Follow Us:

ইয়াত এখন অৰণ্য আছিল — গ্ৰন্থৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা | Iyat Ekhon Aranya Asil — Anuradha Sharma Pujari

LearningPointAssam.com

বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, নিৱন্ধকাৰ অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ ‘ইয়াত এখন অৰণ্য আছিল’ শীৰ্ষক উপন্যাসৰ বাবে ২০২১ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। প্ৰথিতযশা সাহিত্যিক-সাংবাদিকগৰাকীয়ে ইয়াৰ পূৰ্বে কেইবাটাও বঁটা লাভ কৰিছিল। ২০১৩ চনত ৰেনেছাঁ অসম বঁটা লাভ কৰিছিল অনুৰাধা শৰ্মা পূজাৰীয়ে।২০০৩ চনত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ স্মৃতি সাহিত্য বঁটা লাভ কৰিছিল। অনুৰাধা শৰ্মা পূজাৰীৰ অন্যতম এখন জনপ্ৰিয় গ্ৰন্থ চাহেবপুৰাৰ বৰষুণ।

ইয়াত এখন অৰণ্য আছিল — গ্ৰন্থৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা | Iyat Ekhon Aranya Asil — Anuradha Sharma Pujari

'ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থত লিখিছে — ৰ’দ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বাসস্থানৰ প্ৰয়োজন। কিন্তু সেইবুলি নিজক নিৰাপদ কৰিবলৈ জানো আনক নিৰাপত্তাৰ পৰা বঞ্চিত কৰাটো উচিত। প্ৰকৃতিৰ অমূল্য দান ধ্বংস কৰিলে মানৱ সভ্যতাৰ উত্থান হ’বনে? এখন অৰণ্য যেতিয়া নিজে গঢ়ি তোলা অতি দুৰূহ তেন্তে সেইখন ধ্বংস কৰাৰ অধিকাৰো মানুহৰ নাই। এখন অৰণ্যৰ, এটা পাহাৰৰ ওপৰত আধাৰিত ‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থখন। সভ্যতা গঢ়াৰ নামত মানুহে প্ৰকৃতিৰ ওপৰত কৰা অত্যচাৰ আৰু ধ্বংসলীলাই সমগ্ৰ জীৱজগতৰ অস্তিত্বৰ ওপৰত শংকা আৰু বিভীষিকা নমাই আনিছে। মানুহে হিংস্ৰৰূপ ধাৰণ কৰি গছ-গছনি কাটি, বিল-জলাশয় পুতি, অৰণ্য ধ্বংস কৰি হেঁপাহৰ ঘৰসজা এজাক মানুহ আৰু হেঁপাহৰ অৰণ্যখন নহ’লে থাকিব নোৱাৰা অনেক প্ৰাণীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশে পাইছে উপন্যাসখনত।

ইয়াত এখন অৰণ্য আছিল — অনুৰাধা শৰ্মা পূজাৰী | Iyat Ekhan Aaronya Asil

ইয়াত এখন অৰণ্য আছিল — গ্ৰন্থৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা | Iyat Ekhon Aranya Asil — Anuradha Sharma Pujari

Book Name: Iyat Ekhan Aaronya Asil (ইয়াত এখন অৰণ্য আছিল)

Review: N/A

Description: 2021 বৰ্ষৰ "সাহিত্য অকাদেমি" বঁটা প্ৰাপ্ত গ্ৰন্থ- ইয়াত এখন অৰণ্য আছিল

Author: Anuradha Sarmah Pujari (অনুৰাধা শৰ্মা পূজাৰী)

Published : Banalata (বনলতা)

Publish Date: N/A


ইয়াত এখন অৰণ্য আছিল — লেখিকাৰ পৰিচয়

ইয়াত এখন অৰণ্য আছিল — গ্ৰন্থৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা | Iyat Ekhon Aranya Asil — Anuradha Sharma Pujari

অনুৰাধা শৰ্মা পূজাৰীয়ে ১৯৬৪ চনত যোৰহাটত জন্ম লাভ কৰিছিল। ১৯৮৭ চনত তেখেতে ডিব্ৰুগড় বিশ্বিবদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত অনুৰাধা শৰ্মা পূজাৰীয়ে কলিকতাত সাংবাদিকতা বিষয়ত আৰু পশ্চিমবংগৰ সাংস্কৃতিক দপ্তৰৰ অধীনত চলচ্চিত্ৰ ৰসাস্বাদন বিষয়ত শিক্ষা গ্ৰহণ কৰে। কলিকতাত থকা সময়ৰে পৰা তেখেতে অসমীয়া বাতৰি কাকতত বিবিধ বিষয়ত নিৱন্ধ লিখিবলৈ লয়। কলিকতাৰ পৰা অসমলৈ ঘূৰি অহাৰ পাছৰে পৰা তেখেত সক্ৰিয়ভাৱে সাংবাদিকতাৰ লগত জড়িত হৈ পৰে। প্ৰথমখন উপন্যাস হৃদয় এক বিজ্ঞাপনৰ যোগেদি প্ৰভূত জনপ্ৰিয়তা লাভ কৰে। উপন্যাসখনৰ ১৫টা সংস্কৰণ প্ৰকাশ পাইছে আৰু যথেষ্ট সমালোচনাত্মক তথা বাণিজ্যিক সফলতা কঢ়িয়াই আনে। এই উপন্যাসখনে আধুনিক অসমীয়া সমাজখনৰ বিষয়ে এনে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে যিবোৰ ইয়াৰ আগেয়ে কোনো লেখকে কৰা নাছিল।

