Follow Us:

শিশু লীলা কবিতা Class 9 Question Answer | Class 9 Assamese Chapter 1 শিশুলীলা Question Answer

LearningPointAssam.com

শিশু লীলা কবিতা Class 9 Question Answer | Class 9 assamese chapter 1 question answer, শিশুলীলা Class 9 Question answer: Dear Students, You are looking for Class 9 Assamese book question answer chapter 1 শিশুলীলা, Assamese class 9 শিশুলীলা question answer here. You can prepare ahead of the board exams by taking help from these Class 9 Assamese Chapter 1 শিশুলীলা can be of great value to excel in the examination.

শিশু লীলা কবিতা Class 9 Question Answer

SEBA Class 9 NCERT Solution for Class 9 Assamese Chapter 1 শিশুলীলা Notes & Guide to each Unit are provided in the list of class 9 assamese question answer SEBA Syllabus. Class 9 assamese chapter 1 শিশুলীলা question answer you can easily browse শিশু লীলা কবিতা Class 9 Question Answer.

Class 9 Assamese Chapter 1 Question Answer

Class 9 Assamese Chapter 1 শিশুলীলা Notes covers all the practice questions of SEBA syllabus. Class 9 assamese chapter 1 question answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


ইয়াত — Dibrugarh University, Gauhati University BA 1st, 2nd, 3rd, 4th, 5th & 6th Semester-ৰ উপৰিও HS — 11th, 12th (arts, commerce, Science (Class 1 পৰা Graduation) লৈ সকলো কিতাপৰ সকলো বিষয়ৰ তথ্য সমূহ Assamese medium আৰু English medium-ত দিয়া হয় হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।



Chapter — 1 

শিশুলীলা — ALL Important Question & Answers

শিশু লীলা কবিতা Class 9 Question Answer


CONTENTS 

শিশুলীলা
(অসমীয়া class 9 question answer)
 Question and Answer key






শিশুলীলা কবিতা
___________________

দিনেক যশোদা নন্দ জায়া ।
আপুনি মথন্ত দধি গৈয়া ।। 
কৃষ্ণৰ শৈশৱ লীলাক স্মৰি। 
কৃষ্ণগীত  গাৱন্ত সুন্দৰী ।।   
ক্ষৌম বস্ত্ৰ পিন্ধি দিব্য কাছে ।
কটিত মেখলা বান্ধি আছে ।।
পুত্ৰস্নেহে স্ৰৱে দুয়ো স্তন ।     
আজোড়ন্তে লড়ে ঘনে ঘন ।। 
ৰুণ ঝুণ কেয়ূৰ কঙ্কণ ।       
শ্ৰম জলে উজ্জ্বল বদন ।।  
কণত কুন্দল দোলে আতি । 
খসি পড়ে খোপাৰ মালতি ।।
এহিমতে মথন্তে প্ৰয়াসি ।
মাৱক ধৰিলা কৃষ্ণে আসি ।  
মথনিত ধৰিয়া নিষেধি ।   
মথিবাক নেদে আউৰ দধি ।।
হাসি কোলে লৈলা নন্দ জায়া ।।
দিলা স্তন পুত্ৰমুখ চায়া ।।


শব্দাথ আৰু টোকাঃ

  • আউৰ               আৰু।
  • আখি                 চকু। 
  • আজোড়ন্তে      আজুৰি থাকোঁতে।
  • কঙ্কণ                খাৰু।
  • কোপে               খঙত।
  • খসি                   খহি।
  • চাণ্ড                  জোৰকৈ ।
  • ছায়া                  চাই।
  • ডৰে                  ভয়তে ।
  • দশন                 দাঁত।
  • দিব্য়                  স্বৰ্গীয়।
  • দোলে               দুলি থাকে, লৰে।
  • নন্দজায়া          নন্দৰজাৰ পত্নী।
  • নিষেধি             বাধা দি।
  • পশিলন্ত           সোমালহি।
  • প্ৰয়াসি              যত্ন কৰি ।
  • বদন                 মুখ।
  • বসি                  বহি।
  • ভঞ্জন্ত              খালে।
  • নথনি               গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি।
  • মহাত্ৰাস          খুব বেছি ভয় খোৱা।
  • মেলান             মেল খোৱা বা মুকলি হোৱা।
  • শিকিয়া            কোনো বস্তু ওপৰত আঁৰি থবৰ বাবে ৰাচিৰে প্ৰস্তুত কৰা এবিধ সঁজুলি।
  • শ্ৰোণী ভৰে       নিতম্ব বা তপিনাৰ ভৰত।
  • সিঞ্চিৰাই           ছটিয়াই দি, সিঁচি দি .
  • স্ৰৱৈ                  বৈ থকা।
  • ক্ষৌম বস্ত্ৰ        পাটৰ কাপোৰ।



প্ৰশ্নাৱলীঃ

Class 9 Assamese Chapter 1 শিশুলীলা কবিতা, Class 9 Question Answer Here.

