ।

Q. 15 | বিকৃষ্ট ৰংগশালা কি ?

উত্তৰঃ বিকৃষ্ট ৰংগশালা এশ আঠ হাত দীঘল আৰু চৌষষ্ঠী হাত বহল । এনে প্ৰেক্ষাগৃহ দেৱ - দেৱীৰ কাহিনী ৰূপায়ণৰ বাবেহে ।

Q. 16 | নান্দী মানে কি ?

উত্তৰঃ নান্দী মানে ৰংগশালাত উপস্থিত হোৱা সামাজিক উদ্দেশ্যে মতা আশীবচন আৰু অভিনয় নির্বিঘ্নে পাৰ কৰাৰ অৰ্থে পাঠ কৰা স্তুতিগীত ।

Q. 17 | নাট এখন মঞ্চায়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথাটো কি ?

উত্তৰঃ নাট এখন সফল মঞ্চায়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথাটো হ’ল মঞ্চৰ আঁৰৰ নাট্যকর্মীসকলৰ নিষ্ঠা তথা কৰ্তব্যপৰায়ণতা ।

Q. 18 | বিজুলী শক্তি চালিত ঘূৰণ ৰঙ্গমঞ্চ কেতিয়া স্থাপন কৰা হয় ?

উত্তৰঃ ১৯৬৪ চনত ।

Q. 19 | নাটক পৰিৱেশন কৰা স্থানক কি বোলা হয় ?

উত্তৰঃ নাটক পৰিৱেশন কৰা স্থানক ৰংগভূমি, ৰংগশাল অথবা প্রেক্ষাগৃহ বোলা হয় ।

Q. 20 | মঞ্চত বিজুলী চাকি কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৯৩০ চনত ।

Q. 21 | জার্জি প্রতোস্কিয়ে নাটকৰ পোহৰ সম্পৰ্কে কি কথা কৈছিল ?

উত্তৰঃ পোলেণ্ডৰ বিখ্যাত নাট পৰিচালক জাৰ্জি প্ৰতোস্কিৰ মতে থিয়েটাৰত পোহৰৰ কলা কৌশল সংযোগ কৰা বৰ্জনীয় । কাৰণ ই অভিনেতাৰ অভিনয় ক্ৰিয়াৰ কাৰণে ক্ষতিকাৰক ।

Q. 22 | মঞ্চৰীতি মানে কি ?

উত্তৰঃ মঞ্চত নাটক উপস্থাপন কৰাৰ পদ্ধতিয়ে হৈছে মঞ্চৰীতি ।

Q. 23 | সূত্ৰধাৰ কেনে ধৰণৰ হ’ব লাগে ?

উত্তৰঃ সূত্ৰধাৰ অতি গুণী, নাট্য নিপুণ, শাস্ত্রজ্ঞ, ধর্মজ্ঞ, বায়ন আৰু শিল্পবিশাৰদ হ’ব লাগে ।


অসমৰ প্ৰচেনিয়াম মঞ্চ আৰু ইয়াৰ ইতিহাস | BA 3rd Semester Assamese Question and Answer Here..

তলৰ প্রশ্নসমূহৰ চমুকৈ উত্তৰ দিয়াঃ Mark — 5

Q. 1 | ‘প্রচেনিয়াম আৰ্চ’ বুলিলে কি বুজা ? এটি টোকা লিখা ।

উত্তৰঃ মঞ্চ এখনৰ সন্মুখত য’লৈকে আঁৰ কাপোৰ পৰিব সেইখিনিলৈকে হৈছে ‘প্ৰচেনিয়াম লাইন’ , ইয়াৰ বাহিৰত ওলাই থকা অংশটোক ‘এপ্ৰ’ন’, আৰু ভিতৰফালটো হ’ল মঞ্চ অর্থাৎ অভিনয় কৰা এলেকা । বিভিন্ন মঞ্চত এই প্রচেনিয়াম আৰ্চৰ আকাৰ বেলেগ বেলেগ ধৰণৰ । গোল, বর্গাকাৰ, আয়তাকাৰ ইত্যাদি । এপ্ৰ'নৰ ক্ষেত্ৰতো সেই একে কথা । ওঠৰশ শতিকাৰ আগমুহূৰ্তত ইয়াৰ প্ৰচলন খুবেই আছিল । তাৰ পিছত লাহে লাহে একেবাৰে নাইকীয়া হৈ পৰিল ৷ আজিকালি আঁৰ কাপোৰৰ সন্মুখত চাৰি - পাঁচ ফুটমানৰ এপ্ৰ’ন ওলাই থকা দেখা যায় । পশ্চিমৰ দেশসমূহত এই প্রচেনিয়ামত আবদ্ধ থকা মঞ্চৰ কার্যকলাপ কেতিয়াবাই শেষ কৰি মুকলি মঞ্চত পৰীক্ষা - নিৰীক্ষা চলাবলৈ আৰম্ভ কৰে । অসমৰ বিভিন্ন ঠাইত কিছুমান এমেচাৰ দল এই দিশত অগ্ৰসৰ । মঞ্চৰ গতানুগতিক ব্যৱস্থাপনাটো স্থানীয় পৰিৱেশৰ উপযোগী আৰু বেছি উন্নত আৰু আকৰ্ষণীয় কৰি তুলিবলৈ কৰা প্ৰয়াসৰ এক সফল পৰীক্ষাৰ গৱেষণা কৰা হ'ল— উত্তৰ লক্ষীমপুৰৰ লেছাই গাঁও অঞ্চলত ‘ বান্ধৱ নাট্য সংঘ’ৰ সৌজন্যত ‘ ৰাসলীলা ’ নাট প্ৰদৰ্শন কৰি তাত এক নতুন পদ্ধতিৰে মঞ্চায়ন কৰা হৈছিল । এই মঞ্চায়ন প্রক্রিয়াত এটা দৃশ্যৰ পৰা আন এটা দৃশ্যলৈ যাওঁতে সময়ৰ ব্যৱধান খুব কম হয় । নাটকৰ চৰিত্ৰবিলাক মঞ্চৰ তলেদি গৈ দৰ্শকৰ মাজৰ অংশত উঠি অভিনয় কৰে । এনে ধৰণৰ মঞ্চত ধৰ্মীয় বা পৌৰাণিক বৃত্তান্ত , লোক গাথা বা ঐতিহাসিক ঘটনা আদিক কেন্দ্ৰ কৰি নাটক কৰিব পাৰি । মূল মঞ্চৰ মধ্যাংশৰ পৰা দৰ্শকৰ মাজলৈকে মঞ্চৰ সমান উচ্চতাত চাংপাতি নিয়া হয় , লগতে একে ধৰণে মঞ্চৰ দুয়োকাষেদি অর্ধচন্দ্ৰাকাৰত চাংপাতি মঞ্চ বনাই তাৰ ওপৰতে অভিনয় কৰা হয় । এই অতিৰিক্ত চাংখনক প্ৰৱেশ - প্ৰস্থানৰ পথ বা নাটকৰ সূত্ৰধাৰ ধৰিবৰ বাবে ব্যৱহাৰ হয় । ৰাসলীলাৰ নিচিনা সাত - আঠ ঘণ্টা নাট ক্রমান্বয়ে লানি নিচিঙাকৈ দৰ্শকক কিঞ্চিতমানো আমনি নলগোৱাকৈ প্ৰদৰ্শন কৰিব পাৰি । লেছাই গাঁৱৰ এনে ধৰণৰ প্ৰচেষ্টাকে অনুকৰণ কৰি উত্তৰ লক্ষীমপুৰৰে লালুক অঞ্চলতো পুনৰ ইয়াৰ ওপৰত পৰীক্ষা - নিৰীক্ষা চলোৱা হ'ল আৰু সফলতাও পোৱা গ'ল । দর্শকেও খুব আন্তৰিকতাৰে এই নতুন মঞ্চায়ন পদ্ধতিক আদৰি ল'লে ।