ইয়াত এখন অৰণ্য আছিল বিষয়বস্তু

কিতাপখনৰ মূল বিষয়বস্তু আমচিং অৰণ্য আৰু উচ্ছেদ। আমচিং অৰণ্যৰ পৰা জনবসতিৰ উচ্ছেদৰ সামগ্ৰিক পৰিৱেশ সুন্দৰকৈ বৰ্ণিত হৈছে গ্ৰন্থখনত। খুব সুক্ষ্মভাবে আমচিং কেনেকৈ অৰণ্যৰ পৰা জনঅৰণ্য হ’ল, কিদৰে হাবি-বননি উচন হ’ল, অৰণ্যৰ আৰু মানুহৰ মাজৰ সংঘাতৰ বিষয়ে উপস্থাপন কৰিছে গ্ৰন্থখনত। গছ-গছনি ধ্বংস, বন্যপ্ৰাণী হত্যা, বিল-জলাশয় আদিৰ আৰম্ভ হোৱা ধ্বংসলীলাৰ কৰুণ বাস্তৱ, লেখিকাৰ আমচাংৰ গুহাত প্ৰৱেশ, ১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইনৰ সাম্প্ৰতিক সময়ত মহত্ব কিমান আদি বিষয়ৰ লগতে চীন, ম্যানমাৰ আদি দেশৰ মানুহে ভাৰতবৰ্ষ, বিশেষকৈ অসমৰ বন্যপ্ৰাণী সমূহৰ প্ৰতি প্ৰদৰ্শন কৰা উদাৰতাই চোৰাং চিকাৰীসকলক যোগোৱা উৎসাহৰ ৰহস্য আৰু উপন্যাসখনৰ পৃষ্ঠাই পৃষ্ঠাই প্ৰকাশ পাইছে বন্যপ্ৰেমী লোকৰ কৰুণ বিননি। উপন্যাসখনৰ এফালে আছে অৰণ্যৰ নিৰ্জনতাত কোলাহলৰ সৃষ্টি কৰা অনেক কাহিনী তথা ব্যাথা আৰু আনফালে আছে ক্ষুধাতুৰ-আভিজাত্য নামৰ দৈত্যটোৱে কোঙা কৰা তথা মুখা পিন্ধা কিছু লোকৰ বাস্তৱিকতা। 

ইয়াত এখন অৰণ্য আছিল — গ্ৰন্থৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা | Iyat Ekhon Aranya Asil — Anuradha Sharma Pujari

অনুৰাধা শৰ্মা পূজাৰীৰ উল্লেখযােগ্য উপন্যাসমূহ হ’ল ‘হৃদয় এক বিজ্ঞাপন’, ‘চাহেব পুৰাৰ বৰষুণ’, ‘কাঞ্চন’, ‘নাহৰৰ নিৰিবিলি ছাঁ’, ‘ব’ৰাগী নদীৰ ঘাট’ , ‘মেৰেং’, ‘সােণ হৰিণৰ চেকুৰ’ ইত্যাদি। গল্প-সংকলনৰ ভিতৰত ‘বসন্তৰ গান’, ‘এজন অসামাজিক কবিৰ বায়গ্রাফী’, ‘কেথেৰীণাৰ সৈতে এটি নির্জন দুপৰীয়া’, ন’ মেনছ লেণ্ড আদি উল্লেখযােগ্য। কলিকতাৰ চিঠি’, ‘ডায়েৰি’, ‘অট’গ্রাফ’ আদি তেওঁৰ আত্মজীৱনীমূলক প্ৰৱন্ধ-সংকলন। চাহেবপুৰাৰ বৰষুণ’ নামৰ উপন্যাসৰ বাবে তেওঁ ২০০৩ চনত অসম সাহিত্য সভাৰ কুমাৰ কিশােৰ সোঁৱৰণী বঁটা লাভ কৰে। ২০১৩ চনত তেওঁ সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতিস্বৰূপে ৰেনেছাঁ অসম বঁটা লাভ কৰে ।