Follow Us:

চম্পাৱতীৰ সাধু প্রশ্ন উত্তৰ | BA 3rd Sem Assamese Major Question Answer Gauhati University | ASM-HC-3016 Question Answer

LearningPointAssam.com

চম্পাৱতীৰ সাধু প্রশ্ন উত্তৰ | BA 3rd Sem Assamese Major (ASM-HC-3016) Question Answer | Gauhati University TDC 3rd Sam Assamese Major Notes, B.A 3rd Semester Assamese Major Solutions to each chapter is provided in the list of GU BA 3rd Semester Assamese Major Question Answer. We design all notes according to Gauhati University syllabus so that you can easily browse B.A 3rd Semester Assamese Major Model Solutions and Gauhati University Guides. BA 3rd Semester Assamese Honours (ASM-HC-3016 অসমীয়া সাহিত্য প্ৰৱেশ) চম্পাৱতীৰ সাধু Question Answer can be of great value to excel in the examination.

BA 3rd Sem Assamese Major Question Answer Gauhati University

B.A 3rd Semester Assamese Major Notes & Guide covers all the practice questions of Guwahati University syllabus. লক্ষ্মীনাথ বেজবৰুৱা (সংগ্ৰাহক) : চম্পাৱতীৰ সাধু B.A 3rd Semester Assamese Major Question and Answer is given here which gives you better knowledge of all the concepts.  You can get solutions for both basic and advanced level questions of BA 3rd Sem Assamese Major ASM-HC-3016 — অসমীয়া সাহিত্য প্ৰৱেশ Notes. Here we have given Gauhati University TDC 3rd Semester Assamese Major চম্পাৱতীৰ সাধু Solutions for All Subject, You can practice these here…


***ইয়াত, — Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 1, Part - 2

চম্পাৱতীৰ সাধু  — ALL Important Question & Answers

GU BA 3rd Sem Assamese Major ASM-HC-3016 Questions & Answer :


CONTENTS

চম্পাৱতীৰ সাধু — লক্ষ্মীনাথ বেজবৰুৱা (সংগ্ৰাহক)
Model Question and Answer key






প্ৰশ্নাৱলীঃ

চম্পাৱতীৰ সাধু প্রশ্ন উত্তৰ | B.A 3rd Sem Assamese Major Model Solution is Here..

তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়াঃ

Q. 1 | অসমীয়া সাধুকথাবোৰৰ লিখিত ৰূপ আছে নে ?

উত্তৰঃ সাধুকথাৰ লিখিত ৰূপ নাথাকে । ই পৰম্পৰাগত ভাৱে মুখবাগৰি চালি অহা লোক কথা । 

Q. 2 | 'চম্পাৱতীৰ সাধু’ কোনখন পুথিৰ অন্তৰ্গত ? 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ‘বুঢ়ী আইৰ সাধু’ পুথিত সন্নিৱিষ্ট আছে ।

Q. 3 | লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম সাহিত্য কি আছিল ?

উত্তৰঃ জোনাকীৰ পাতত ৰচনা কৰা ‘লিতিকাই' নামৰ প্ৰহসন আছিল প্রথম সাহিত্য ।

Q. 4 | বেজবৰুৱাই কি ছদ্মনামত সাহিত্য ৰচনা কৰিছিল ?

উত্তৰঃ কৃপাবৰ বৰুৱা ছদ্মনামত ।

Q. 5 | বেজবৰুৱাৰ সাধুকথা সমূহৰ দিশ দুটা কি কি ? 

উত্তৰঃ বেজবৰুৱাৰ সাধুকথাৰ দিশ সমূল হ’লঃ — 

  • ( ক ) নীতি শিক্ষামূলক আৰু
  • ( খ ) ৰোমান্সধৰ্মী

Q. 6 | ‘বুঢ়ী আইৰ সাধু’ কিমান চনত প্ৰকাশ পায় ? 

উত্তৰঃ ১৯১১ চনত ।

Q. 7 | জোনাকী কাকত কিমান চনত প্ৰকাশ পায় ? 

উত্তৰঃ ১৮৮৯ চনত ।

Q. 8 | “জোনাকী’ৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয় ? 

উত্তৰঃ “জোনাকী’ৰ ত্ৰিমূৰ্তি বুলি — লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী'ক কোৱা হয় ।