Q. 2 | মঞ্চৰ আঁৰৰ শিল্পীসকলৰ ভূমিকা কি ?

উত্তৰঃ নাট এখন সফল মঞ্চায়নৰ ক্ষেত্ৰত মঞ্চৰ আঁৰৰ নাট্যকৰ্মীসকলৰ নিষ্ঠা তথা কৰ্তব্যপৰায়ণতা যথেষ্ট গুৰুত্বপূৰ্ণ । এইসকলৰ আনন্দ আত্মকেন্দ্ৰিক । এক বিমল আনন্দই তেওঁলোকৰ মন আচ্ছন্ন কৰি ৰাখে । নাটক যিহেতু দৃশ্য - শ্ৰব্য , সেয়ে ইয়াত দৃশ্যসজ্জা বা মঞ্চসজ্জাৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য । মঞ্চসজ্জা অভিনয়ৰ বাবে অপৰিহাৰ্য । ইয়ো এক গতিশীল কলা । দ্রুত বৈজ্ঞানিক প্ৰগতিৰ পৰিপ্ৰেক্ষিতত এইক্ষেত্ৰতো যথেষ্ট পৰীক্ষা নিৰীক্ষা চলি আছে । অসমত মঞ্চ সজ্জাৰ এটা সুদৃঢ় পৰম্পৰা আছে আৰু সেইটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ‘ চিহ্নযাত্রা’ত থকা সাত বৈকুণ্ঠৰ দৃশ্যপট । মঞ্চসজ্জাৰ বাবে চিত্ৰকলাৰ ধাৰণাও অপৰিহাৰ্য । উল্লেখযোগ্য যে পাবলো পিকাচোৰ পৰা আৰম্ভ কৰি ভাৰতৰ নন্দলাল বসু , নিছাৰ এলেনা , ধনেন্দ্ৰ কাৱাৰ্ড , অসমৰ মহেন্দ্ৰনাথ মৈ হেংদাং ডেকাফুকন , মুক্তানাথ বৰদলৈ , যুগত দাস , আদ্য শর্মা , ব্রজ ফুকন , প্রণৱ বৰুৱাৰ দৰে বৰেণ্য চিত্রশিল্পীসকলেও মঞ্চসজ্জাৰ কাম কৰিছিল । নাট প্ৰদৰ্শনত পোহৰৰ ব্যৱহাৰৰ এক ইতিহাস আছে । আদি অৱস্থাত দিনৰ পোহৰত , তাৰ পাছত ৰাতি জুইৰ পোহৰত বা চাকি আদি ব্যৱহাৰ কৰি নাট মঞ্চস্থ কৰা হৈছিল । পর্যায়ক্রমে গেছ লাইট , বৈদ্যুতিক আৰ্কলেম্পৰ ব্যৱহাৰ কৰা হয় । চুইজাৰলেণ্ডত প্ৰথমবাৰৰ বাবে ১৮৮৯ চনত নাটকত বৈদ্যুতিক পোহৰৰ ব্যৱহাৰ কৰা বুলি জনা যায় আৰু তাৰ পাছৰ পৰাই নাট্যমঞ্চত পোহৰ নিক্ষেপণৰ বিভিন্ন পৰীক্ষা নিৰীক্ষা অব্যাহত আছে । ভাৰতবৰ্ষত সৃষ্টিশীল আলোকসজ্জাৰ অগ্ৰদূত হ’ল পশ্চিমবংগৰ স্বনামধন্য তাপস সেন ওৰফে আলোক সেন । পোহৰ প্ৰক্ষেপণৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথা হ’ল চাক্ষুষ সচেতনতা । তদুপৰি জ্যামিতিক জ্ঞান , ৰঙৰ লগতে চিত্ৰকলাৰ ধাৰণাও এইক্ষেত্ৰত অপৰিহাৰ্য । একেদৰেই সৃষ্টিশীল চিন্তাৰ প্ৰয়োজন আছে সাজসজ্জা আৰু ৰূপসজ্জাৰ ক্ষেত্ৰতো । সাম্প্ৰতিকভাৱে সাজসজ্জাৰ ব্যৱহাৰতো নতুন চিন্তাৰ উন্মেষ ঘটিছে । মঞ্চত পোছাক পৰিধানৰ লগত দৃশ্যসজ্জা , ৰূপসজ্জা আৰু ব্যৱহৃত পোহৰৰ যথেষ্ট সম্পর্ক আছে । ইয়াতো বৰ্ণবিজ্ঞানৰ খুবেই প্রয়োজন ৷ চাৰিটা কথাৰ প্ৰতি সচেতন হ’ব লাগিব— Lines , shapes , texture and colour . প্রয়াত চিত্রশিল্পী প্ৰণৱ বৰুৱা , ব্ৰজ ফুকন , যুগল দাস , গৰিমা হাজৰিকা , ৰাণী দত্তবৰুৱা ইত্যাদিয়ে Custume designer হিচাপে কাম কৰাটো সঁচাকৈয়ে উল্লেখযোগ্য । ৰূপসজ্জা হ’ল নাট প্ৰদৰ্শনৰ এক অবিচ্ছেদ্য অংগ । সঠিক ৰূপসজ্জাই চৰিত্ৰটোক পূৰ্ণতা প্ৰদানত সহায় কৰে । সেয়া নিৰ্দিষ্ট চৰিত্ৰৰ অভিব্যক্তি প্রকাশত সহায় কৰে ।