Q. 1 | তলৰ প্রশ্নসমূহৰ অতি চমুকৈ উত্তৰ দিয়াঃ

(ক) ‘শিশুলীলা’ পাঠটিৰ ৰচক কোন?

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।

(খ) মহাপুৰুষ শংকৰদেৱৰ জন্ম আৰু মৃত্যু চন দুটা উল্লেখ কৰা।

উত্তৰঃ জন্ম- ১৪৪৯ চন, মৃত্যু- ১৫৬৮ চন।

(গ) মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি?

উত্তৰঃ নৱ বৈষ্ণৱ ধৰ্ম।

(ঘ) মহাপুৰুষ শংকৰদেৱৰ জন্ম ক’ত হৈছিল? 

উত্তৰঃ বৰদোৱাৰ ওচৰৰ আলিপুখুৰী গাঁৱত।

(ঙ) মহাপুৰুষ শংকৰদেৱৰ মৃত্যু ক’ত হৈছিল?

উত্তৰঃ ভেলা মধুপুৰত।

(চ) মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ কি?

উত্তৰঃ ‘কীৰ্ত্তন’ আৰু ‘দশম স্কন্ধ ভাগৱত’।

(ছ) মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিল?

উত্তৰঃ মহাপুৰুষ মাধৱদেৱ।

(জ) মহাপুৰুষ শংকৰদেৱৰ এখনি কাব্য গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ‘ৰুক্মিণী হৰণ’।

(ঝ) মহাপুৰুষ শংকৰদেৱৰ এখনি নাটকৰ নাম লিখা।

উত্তৰঃ ‘ৰাম-বিজয়’।

(ঞ) মহাপুৰুষ শংকৰদেৱৰ নাটবোৰক কি নাট বোলা হয়?

উত্তৰঃ অংকীয়া নাট।



Check Here >>> Class 9 Assamese শিশুলীলা ALL Question Answernewgifnvs

Read Also : Seba Class 9 All Subject Question Answer [ALL Books]newgifnvs



Q. 2 | তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া ।

(ক) মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল- কীৰ্তন ঘোষা ।

(খ) মহাপুৰুষ শংকৰদেৱৰ বিৰচিত এখন অংকীয়া নাটৰ নাম লিখা ।

উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ বিৰচিত এখন অংকীয়া নাটৰ নাম হ’ল- ৰাম বিজয় ।

(গ) “কৃষ্ণগীত গাঁৱন্ত সুন্দৰী”- ইয়াত কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী কোন?

উত্তৰঃ “কৃষ্ণগীত গাঁৱন্ত সুন্দৰী”- ইয়াত কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী হ’ল- নন্দৰ ৰাণী যশোদা ।

(ঘ) “ৰুণ-ঝুন কেয়ুৰ কংকণ”- কাৰ কেয়ুৰ কংকণৰ ৰুণ-ঝুন শব্দৰ কথা ইয়াত কোৱা হৈছে?

উত্তৰঃ “ৰুণ-ঝুন কেয়ুৰ কংকণ”- কাৰ কেয়ুৰ কংকণৰ ৰুণ-ঝুন শব্দৰ কথা ইয়াত নন্দৰ ৰাণী যশোদাৰ কথা কোৱা হৈছে ।

(ঙ) “মাথনিত ধৰিয়া নিষেধি।”- ‘মাথনি’ শব্দৰ অৰ্থ কি?

উত্তৰঃ “মাথনিত ধৰিয়া নিষেধি।”- ইয়াত ‘মাথনি’ শব্দৰ অৰ্থ হ’ল- গাখীৰ ঘূটিবলৈ ব্যবহাৰ কৰা এবিধ সজিলি ।

(চ) শ্ৰীকৃষ্ণই শিকিয়াৰ পৰা লৱন চুৰ কৰি কাক দিছিল?

উত্তৰঃ শ্ৰীকৃষ্ণই শিকিয়াৰ পৰা লৱন চুৰ কৰি বান্দৰক দিছিল ।



Tags :

  • Class 9 assamese chapter 1 question answer
  • শিশুলীলা প্রশ্ন উত্তর
  • শিশুলীলা class 9 question answer
  • ২ শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা
  • শিশুলীলা class 9 মূলভাৱ
  • শিশুলীলা কবিতাৰ মূলভাব
  • শ্রীকৃষ্ণ শিশুলীলা
  • Class 9 assamese chapter 1 question answer pdf
  • class 9 assamese question answer
  • শিশু লীলা কবিতা class 9 question answer
  • Class 9 assamese chapter 1 question answer english
  • Class 9 assamese chapter 1 question answer Assamese