Q. 9 | কিমান চনত বেজবৰুৱাই ‘বাঁহী’ আলোচনী সম্পাদনা কৰছিল ?

উত্তৰঃ ১৯১০ চনত ।

Q. 10 | বেজবৰুৱাৰ সাধুত যাদুকৰী প্রয়োগ ঘটিছেনে ?

উত্তৰঃ বেজবৰুৱাৰ সাধুৰ যাদুকৰী বাস্তৱবাদৰ প্ৰয়োগ ঘটা দেখা যায় – ‘মেকুৰী জীয়েকৰ সাধু’, ‘পানেশৈ’, ‘তেজীমলা’ ইত্যাদি ।

Q. 11 | 'চম্পাৱতীৰ সাধু'ত গীতিধর্মীতা প্রকাশ পাইছেনে?

উত্তৰঃ ‘বুঢ়ী আই সাধু’ত বেজবৰুৱাই গীতৰ মাজতেই গোটেই কাহিনী বর্ণনা কৰিছে । ‘ চম্পাৱতীৰ সাধু’তো গীতিধৰ্মীতাৰ প্ৰকাশ ঘটিছে । এই সাধুটোত শাহুৱেক চম্পাৱতীক হত্যা কৰাৰ পৰিকল্পনা গিৰিয়েক গম পায় চম্পাৱতীক কাতৰে মাতিছিল; এনেদৰে — 

‘মৰম চম্পা
ঐ ইমান বেগ দি নালাগে যাব; 
ক্ষন্তেক ৰোৱাচোন ঐ ।’

Q. 12 | 'বুঢ়ী আইৰ সাধু’ৰ জৰিয়তে অসমীয়া মানুহৰ কেনেকুৱা দিশ দাঙি ধৰিছে ?

উত্তৰঃ ‘বুঢ়ী আইৰ সাধু’ৰ জৰিয়তে বেজবৰুৱাই অসমীয়া মানুহৰ নৈতিক, আধ্যাত্মিক সামাজিক তথা মানৱীয় বৈশিষ্ট্য ৰাজিও প্ৰকাশ কৰিছে ।

Q. 13 | চম্পাৱতীৰ সাধু’ত নির্যাতিতা নাৰীৰ প্ৰতিফলন কেনেদৰে ঘটিছে আলোচনা কৰা ।

উত্তৰঃ ‘বুঢ়ী আইৰ সাধু’ত বেজবৰুৱাই নির্যাতিতা নাৰী সমাজৰ এক নিদৰ্শন দাঙি ধৰিছে । বেজবৰুৱাই সমাজত নিষ্ঠুৰতাৰ বলি হোৱা নাৰীৰ উল্লেখ ‘তেজীমলা, ‘তুলা’ আৰু ‘তেজা’, ‘চম্পাৱতী’, ‘চিলনীৰ জীয়েকৰ সাধু’, ‘নুমলীয়াপো’ আদি সাধুত সুন্দৰ ভাৱে দাভি ধৰিছে । তেজীমলা সাধুটোত তেজীমলাই নিজৰ ঘৰেতেই মাহীমাকৰ নিষ্ঠুৰতাৰ বলি হ’ব লাগ হৈছে । 'চিলনী জীয়েকৰ সাধু'ত নাৰীৰ ওপৰতেই নাৰীয়ে কৰা শাৰীৰিক মানসিক অত্যাচাৰৰ কথা বৰ্ণনা কৰিছে । সাউদৰ সাতোজনী ঘৈণীয়েকে চিলনীৰ জীয়েকক বিভিন্ন ধৰণে শাস্তি দিছিল । তেনেদৰে ‘তুলা আৰু তেজা’তো তেজাক বিয়াৰ পিছত সতিনীয়েক ৰাণীয়ে শাখিনী বুলি কৈছিল লগেত নানান ধৰণৰ কটু কথা শুনাইছিল । 

