Follow Us:

বৈচিত্র্যময় অসম Class 9 Chapter 3 কাৰ্বি সকল প্রশ্নৰ উত্তৰ | কাৰ্বি সকল Class 9 Question Answer

LearningPointAssam.com

বৈচিত্র্যময় অসম Class 9 Chapter 3 কাৰ্বি সকল প্রশ্নৰ উত্তৰ | Class 9 Boichitramoi Assam - বৈচিত্র্যময় অসম Class 9 Chapter 3 Question Answer | কাৰ্বি সকল Class 9 Question Answer: Dear Students, Are you looking for Class 9 Rapid Reader Assam Question And Answers? SEBA Class 9 Boichitramoi Assam Question Answer is here. You can prepare ahead of the board exams by taking help from these Boichitramoi Assam - বৈচিত্র্যময় অসম class 9 chapter 3 কাৰ্বিসকল can be of great value to excel in the examination.

বৈচিত্র্যময় অসম Class 9 Chapter 3 কাৰ্বি সকল

Assam Board SEBA Class 9 Solution for বৈচিত্র্যময় অসম Class 9 Chapter 3 কাৰ্বি সকল Notes & Guide to each Unit are provided in the list of SEBA Class 9 Boichitramoi Assam - বৈচিত্র্যময় অসম Class 9 Question Answer. We design all notes according to SEBA Class 9 Assam Board Syllabus so that you can easily browse through বৈচিত্র্যময় অসম Class 9 Chapter 3 Question Answer and Guides and Notes here.

বৈচিত্র্যময় অসম Class 9 Question Answer

Also, you can read Assam Board Solution Class 9 Assamese Boichitramoi Assam | বৈচিত্র্যময় অসম Class 9 book solution of the assam board in these sections is provided by expert teachers as per SCERT (SEBA) book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese বৈচিত্রময় অসম question answer for All Subject, You can practice these here…



***ইয়াত — Dibrugarh University, Gauhati University BA 1st, 2nd, 3rd, 4th, 5th & 6th Semester-ৰ উপৰিও HS — 11th, 12th (arts, commerce, Science (Class 1 পৰা Graduation) লৈ সকলো কিতাপৰ সকলো বিষয়ৰ তথ্য সমূহ Assamese medium আৰু English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।



Chapter — 3 

বৈচিত্র্যময় অসম Class 9 Chapter 3 — ALL Important Question & Answers

কাৰ্বি সকল Class 9 Rapid Reader Assam Question And Answer


CONTENTS

কাৰ্বি সকল প্রশ্নৰ উত্তৰ
(বৈচিত্র্যময় অসম class 9 question answer)
Question and Answer key






প্ৰশ্নাৱলীঃ

বৈচিত্র্যময় অসম Class 9 Chapter 3 | কাৰ্বি সকল Chapter 3 Class 9 Rapid Reader Assam Question And Answer

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | কাৰ্বি সকলক অসমৰ কলম্বাচ বুলি কোনে কৈছিল ?

উত্তৰঃ কাৰ্বিসকলক অসমৰ বিষ্ণু প্ৰসাদ ৰাভাই কলম্বাছ বুলি কৈছিল ।

Q. 2 | কাৰ্বিসকলৰ পৰম্পৰাগত সাজ পাৰৰ বিষয়ে লিখা ।

উত্তৰঃ কাৰ্বিসকলৰ পুৰ, আৰু নাৰীৰ পোচাক পৃথক । পৃথক পুৰুষুৰ  আঁঠমুৰীয়া পো চেলেং, চই হঁথৰ, চুই ইক, চইলক (কাৰ্বি জেকেট) পিই আদিয়েই প্ৰধান । চই  হংথৰ আজিকালি কাৰ্বি জেকিট বুলি পৰিচিত । পহ ৪ আৰু ৫ ইঞ্চি বহল আৰু প্ৰায় ছয় ফুট জদীঘল । ইয়াৰ দুয়োমূৰে বিভিন্ন ৰঙৰ ফুল তুলি দিয়া হয় ।

      চেপান আবু- প্ৰায় ৩  ইঞ্চি বহল  আৰু প্ৰায় দীঘলে ছয় ফুট । দুয়োমূৰে কড়িৰে সম্বলিত বিশেষ চকচকীয়া কলা কাপোৰ । ইয়াক ডোকাল’ৰাসকলে ব্যৱহাৰ কৰা দেখা যায়।

নাৰীৰ সাজ পৰা হ’লঃ পিনি, পেকক আৰু ৱানকক – তদুপৰি পে ছেলেং,  পে খনজাৰি, পে ছাৰপি আদিয়ে প্ৰধান।