অসমৰ প্ৰচেনিয়াম মঞ্চ আৰু ইয়াৰ ইতিহাস | BA 3rd Semester Assamese Board Question Answer Here..

তলৰ প্রশ্নসমূহৰ ৰচনাধৰ্মী উত্তৰ দিয়াঃ Mark — 10

Q. 1 | ৰঙ্গমঞ্চৰ ইতিহাসৰ দিশবোৰৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ বিশ্বব্ৰহ্মাণ্ডত নিতে নতুন নতুন ঘটনা চলি থাকে । এই ঘটনাবোৰ ভিন্নজনৰ দৃষ্টিত ভিন্নধৰণে দেখা দিয়ে । বিশ্ব প্রকৃতিত চলি থকা এনে অনেক ঘটনাক সৃষ্টিশীল লোকে সাহিত্যৰ মাজেদি তুলি ধৰাৰ প্ৰয়াস কৰে ৷ সেই প্ৰয়াসতে সৃষ্টি হৈছে সাহিত্যৰ অনেক বিভাগ । ইয়াৰ ভিতৰত নাটকো অন্যতম ।

       নাটকৰ মূল্য তিনি ধৰণে নির্ণিত হয়— পাঠ্যমূল্য , শ্রব্যমূল্য আৰু দৃশ্যমূল্য । দৃশ্যমূল্যৰ লগতেই দৰ্শকৰ পোনপটীয়া সম্পর্ক । নাট্যকাৰ , পৰিচালক আদিয়েও দর্শকক আকর্ষণ কৰিবৰ বাবে ভিন্নধৰণৰ কৌশল প্রয়োগ কৰে । ৰঙ্গমঞ্চৰ ইতিহাসৰ খুচৰিলে দেখা যায় যে অতীজৰেপৰা বৰ্তমানলৈকে চিন্তা চর্চা প্রয়োগ কৰি দৰ্শকে নাট এখন যাতে সুন্দৰকৈ উপভোগ কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হৈছে । এই দিশটো লৈ নাটকৰ লগত দৰ্শকৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰে ।
       ‎ৰঙ্গমঞ্চৰ ইতিহাসৰ লগত গ্ৰীক দেৱতা ডিঅনিচাৰ পূজা আৰু অনুষ্ঠানৰ সম্পৰ্ক আছে । নাট , অভিনয় আৰু সুকুমাৰ কলাৰ ক্ষেত্ৰত গ্ৰীক সভ্যতা আগৰণুৱা আছিল । গ্রীক ৰঙ্গমঞ্চত মুকলি আকাশৰ তলতে অভিনয় অনুষ্ঠিত কৰিছিল । অভিনয় চাবৰ বাবে দৰ্শকসকল বহিবলৈ বিশেষ ব্যৱস্থা কৰা হৈছিল । বিশেষকৈ তিনিওফালৰপৰা আগুৰি থকা পাহাৰৰ এঢলীয়া ঠাইত শিল কাটি গেলেৰীৰ ব্যৱস্থা কৰিছিল । এথেঞ্চ চহৰৰ মুকলি প্ৰেক্ষাগৃহত ত্ৰিশ হাজাৰ দৰ্শকে একেলগে বহি নাটক চাবলৈ সুবিধা আছিল ৷ ৰোমানসকলে গ্ৰীকসকলৰ সৰল ৰঙ্গমঞ্চতকৈ অধিক জাকজমকতাপূৰ্ণ ৰঙ্গমঞ্চ নিৰ্মাণ কৰিছিল । পাহাৰৰ এঢলীয়া ৰঙ্গমঞ্চ আৰু প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিলেও গ্রীকসকলৰ দৰে এই দুটাক পৃথকে এঢলীয়া ৰঙ্গমঞ্চ আৰু প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিলেও গ্রীকসকলৰ দৰে এই দুটাক পৃথকে নাৰাখি একোটা ঘৰতে অঙ্গৰূপে এওঁলোকে নিৰ্মাণ কৰিলে । ৰঙ্গমঞ্চৰ ওপৰত হেলনীয়া ছাল এখনৰো ব্যৱস্থা কৰিলে । মধ্যযুগৰ ইউৰোপত প্ৰচলিত ‘মিকেল’, ‘মিষ্টেৰি ’ আৰু ‘মৰেলিটি প্লে’ বিলাক চকা লগোৱা ডবাৰ দৰে চলন্ত আৰু ভ্ৰাম্যমান চাংঘৰ একোটত প্ৰদৰ্শন কৰিছিল । মুকলি পথাৰ , চাৰিআলি অথবা গীর্জা ঘৰৰ প্ৰাংগণ আদিত অভিনয় অনুষ্ঠিত হৈছিল আৰু দৰ্শকসকলে থিয় হৈ নাটক চাইছিল ।