       সেই সময়ত পুৰুষে নাৰীৰ ওপৰত কৰা অত্যাচাৰ কথাও কিছুমান সাধুতপোৱা যায় । 'নুমলীয়া পো’, ‘মেকুৰী জীয়েকৰ সাধু’ আদিত গিৰিয়েকে ঘৈণীয়েকৰ ওপৰত কৰা অত্যাচাৰৰ বৰ্ণনা পোৱা যায় ।

       ‎‘চম্পাৱতী’ সাধুটোত নাৰীৰ ওপৰত কৰা অত্যাচাৰৰ বৰ্ণনা আছে । চম্পাৱতী আৰু মাকৰ ওপৰত বাপেক আৰু লাগীয়ে নানা অত্যাচাৰ আৰু কটু কথা শুনাইছিল । ঘৰৰ সকলো কা চম্পাৱতী আৰু মাকে কৰিব লগা হৈছিল, পথাৰক ধান ৰখিব যাব লগা হৈছিল চম্পাৱতীয়ে ৷ ইমানবোৰ কাম কৰাৰ বিনিময়তো তেওঁলোকে না ভালকৈ খাবলৈ পাইছিল না পিন্ধিবলৈ পাইছিল । তাৰোপৰি তেওঁলোকক থাকিবলৈ দিয়া হৈছিল বাৰীৰ চুকত এটি জুপুৰিত ।

       ‎চম্পাৱতীক নাগদেৱতাই বিয়া পাতি নিয়াৰ পিছত শাহুৱেক স্বৰূপা ৰাক্ষসীৰ পৰা নানা ধৰণৰ নিৰ্যাতন ভোগ কৰিব লগাত পৰিছিল । শাহুৱেক চম্পাৱতীক মাৰিব খুজিছিল । শাহুৱেকৰ কথা শুনি চম্পাৱতীয়ে নিজৰ গিৰীয়েকৰ পৰা ছবছৰলৈ দূৰত থাকিব লগা হৈছিল ।

       ‎উক্ত আলোচনাৰ পৰা বুজিব পৰা যায়যে বেজবৰুৱাই সেই সময়ৰ সমাজৰ নির্যাতিতা নাৰীৰ চিত্ৰ সাধুৰ জৰিয়তে প্রতিফলিত কৰিবলৈ চেষ্টা কৰিছিল ।

Q. 14 | 'চম্পাৱতীৰ সাধু’টোৰ জৰিয়তে কি নীতি শিক্ষা দিয়া হৈছে ?

উত্তৰঃ অসমীয়াত এষাৰ কথা আছে যে আনলৈ বুলি হুল পুতি নিজে মৰে ফুটি । ‘চম্পাৱতী’ সাধুটোতো এইকথাষাৰৰে প্ৰতিফলন ঘটিছে । সদাগৰৰ দ্বিতীয় পত্নীয়ে চম্পাৱতী আৰু মাকক একাষৰীয়াকৈ থাকিব দিছিল, দ্বিতীয় পত্নীৰ কথা শুনি সদাগৰেও তেওঁলোকক নানা অত্যাচাৰ কৰিছিল । ধান ৰখিব যাওতে যেতিয়া চম্পাৱতীক নাগদেৱতাই বিয়া কৰাম বুলি কৈছিল , তেতিয়া লাগীয়ে বৰ আনন্দ পাইছিল, তাই ভাবিছিল যে চম্পাৱতীক নাগে খাই পেলাব আৰু তাইৰ জীয়েকে অকলে ৰাজ্যসুখত থাকিব পাৰিব, সেয়ে চম্পাৱতীক নাগদেৱতাই বিয়া কৰোৱাৰ পিছত সোণ - ৰূপেৰে উপচাই পেলালে আৰু তাইৰ একো অনিষ্ট নহ'ল । তাকে দেখি লাগীৰ মনত লোভ জন্মিল আৰু তাইৰ জীয়েককো অজগৰৰ সৈতে বিয়া দিব লাগে বুলি জেদ ধৰিলে । কথা পেলার নোৱাৰি সদাগৰে গাঁৱৰ মানুহৰ হতুৱাই এডাল প্ৰকাণ্ড অজগৰৰ সাপ ধৰি আমিন ধুমধামেৰে বিয়া পাতি দিলে আৰু লাগীৰ ছোৱালীজনীক একেলগে অজগৰ ডালৰ সৈতে থাকিব দিলে । কিন্তু তেওঁলোকে ভবাৰ দৰে একো নহ'ল অজগৰ ডালে ছোৱালী জনীক খাই পেলালে । মনৰ দুখত লাগী আৰু সদাগৰে নিজৰ কপালকে দুষিলে ।