পিবাঃ ১২/২ ফুটৰ পৰা ২ ফুট বহল আৰু ৬ ফুট দীঘল। দোয়ো মূৰে বিভিন্ন ৰঙৰ ফুল তুলি কড়িৰে সম্বলিত বিশেষ চকচকীয়া ক’লা কাপোৰ ।  ইয়াক মহিলাসকলে নিজৰ কেঁচুৱাটিক বোকোচাত ল’বৰ বাবে ব্যৱহাৰ কৰে ।

Q. 3 | কাৰ্বিসকল উৎসৱ-পাৰ্বণ সম্পৰ্কে লিখা ।

উত্তৰঃ কাৰ্বিসলৰ উৎসৱ-পাৰ্বণ সমূহ হ’লঃ পেং হেমফু, ৰংকেৰ, চজুন আদিয়েই প্ৰধান । পেং হেমফু  হ’ল ঘৰুৱা উৎসৱ । এই উৎসৱত  সাধাৰণতে তিনিটাকৈ পূজা থাকে । ৰিৎ আংলং, বুচম মআৰু পেং । এই তিনিটা পূজা বছৰৰ  আৰাম্ভণিতে কৰা হয় যাতে  বছৰৰ আপায়-অমংগল নহয়। ইয়াক কোৱা হয় গুৱা উৎসৱ ।

চজুন উৎসৱঃ  এই উৎসৱত প্ৰতিবছৰে উদযাপন নহয় । ৪,৫ বা ৯ বছৰৰ মূৰে কৰা হয় ।

ৰংকেৰ উৎসৱঃ ইয়াক গাঁৱৰ উৎসৱ বুলি কোৱা হয় । এই উৎসৱ বছৰৰ আৰাম্ভণিতে উদযাপন কৰা হয় । পূজাৰ মূল বেদীত চৰাই, ছাগলী , কণী আদি উৰ্ছগা কৰি উপাস্য দেৱতাৰ সন্তুষ্টিৰ বাবে পূজা কৰা হয় ।

Q. 4 | কাৰ্বিসকলৰ মূল ফৈদকেইটা কি কি ?

উত্তৰঃ কাৰ্বিসকলৰ মূল ফৈদকেইটা হ’ল – টিমুং, টেৰন, তেৰাং, ইংহি ইংতি ।

Q. 5 | কাৰ্বি সমাজৰ নাৰীসকলে পৰিধান কৰা কেইবিধমান  সাজ-পাৰ তথা আ-অলংকাৰৰ নাম লিখা ।

উত্তৰঃ   নাৰীৰ সাজ পৰা হ’লঃ পিনি, পেকক আৰু ৱানকক – তদুপৰি পে ছেলেং,  পে খনজাৰি, পে ছাৰপি আদিয়ে প্ৰধান আৰু আ-অলংকাৰ সমূহ হল – লেক হিকি, নতেংপী, ন’লাংপং লেক পাংখৰা, লাং আৱ, ৰই পাংখৰা, ৰই পাহু ইত্যাদি। 



চমুটোকা লিখাঃ Mark — 5

(ক ) ছেমচনছিং ইংতি ।

উত্তৰঃ তেওঁ কাৰ্বি আংলঙৰ স্বপ্নদ্ৰষ্টা আৰু ৰূপকাৰ । ১৯১০ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে পশ্চিম কাৰ্বি আংলঙৰ টিকা পাহাৰত জন্ম গ্ৰহণ কৰিছিল । পিতাকৰ নাম থেংকুৰছিং ইংতি আৰু মাকৰ নাম ৰুথ মাধৱী । ১৯১৬ চনত গোলাঘাট মিছন স্কুলত শিক্ষাৰ পাতনি মেলে আৰু ১৯২৮ চনত গোলাঘাটত বেজবৰুৱা হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ কৰিছিল । তেওঁ নিজে কেইবাখনো কাৰ্বি ভাষাৰ পাঠ্যপুথি লিখি অসমীয়া মাধ্যমৰ বিদ্যালয়সমীহত অতিৰিক্ত পাঠ্যপুথি হিচাপে পাঠদান কৰায় । তেওঁ লিখা পুথিকেইখন হ’ল – ‘বিতুছ আকিতাপ’, ‘কালাখা আকিতাপ’,  ‘তোমপুৰু আৰু ৱপী ’।