      ইংৰাজী নাট্য সাহিত্যৰ স্বৰ্ণযুগটিয়েই হৈছে ৰাণী এলিজাবেথৰ ৰাজত্বৰ সময়ছোৱা শ্বেইক্সপীয়েৰ, মাৰ্ল আৰু বেন জনচন আদি বিখ্যাত নাট্যকাৰ এই সময়ৰে । এলিজাবেথীয় ৰংগমঞ্চত গেলেৰীত উচ্চ শ্ৰেণীৰ অৰ্থাৎ অভিজাত শ্ৰেণীৰ দৰ্শকে নাট উপভোগ কৰিব পাৰিছিল । সাধাৰণ দৰ্শকৰ বাবে আসন নথকাত তেওঁলোকে থিয় হৈ নাটক চাইছিল । শ্বেইক্সপিয়েৰৰ প্ৰায় ডেৰশ বছৰৰ পাছত ইংলেণ্ডৰ ৰঙ্গমঞ্চত ব্যাপক পৰিৱৰ্তন ঘটে । সেই সময়তে অভিজাত শ্ৰেণীৰ বাবেহে ‘বক্স’ আৰু ৰংগমঞ্চৰ দুয়োকাষে গেলেৰীৰ ব্যৱস্থা কৰা হ’ল । সাধাৰণ দৰ্শকৰ বাবে এপ্ৰনৰ সন্মুখত ‘পিট’ৰ ব্যৱস্থা কৰিলে । ঊনবিংশ শতাব্দীত মঞ্চত ‘বক্সচেট'ৰ ব্যৱহাৰ আৰু আলোক ব্যৱস্থাত পৰিৱৰ্তনৰ সূচনা হ'ল । ভাৰতীয় ৰঙ্গমঞ্চৰ ক্ষেত্ৰত দেখা যায় যে এই ব্যৱস্থা ৰজাসকলৰ পৃষ্ঠপোষকতাত গঢ়ি উঠিছিল । ৰাজ হাউলীত অথবা কোনো মন্দিৰ প্ৰাঙ্গণত স্থায়ী বা অস্থায়ী ৰঙ্গমঞ্চ নির্মাণ কৰা হৈছিল । ৰঙ্গপীঠ, ৰঙ্গশীৰ্ষ আৰু নেপথ্য এই তিনিটা অংশত সংস্কৃত ৰঙ্গমঞ্চ বিভক্ত আছিল ৷ পদমর্যাদা অনুসৰি দৰ্শকসকলৰ বাবে ৰঙ্গমঞ্চত আসনৰ ব্যৱস্থা কৰা হৈছিল ।
      ‎সত্যেন্দ্রনাথ শর্মাই উল্লেখ কৰিছে যে সন্মুখৰ সিংহাসন বা মুখ্যাসনত ৰজা বা প্ৰধান পৃষ্ঠপোষক আৰু তেওঁৰ বাওঁফালে ৰাজপুৰীৰ মহীষীসকল আৰু সোঁফালে কতলীয়া ৰাজন্যবর্গ । ৰজাৰ পিছফালে মন্ত্ৰীবৰ্গ আৰু অন্যান্য সভাসদসকল বহাৰ আসন নিৰ্দিষ্ট আছিল । ৰজাৰ আগত পণ্ডিত, ব্ৰাহ্মণ আৰু পুৰোহিতৰ আসন, তেওঁলোকৰ বাওঁফালে সত, মগধ আৰু বন্দীৰ আসন নিৰ্দিষ্ট আছিল । শেষৰফালে বৈশ্য আৰু শুদ্ৰসকলৰ আসন, সুত , মগধ আৰু বন্দীৰ আসন নিৰ্দিষ্ট আছিল । শেষৰফালে বৈশ্য আৰু শুদ্ৰসকলৰ আসন নির্দিষ্ট আছিল । মধ্যযুগত ভাৰতীয় ৰঙ্গমঞ্চৰ বিকাশত বিভিন্ন নাট্যানুষ্ঠানৰ প্ৰভাৱ আছিল সুদূৰপ্ৰসাৰী । অসমত ‘অঙ্কীয়া ভাওনা', বঙ্গদেশত ‘যাত্রা’, কেৰেলাত ‘কথাকলি’, ৰাজস্থানত ‘ ৰাসলীলা ’ বা ৰাসবাৰী আদিৰ ভূমিকা বৰ গুৰুত্বপূৰ্ণ । ‘ অংকীয়া ভাওনা ’ গাঁৱৰ নামঘৰত নতুবা মুকলি ঠাইত অভিনীত কৰা হৈছিল । সকলো শ্ৰেণীৰ দৰ্শকৰ মনোৰঞ্জনৰ ব্যৱস্থা ইয়াত কৰা হৈছিল । লোকৰঞ্জন , লোকসংগৃহ আৰু লোকস্থিতিৰ মহান উদ্দেশ্যেৰে অংকীয়া ভাওনা সৃষ্টি হৈছিল । সমজুৱা দৰ্শকৰ মুক্তি কামনাই অংকীয়া নাটৰ প্ৰধান উদ্দেশ্য । ভাৰতৰ নাট্যশাস্ত্ৰত আদর্শ ‘ প্রেক্ষক ’ বা দৰ্শকসকলে মঞ্চত দেখা চৰিত্ৰসমূহৰ লগত নিজক বিলীন কৰি দিব পাৰিব লাগে । সংস্কৃত নাটকৰ আৰম্ভণিৰ প্ৰৰোচনাতো বিষয়বস্তুৰ বৰ্ণনা আৰু গুণানুকীৰ্তনৰ উপৰি দৰ্শকসকলৰ মঙ্গল কামনা কৰা হৈছিল আৰু সহযোগ বিচৰা হৈছিল । এয়ে হৈছে ৰঙ্গমঞ্চৰ ইতিহাস ।