       ইয়াৰ পিছত চম্পাৱতী আৰু মাকক নাগদেৱতাই সেই ঠাইৰ পৰা এখন অজান ঠাইলৈ লৈ গৈছিল যাতে লাগী আৰু সদাগৰে তেওঁলোকৰ একো অনিষ্ট কৰিব নোৱাৰে । কিন্তু সেই ঠাইত আকৌ চম্পাৱতীৰ শাহুৱেক স্বৰূপা ৰাক্ষসীয়ে তাইৰ ওপৰত অত্যাচাৰ চলাই , নানান কথা কৈ চম্পাৱতীক গিৰিয়েকৰ পৰা আতৰ কৰিব চেষ্টা কৰিছিল । আনকি চম্পাৱতীক মাৰিবৰ কাৰণেও বিভিন্ন পাঙ পাতিছিল কিন্তু চম্পাৱতী একো নহ'ল ৰাক্ষসীক নিজৰ পুতেকেই মাৰি পেলালে ।

     মাহীমাক আৰু শাহুৱেকে চম্পাৱতীক বিভিন্ন প্ৰকাৰে অনিষ্ট কৰিবলৈ চেষ্টা কৰিছিল যদিও তাইৰ একো অনিষ্ট নহ’ল অনিষ্ট নহ’ল বৰঞ্চ সিহঁতৰহে অনিষ্ট হ’ল । সাধুটোৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে বেলেগৰ অনিষ্ট সাধন কৰাটো মহাপাপ ।

Q. 15 | অসমীয়া লোক-সাহিত্যত সাধুকথাৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা ।

উত্তৰঃ মহাকবি গ্যেটেই সাধুকথাক সকলো ধৰণৰ গল্প , উপন্যাসৰ পিতৃ লোক স্বৰূপ বুলি মন্তব্য কৰিছিল । সেই ফালৰ পৰা সাধুকথাৰ গুৰুত্ব অপৰিসীম ৷ ঘৰুৱা, কথ্যভাষাত বৰ্ণিত এই সাধুকথাবোৰে আমাৰ লোকজীৱনৰ নানান তথ্যৰ সম্ভেদ দিব পাৰে । সাধুকথা বা লোক কথাৰ উৎপত্তি ক’ত বা কেতিয়া সেই সম্পর্কে কোনো সঠিক তথ্য বিচাৰি পোৱা নাযায় ৷

        লোক সাহিত্যৰ প্ৰধান বৈশিষ্ট্য হ’ল— লোকসাহিত্য মৌখিক ই লোক বিশ্বাসৰ ওপৰত প্ৰতিস্থিত, ই লোক সমাজৰ সৃষ্টি, ইয়াত লোকজীৱনৰ মনস্তত্ত্ব বিশেষৰূপত প্ৰকাশ পায়, ই সমাজজীৱনৰ এক প্ৰতিচ্ছবি, তদানীন্তন সমাজত প্রচলিত সত্য আৰু আদৰ্শই ইয়াত বিশেষ ৰূপত আত্ম প্ৰকাশ কৰে, ইয়াৰ উপলদ্ধি আৰু আবেদন বিশ্বজনীন , ইয়াত ভাবৰ সৰলতা প্রকাশ পায় । লোক সাহিত্যৰ মাজত প্রতিফলিত সকলোবোৰ গুণেই সাধুকথাত ৰক্ষিত হৈ আছে বাবে ইয়াক লোক সাহিত্য এক বিশিষ্ট অংশ হিচাপে গণ্য কৰিব পৰি । 