(খ) ছামচিং হাঞ্চে ।

উত্তৰঃ ছামচিং হাঞ্চে এজন লেখক, কবি, গীতিকাৰ, ঔপন্যাসিক, কথাছবি প্ৰযোজক, ৰাজনীতিক, সাহিত্যপ্ৰেমী ব্যক্তি। নগাঁও জিলিৰা সৰুবাট নৌজাৰ অন্তৰ্গত পণ্ডিতঘাট বা আৰ্হিকেলক গাঁৱত ১৯৪৮ চনৰ এপ্ৰল মাহৰ ১৮ তাৰিখে তেওঁৰ জন্ম হয় । পিতৃৰ নাম জয়সিংহ হাঞ্চে আৰু মাতৃৰ নাম কাএৎ টেৰপণী । খ্ৰীষ্টীয় ১৯৮৫ চনত বিধাসবা সভাৰ নিৰ্বাচনত ডিফু সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অসম মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰিত্ব লাভ কৰিবলৈ সক্ষম হয় । ১৯৯৮ চনৰ জানুৱাৰী মাহৰ ১৩ তাৰিখে সকলোকে ম্ত্ৰিয়মান কৰি ইহসংসাৰ পৰা চিৰকালৰ বাবে বিদায় লয় ।

(গ) বংলং তেৰাং ।

উত্তৰঃ কাৰ্বি সাহিত্যৰ পুৰোধা ব্যক্তি বংলং তেৰাঙৰ জন্ম হয় ১৯০৯ চনৰ অক্টোবৰ মাহৰ ১০ তাৰিখে ডিলাই নদীৰ কাষৰ নিহাংলাংছ নামৰ ঠাইত । তেৱেঁই কাৰ্বি সাহিত্যৰ প্ৰথম লিখিত ৰূপ প্ৰদান কৰে । দেউতাকৰ নাম ছাৰ তেৰাং আৰু মাকৰ নাম কাৰেঁ  তিচ্ছপী । তেওঁ ১৩ বছৰ বয়সৰ পৰা সাহিত্য ৰচনা আৰাম্ভ কৰিছিল । তেওঁ লখা বিভিন্ন কিতাপসমূহ হ’ল- ‘Word Book’  ‘আদাম আছাৰ’,  ‘ৰূকাছেন’,  ‘হাইমু’,  ‘ছেৰ হংথম’,  ইত্যাদি ।

    ১৯৭৩ চনত কাৰ্বি সাহিত্য সভাৰ তৰফৰ পৰা কাৰ্বি সাহিত্যৰ পুৰোধা ব্যক্তি পুৰস্কাৰ প্ৰদান কৰা হয় । অসম চৰকাৰৰ তৰফৰ পৰা একাকালীন মাননী প্ৰদান কৰাৰ লগতচে সাহিত্যিক পেঞ্চন প্ৰদান কৰে । এই জনা পুৰোধা ব্যক্তিয়ে সকলোকে এৰি ২০০১ চনৰ জুলাই মাহৰ ১৭ তাৰিখে ইহলীলা সম্বৰণ কৰে ।   

(ঘ) লংকাম তেৰণ ।

উত্তৰঃ সু - সাহিত্যিক লংকাম তেৰণৰ জন্ম হয় ১৯৩২ চনত। তেওঁৰ দেউতাকৰ নাম ডিঙ্গু তেৰণ আৰু মাকৰ নাম কাচাই হাঞ্চেপী। ১৯৫৭ চনত কাচে ৰংহাংগীৰ লগত বিবাহ হয়। ১৯৬৪ চনত মিকিৰ পাহাৰ জিলা পৰিষদৰ জন সম্পর্কৰক্ষী বিষয়া পদত মনােনীত হয়। তেওঁ কাবি আবাৰৰ সাধাৰণ সম্পাদক আৰু সভাপতি পদকো অলংকৃত হৈছিল। কাবি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু ১৯৮৬ চনৰ কামপুৰ অধিবেশনত অসম সাহিত্য সভাৰ উপ - সভাপতি পদতাে কার্যনির্বাহ কৰিছিল। ৰচিত, সংকলিত আৰু অনুদিত গ্রন্থ মুঠ ৪১ - খন। তেওঁৰ দ্বাৰা ৰচিত গ্রন্থসমূহ হ'ল ৰং কেছেং’ , টামাহিদি’ , ‘কিতাপ কিমি’ , কাৰবি লামকুৰু’ , ‘কাবি জনগােষ্ঠী’ , ‘কাবি লামকুৰু - লামছেং’ , ‘কাবি ভাষা পৰিচয়’ , কাবি লামছাম’ আদি।





Tags :

  • বৈচিত্র্যময় অসম Class 9 Chapter 3 কাৰ্বিসকল প্রশ্নৰ উত্তৰ
  • বৈচিত্র্যময় অসম Class 9 Chapter 3 Question Answer
  • কাৰ্বি সকল Class 9 Question Answer 
  • Class 9 বৈচিত্রময় অসম question answer 
  • Class 9 বৈচিত্রময় অসম chapter 3 question answer
  • Seba Class 9 বৈচিত্রময় অসম chapter 3 question answer
  • কাৰ্বি সকল class 9
  • কাৰ্বিসকল Class 9 Assamese Solutions