Q. 2 | মঞ্চৰ আঁৰৰ শিল্পীসকল আৰু নাট্যকর্মীসকলৰ দায়িত্ব কেনেধৰণৰ ? আলোচনা কৰা ।

উত্তৰঃ ভাৰতবৰ্ষত ভৰতমুনিৰ ‘নাট্যশাস্ত্ৰ'ৰ পৰম্পৰাৰ পৰা উত্তৰণ হৈ নাট্য শিল্পই আজিৰ পৰ্যায়ত ভৰি দিছেহি । আৰম্ভ হৈছে নানা পৰীক্ষা - নিৰীক্ষা । সমাজ পৰিৱৰ্তনৰ লগে লগে নাট্যধাৰাৰো পৰিৱৰ্তন হৈ আহিছে । নাট্যকলা স্থবিৰ নহয় , ইগতিশীল । আধুনিক কালত স্তানিশ্লাভাক্সি , বেকেট, ব্রেখট, প্রট’স্কি, পিটাৰ, ব্রুক আদি বিশ্ববৰেণ্য নাট্যশিল্পীয়ে উদ্ভাৱন কৰিছে নতুন নতুন কলাকৌশল । ভাৰততো ইব্রাহিম আন্ধাজী, হববি দলবিৰ, বি.ভি কাৰাস্থ, ৰতন থিয়াম, কানহাইলাল, শম্ভু মিত্ৰ, বাদল সৰকাৰ, ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত, কে.এন পানিক্কাৰ ইত্যাদিৰ নাট্যকৰ্মত দেখা গৈছে নতুন নতুন চিন্তাৰ উন্মেষ । এই প্ৰৱাহে চুই গৈছে অসমকো । অৰুণ শৰ্মা , দুলাল ৰয় , কুলদা কুমাৰ ভট্টাচাৰ্য , আলি হাইদৰ , বাহাৰুল ইছলাম আদিৰ দৰে নাট্যশিল্পীৰ সৃষ্টিতো দেখা গৈছে নানা ধৰণৰ পৰীক্ষা - নিৰীক্ষা । তথাপিও যিটো সময়ত চুবুৰীয়া ৰাজ্য মণিপুৰে দেশৰ নাট্যশিল্পৰ জখলাৰ শীৰ্ষস্থানত আৰোহণ কৰিবলৈ সক্ষম হৈছে , তেনে এটা সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এৰি থৈ যোৱা নাট্যকলাৰ ঐতিহ্যমণ্ডিত পৰম্পৰাক সুস্থভাৱে , বৌদ্ধিক চিন্তা - চৰ্চাৰে আগুৱাই লৈ যোৱাত বিশ্বখনে কিমানদূৰ সফল হৈছে , সেয়া সঁচাকৈয়ে চিন্তনীয় বিষয় ।