        ‎সাধুকথাৰ গুৰুত্ব মানৱ সমাজত অসীম । পৃথিৱীৰ জীৱনৰ হাজাৰ হাজাৰ অভিজ্ঞতা বহন কৰি ফুৰিছে । সাধুকথা হ’ল লোকমনে লোক সমাজৰ অৱসৰ বিনোদন আৰু নীতি শিক্ষাৰ বাবে স্বতঃস্ফুর্তভাৱে প্ৰকাশ কৰা কল্পনা বা বাস্তৱ জগতৰ মনে সজা অলৌকিক বা লৌকিক কাহিনী । 

        ‎সাধুকথাৰ বিষয় বস্তুৰ ওপৰত নিৰ্ভৰ কৰি পৌৰাণিক ঐতিহাসিক , ৰহস্য বা বিষ্ময়ধৰ্মী আৰু সামাজিক নামৰ চাৰিটা ভাগত সাধু কথাক শ্রেণীবিভাজন কৰা হৈছে । সাধুকথাই সমাজ জীৱনৰ বিভিন্ন শি প্রতিফলিত কৰে । সমাজ আৰু সমাজৰ লগত জড়িত হৈ থকা ব্যক্তিৰ নিজা মানসিকতাৰো ই সম্ভেদ দিয়ে । অসমত বাসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ সমাজ জীৱনৰ ইতিহাস , মিলা প্রীতি, ভাতৃত্ববোধ, দ্বন্দ্ব - খৰিয়াল, ফাকি - ফুকা, নীতিবচন, চহা মনৰ, চিন্তা ভাৱনা, আশা - আকাংক্ষা, হাহামুনিয়াহ, স্বাৰ্থপৰতা, সংস্কাৰ, অন্যায় - অবিচাৰ, প্রেম - ভালপোৱা, খাদ্য, সাজপাৰ, আ - অলংকাৰ, লোক বিশ্বাস, ব্ৰত, অন্ধবিশ্বাস, অনুভূতি আদি কথাবোৰ সাধুকথাৰ মাজেদি ক'ব নোৱাৰাকৈ প্ৰকাশ কৰিছে । পতি । সাহিত্য দিশৰ পৰা চাবলৈ গ’লে ই এক সৃষ্টিশীল সাহিত্য । ইয়াত গল্প , উপন্যাসৰ দৰে কাহিনী, চৰিত্ৰ লিখকৰ মৌলিকতা আটাইবোৰ উপাদান পৰিলক্ষিত হয় । যিদৰে সাহিত্যই সমাজ পৰিৱৰ্তনত মুখ্য ভূমিকা গ্ৰহণ কৰে ঠিক সেইদৰে সাধুকথাৰ মাজতো আমি সমাজ পৰিৱৰ্তন, নীতি শিক্ষাৰ পাঠ পাওঁ । সেয়ে নিঃসন্দেহে ক'ব পৰি যে অসমীয়া সাহিত্যত সাধুকথাৰ গুৰুত্ব কেতিয়াও নুই কৰিব নোৱাৰে ।




Tags :

  • চম্পাৱতীৰ সাধু প্রশ্ন উত্তৰ
  • BA 3rd Sem Assamese Major Question Answer
  • Gauhati University TDC 3rd Sam Assamese Major Notes
  • B.A 3rd Semester Assamese Major Solutions
  • BA 3rd Semester Assamese Major ASM-HC-3016 Question Answer
  • Gauhati University BA 3rd Semester Assamese Major Question Answer
  • TDC 3rd Sam Assamese Model Solution
  • B.A 3rd Sem Assamese Major Solution