        নাট এখন সফল মঞ্চায়নৰ ক্ষেত্ৰত মঞ্চৰ আঁৰৰ নাট্যকর্মীসকলৰ নিষ্ঠা তথা কৰ্তব্যপৰায়ণতা যথেষ্ট গুৰুত্বপূৰ্ণ । এইসকলৰ আনন্দ আত্মকেন্দ্ৰিক । এক বিমল আনন্দই তেওঁলোকৰ মন আচ্ছন্ন কৰি ৰাখে । নাটক যিহেতু দৃশ্য - শ্ৰব্য , সেয়ে ইয়াত দৃশ্যসজ্জা বা মঞ্চসজ্জাৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য । মঞ্চসজ্জা অভিনয়ৰ বাবে অপৰিহাৰ্য । ইয়ো এক গতিশীল কলা । দ্রুত বৈজ্ঞানিক প্ৰগতিৰ পৰিপ্ৰেক্ষিতত এইক্ষেত্ৰতো যথেষ্ট পৰীক্ষা নিৰীক্ষা চলি আছে । অসমত মঞ্চ সজ্জাৰ এটা সুদৃঢ় পৰম্পৰা আছে আৰু সেইটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ‘ চিহ্নযাত্রা’ত থকা সাত বৈকুণ্ঠৰ দৃশ্যপট । মঞ্চসজ্জাৰ বাবে চিত্ৰকলাৰ ধাৰণাও অপৰিহাৰ্য । উল্লেখযোগ্য যে পাবলো পিকাচোৰ পৰা আৰম্ভ কৰি ভাৰতৰ নন্দলাল বসু , নিছাৰ এলেনা , ধনেন্দ্ৰ কাৱাৰ্ড , অসমৰ মহেন্দ্ৰনাথ মৈ হেংদাং ডেকাফুকন , মুক্তানাথ বৰদলৈ , যুগত দাস , আদ্য শৰ্মা , ব্রজ ফুকন , প্ৰণৱ বৰুৱাৰ দৰে বৰেণ্য চিত্রশিল্পীসকলেও মঞ্চসজ্জাৰ কাম কৰিছিল । নাট প্ৰদৰ্শনত পোহৰৰ ব্যৱহাৰৰ এক ইতিহাস আছে । আদি অৱস্থাত দিনৰ পোহৰত , তাৰ পাছত ৰাতি জুইৰ পোহৰত বা চাকি আদি ব্যৱহাৰ কৰি নাট মঞ্চস্থ কৰা হৈছিল । পর্যায়ক্রমে গেছ লাইট , বৈদ্যুতিক আৰ্কলেম্পৰ ব্যৱহাৰ কৰা হয় ।
        ‎চুইজাৰলেণ্ডত প্ৰথমবাৰৰ বাবে ১৮৮৯ চনত নাটকত বৈদ্যুতিক পোহৰৰ ব্যৱহাৰ কৰা বুলি জনা যায় আৰু তাৰ পাছৰ পৰাই নাট্যমঞ্চত পোহৰ নিক্ষেপণৰ বিভিন্ন পৰীক্ষা নিৰীক্ষা অব্যাহত আছে । ভাৰতবৰ্ষত সৃষ্টিশীল আলোকসজ্জাৰ অগ্ৰদূত হ’ল পশ্চিমবংগৰ স্বনামধন্য তাপস সেন ওৰফে আলোক সেন । পোহৰ প্ৰক্ষেপণৰ বাবে আটাইতকৈ প্রয়োজনীয় কথা হ’ল চাক্ষুষ সচেতনতা ৷ তদুপৰি জ্যামিতিক জ্ঞান , ৰঙৰ লগতে চিত্ৰকলাৰ ধাৰণাও এইক্ষেত্ৰত অপৰিহাৰ্য । একেদৰেই সৃষ্টিশীল চিন্তাৰ প্ৰয়োজন আছে সাজসজ্জা আৰু ৰূপসজ্জাৰ ক্ষেত্ৰতো । সাম্প্ৰতিকভাৱে সাজসজ্জাৰ ব্যৱহাৰতো নতুন চিন্তাৰ উন্মেষ ঘটিছে । মঞ্চত পোছাক পৰিধানৰ লগত দৃশ্যসজ্জা , ৰূপসজ্জা আৰু ব্যৱহৃত পোহৰৰ যথেষ্ট সম্পর্ক আছে । ইয়াতো বৰ্ণবিজ্ঞানৰ খুবেই প্রয়োজন । চাৰিটা কথাৰ প্ৰতি সচেতন হ’ব লাগিব — Lines , shapes , texture and colour . প্রয়াত চিত্রশিল্পী প্ৰণৱ বৰুৱা , ব্ৰজ ফুকন , যুগল দাস , গৰিমা হাজৰিকা , ৰাণী দত্তবৰুৱা ইত্যাদিয়ে Custume designer হিচাপে কাম কৰাটো সঁচাকৈয়ে উল্লেখযোগ্য । ৰূপসজ্জা হ’ল নাট প্ৰদৰ্শনৰ এক অবিচ্ছেদ্য অংগ । সঠিক ৰূপসজ্জাই চৰিত্ৰটোক পূৰ্ণতা প্ৰদানত সহায় কৰে । সেয়া নিৰ্দিষ্ট চৰিত্ৰৰ অভিব্যক্তি প্রকাশত সহায় কৰে ৷
        ‎ৰূপসজ্জাৰ শিল্পীয়ে মঞ্চত ব্যৱহৃত পোহৰ আৰু দৰ্শকৰপৰা নাট প্ৰদৰ্শন কৰা স্থানৰ দূৰত্ব আদিৰ সঠিক তথ্য আহৰণ কৰিব লাগে । সেয়ে এক গতিশীল কলা । ইয়াত নিৰীক্ষণ ক্ষমতাৰ লগতে চিত্ৰকলাৰ জ্ঞান অত্যন্ত প্রয়োজনীয় । অসমৰ দুগৰাকীমান পুৰোধা ৰূপসজ্জাৰ শিল্পী হ’ল— যুগল দাস , দিলীপ ছেত্ৰী , উদয় শংকৰ শইকীয়া , ৰতন দাস , নৃপেন শইকীয়া , নগেন বৰা , বংশী দাস , প্ৰকাশ বৰা , হৰজিৎ সিং , প্রশান্ত বৰা , বাবুল দাস দিলীপ শৰ্মা বৰদলৈ ইত্যাদি । নাটকৰ লগত এক এৰাব নোৱাৰা সম্পৰ্ক আছে , পঞ্চম বেদৰূপে পৰিগণিত নাট্যশাস্ত্ৰত সামবেদৰপৰা লোৱা হৈছিল গীত অৰ্থাৎ সংগীত । নাট্যশাস্ত্র আৰম্ভও হৈছে এটি শ্লোকৰ দ্বাৰা ।
        ‎নাট্য সংগীতৰ পুৰোধা ব্যক্তি প্ৰয়াত বি.ভি কাৰাস্থে কৈছিল— ‘ নাট্য সংগীতৰ কোনো শাস্ত্ৰ নাই ই সৃষ্টিশীল । ' সেয়া প্রতিষ্ঠিত সকলো সংগীতৰপৰা পৃথক । নাট্য সংগীতত ভিন্নতা আছে ইয়াত ভাল লগাকৈ যিকোনো কাম কৰাত বাধা নাই । প্রয়োজন সাপেক্ষে ইয়াত ৰাগ ভাঙিবও পাৰি । সংগীতৰ সংক্ষিপ্তকৰণ নাটকত অতি প্রয়োজনীয় । তিনিটা কথা নাট্য সংগীতৰ বাবে খুবেই গুৰুত্বপূৰ্ণ । সুৰৰ জ্ঞান , ছন্দৰ জ্জ্বান আৰু মুহূৰ্তৰ জ্ঞান । যিহেতু নাট্য সংগীত এক সৃষ্টিশীল প্রায়োগিক সংগীত , গতিকে অনুশীলন , প্ৰয়োগ আৰু পৰীক্ষা - নিৰীক্ষাৰ দ্বাৰাহে ইয়াৰ কাৰ্যকাৰক সফলতাক উপলব্ধ কৰিব পাৰি । সেয়েহে নাট্য সংগীতৰ ওপৰত বিস্তৰ গৱেষণা তথা আলোচনাৰ স্থল আছে । বর্তমান সৃষ্টিশীল নাট্য সংগীতৰ বিষয়ত ডাঙৰ ডাঙৰ শিল্পীয়ে পৰীক্ষা - নিৰীক্ষা চলাই আছে । শেষত ক’ব পাৰি যে নাটক এখন মঞ্চস্থ কৰাৰ ক্ষেত্ৰত মঞ্চৰ আঁৰৰ সকলো কর্মকর্তা - কলাকুশলীৰ ভূমিকা অনস্বীকার্য ।

Q. 3 | অসমৰ নাটক পৰিৱেশনৰ মঞ্চ ব্যৱস্থাপনা তথা অভিনয় ৰীতি কেনেধৰণৰ ? আলোচনা কৰা ।

উত্তৰঃ নাটক এখন উপস্থাপনৰ ক্ষেত্ৰত মঞ্চ এখনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । ঊনবিংশ শতিকাৰ শেহৰফালে গুৱাহাটীত বঙালী আৰু অসমীয়া উভয় সম্প্রদায় মিলি আর্য নাট্যমঞ্চ নির্মাণ কৰিছিল । সপ্তম আৰু অষ্টম দশকতে অস্থায়ী ৰংগমঞ্চত ৰমাকান্ত চৌদুৰীৰ ‘ সীতাহৰণ ’ আৰু ‘ ৰাৱণবধ ’ মঞ্চস্থ হৈছিল । গুৱাহাটীৰ প্ৰথম স্থায়ী পকী নাট্য মন্দিৰটো নৱম আৰু দশম দশকত উজান বজাৰত গঢ় লৈ উঠিছিল— সীতাহৰণ আৰু ৰাৱণ বধৰ উপৰিও ভ্ৰমৰংগ , মহৰী , হৰিশ্চন্দ্ৰ , কীচক বধ আদি নাটক মঞ্চস্থ হৈছিল । ১৮৮০ চনত নগাঁৱৰ হয়বৰ গাঁৱত বীণাপাণি নাট্যমন্দিৰ গঢ়ি উঠিল আৰু বঙালী বঙালনী , হেমপ্রভা , বৈদেহী বিচ্ছেদ আদি নাট তাত মঞ্চস্থ হৈছিল । ১৮৯৯ চনত শিৱসাগৰ নাটা সমাজ স্থাপন হৈছিল । গুৰিয়াল আছিল ফণীধৰ চলিহা , সম্পাদক আছিল বেণুধৰ ৰাজখোৱা । ‘ সীতাৰ পাতাল প্ৰৱেশ ’ নাট মঞ্চস্থ হৈছিল ।

         অসমীয়া নাটকৰ মঞ্চৰূপৰ বহুতো সাক্ষ্য পোৱা যায় যদিও বঙলা নাটক আৰু গীতাভিনয়ে সমগ্র অসম গ্ৰাস কৰিছিল । কামৰূপ , গোৱালপাৰাকে ধৰি নামনি অসমত বঙালী যাত্রাভিনয়ে বিশেষ জনপ্রিয়তা অর্জন কৰিছিল । দুর্গা পূজাৰ অৱসৰকালীন সময়ছোৱাত দৰ্শকে অসমীয়া নাটকৰ মঞ্চাভিনয়তকৈ বঙলা যাত্রাভিনয়হে অধিক পছন্দ কৰিছিল । শতিকাটোৰ শেষৰ ফালে বৰপেটা , পাঠশালা আদি ঠাইত অসমীয়া যাত্রাদল কিছুমান গঢ়ি উঠিছিল আৰু সেইবোৰ দলে বিংশ শতিকাৰ প্ৰথমটো দশকত বিশেষ পৰিপুষ্টি লাভ কৰিছিল । মনহৰি দাস পৰিচালিত দলেই বৰপেটাৰ যাত্ৰাদলবোৰৰ ভিতৰত সকলোতকৈ প্রাচীন আছিল । অসমীয়া যাত্ৰাৰ মূল প্ৰেৰণা বংগৰ যাত্ৰা । যাত্ৰাৰ বাবে সকলোতকৈ প্রাচীন আছিল । অসমীয়া যাত্ৰাৰ মূল প্ৰেৰণা বংগৰ যাত্রা । যাত্ৰাৰ বাবে এটুকুৰা বৰ্গাক্ষেত্রাকাৰ বা ঘূৰণীয়া ঠাই বাছি লোৱা হয় । ইয়াৰ চাৰিওফালে দর্শকসকল বহে , আগৰকালত অভিনেতাসকলো তেনেদৰে বহিছিল । ইয়াত এটি ঠেকপথ থাকে পাছলৈ সেয়া অভিনেতাসকলৰ প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে ব্যৱহৰ কৰা হয় ।
         ‎সূত্ৰধাৰ আৰু সংগীতজ্ঞসকলৰ অভিনয়থলীৰ এটা প্ৰস্তুত স্থান আছিল । ইয়াত কোনো কৃত্ৰিমতাৰ আশ্ৰয় লোৱা নাছিল । সেই বুলিয়েই যাত্ৰাত কোনো চেটিং ব্যৱস্থা , আলোক সজ্জা , ধ্বনিগত উপকৰণ নাই । শ্রমজীৱী মানুহৰ বাবে যাত্ৰাৰ এই উচ্চ মানৰ অভিনয় শৈলীৰ প্ৰয়োজন হৈছিল । অসমীয়া নাট আৰু যাত্ৰাৰ মঞ্চ আৰু অভিনয়ৰ ৰীতিৰ ক্ষেত্ৰত পশ্চিমবংগৰ থিয়েটাৰৰ প্ৰভাৱৰ কথা মনত ৰাখি কিছু কথাৰ উল্লেখ কৰিব পৰা যায় । বংকৰ থিয়েটাৰত দুই ধৰণৰ উপকৰণ সোমাই আছে বুলি কোৱা হয় । কোনো কোনোৱে ইংৰাজী থিয়েটাৰৰ প্ৰভাৱ কলিকতাৰ ৰংগমঞ্চৰ ওপৰত পৰিছিল বুলি ক'ব খোজে । ব্রজেন নাথ বন্দোপাধ্যায়ে বংগৰ ৰংগমঞ্চৰ সৈতে যাত্ৰাৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলি অভিমত আগবঢ়ায় । অমূল্যচৰণ বিদ্যাভূষণ আকৌ বাংলা ৰংগমঞ্চৰ জনক বুলি অভিহিত কৰিব বিচাৰে যাত্ৰাক ।
         ‎যাত্ৰাই থিয়েটাৰক প্ৰভাৱান্বিত কৰিব পাৰে , নহ'লৈনো থিয়েটাৰৰ দ্বাৰা যাত্ৰা প্ৰাসংগিকতা এতিয়াও আছে । বাংলা যাত্রাভিনয় আৰু অসমীয়া যাত্রাভিনয়ৰ মাজত কিছু পার্থক্য থাকিলেও বাংলা থিয়েটাৰৰ অসমৰ মঞ্চ অভিনয়ৰ ক্ষেত্ৰত প্ৰভাৱ আছিল । সমসাময়িকভাৱে পশ্চিমবংগত গঢ় লৈ উঠা বংগ শালকেইটাৰ উমান পোৱা যাওক । ১৮৭৩-১৯০১ এই কালছোৱাত বেংগল থিয়েটাৰ নামৰ ব্যৱসায়িক থিয়েটাৰ গোষ্ঠীয়ে বংগদেশত নাট্যচৰ্চাৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল । গ্রেট নেচনেল থিয়েটাৰ আছিল সেই সময়ৰ আটাইতকৈ জনপ্ৰিয় ৰংগানুষ্ঠান । ঊনবিংশ শতিকাৰ এই দুটা থিয়েটাৰ গোষ্ঠীয়ে অন্ততঃ অসমৰ মঞ্চ স্থাপত্যৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল । এই কথা সহজেই অনুমেয় যে বেংগল থিয়েটাৰ অথবা গ্রেট নেচনেল থিয়েটাৰৰ যি ব্যয়বহুলতা তাৰ লগত অসমৰ মঞ্চ স্থাপত্যই ফেৰ মাৰিব পৰা নাছিল । সেয়া সম্ভৱপৰো নাছিল । নাট্যামোদী ৰাইজৰ সামান্য দান - বৰঙণিৰে এই ৰংগমঞ্চবোৰ গঢ় লৈ উঠিছিল । স্বাভাৱিকতেই কলিকতীয়া থিয়েটাৰৰ মঞ্চ স্থাপত্য আৰু অসমৰ মঞ্চ স্থাপত্যৰ মাজত আকাশ - পাতাল পার্থক্য আছিল কিন্তু অভিনয় ৰীতিৰ ক্ষেত্ৰত নিশ্চয় অসমৰ মঞ্চৰ অভিনয় ৰীতিৰ ওপৰত প্ৰভাৱশীল আছিল । কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকলে নিশ্চয় তাৰ অভিনয় উপভোগ কৰিছিল আৰু অসমৰ অভিনয়কো বংগৰ অভিনয়ৰ সাঁচত ঢালিবলৈ যত্ন কৰিছিল ।
         ‎ঊনবিংশ শতিকাত বংগত যিদৰে এটা বিশিষ্ট অভিনয় শৈলীয়ে গঢ় লৈ উঠা নাছিল , অসমৰ ক্ষেত্ৰতো সেয়াই হৈছিল । বিশেষকৈ নামনি অসমত শতিকাটোত অসমীয়া যাত্রাভিনয় আৰু বাঙালী যাত্ৰাভিনয়ৰ বিশেষ প্ৰভাৱ নাছিল , নগাঁৱৰ পৰা আৰম্ভ কৰি শদিয়ালৈকে উজনি অসমৰ এই অঞ্চলবোৰত অংকীয়া ভাওনা আৰু অংকীয়া ভাওনাৰ আৰ্হিত ৰচিত পুৰণি অসমীয়া নাটবোৰৰ অভিনয় আৰু চৰ্চা হৈছিল । পৌৰাণিক আৰু ধেমেলীয়া নাটৰ সমাদৰ আছিল বেছি । দুই এজন ইংৰাজী নাটৰ অসমীয়া ৰূপান্তৰ মঞ্চস্থ হৈছিল । পশ্চিমবংগতো সমসাময়িক কালত পৌৰাণিক আৰু ধেমেলীয়া নাটকৰ জনপ্ৰিয়তা আছিল । অসমত প্ৰধানতঃ পৌৰাণিকি নাটকেই অভিনয়ৰ বাবে লৈছিল আৰু সেই নাটবোৰৰ কমেও পাঁচোটা অংক আছিল । শতিকাটোৰ অভিনয় ৰীতি অনুধাৱন কৰাৰ বাবে সন্মুখত ৰখিব পাৰি ‘ বৈদেহী বিচ্ছেদ ’ নামৰ নাটখন ।




Tags :

  • অসমৰ প্ৰচেনিয়াম মঞ্চ আৰু ইয়াৰ ইতিহাস question answer
  • BA 3rd Semester Adv. Assamese Question Answer
  • GU TDC 3rd Semester Assamese General Solution
  • TDC 3rd Semester Assamese Notes
  • Gauhati University BA 3rd Sem Assamese Question Answer
  • BA 3rd Sem Assamese Major Question Answer Gauhati University
  • BA 3rd sem assamese book question answer
  • BA 3rd Semester Assamese Question Paper Gauhati University
  • B.A 3rd Semester Adv. Assamese Questions and Answers
  • BA 3rd Semester Assamese Notes Gauhati University
  • ASM-HG-3016 Question Answer Gauhati University
  • প্রসেনিয়াম মঞ্চ কি
  • ভ্ৰাম্যমাণ থিয়েটাৰ
  • ইতিহাস থিয়েটাৰ
  • B. A 3rd semester অসমৰ প্ৰচেনিয়াম মঞ্চ আৰু ইয়াৰ ইতিহাস