Follow Us:

শ্ৰীমন্ত শংকৰদেৱৰ শৈক্ষিক চিন্তাধাৰা | Gauhati University BA 4th Sem Education Major Model Answer | BA 4th Sem Education Major Model Solution

LearningPointAssam.com

শ্ৰীমন্ত শংকৰদেৱৰ শৈক্ষিক চিন্তাধাৰা | Gauhati University BA 4th Sem Education Major Model Questions Answer | GU BA 4th Sem Education Major Model Solution | BA 4th Sem Education Major Question Answer | BA 4th Sem Education Major Question Answer Gauhati University

BA 4th Semester Education Major (EDU-HC-4016) Notes & Guide Available here; শ্ৰীমন্ত শংকৰদেৱৰ শৈক্ষিক চিন্তাধাৰা (Educational Thoughts of Srimanta Sankardeva) BA Education 4th semester Model Solution to each Unit are provided in the list of UG - CBCS Guwahati University Syllabus. So that you can easily browse through শ্ৰীমন্ত শংকৰদেৱৰ শৈক্ষিক চিন্তা BA 4th Sem Education Major Model Question Answer and University Guides and Tdc 4th semester education honours questions and answers here. শ্ৰীমন্ত শংকৰদেৱৰ শৈক্ষিক চিন্তাধাৰা Question Answer can be of great value to excel in the examination.

Gauhati University BA 4th Sem Education Major Question Answer

BA 4th Sem Education Major Chapter 1 শ্ৰীমন্ত শংকৰদেৱৰ শৈক্ষিক চিন্তাধাৰা Notes & Model Answer covers all the practice questions of Guwahati University syllabus. BA 4th Sem Education Major Model Answer, BA 4th Semester Education Book EDU-HC-4016 Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 1 

শ্ৰীমন্ত শংকৰদেৱৰ শৈক্ষিক চিন্তাধাৰা — ALL Important Question & Answers

GU BA 4th Sem Education (Honours Course) EDU-HC-4016 Questions & Answer :


CONTENTS 

শ্ৰীমন্ত শংকৰদেৱৰ শৈক্ষিক চিন্তাধাৰা
Educational Thoughts of Srimanta Sankardeva
Model Question and Answer key






EDU-HC-4016

Educational Thoughts of Srimanta Sankardeva

  • Brief Life Sketch and Philosophy of Life
  • Views of Sankardeva on Education and practices
  • Educational system of Satras and Namgharas and their relevance in modern era

প্ৰশ্নাৱলীঃ

শ্ৰীমন্ত শংকৰদেৱৰ শৈক্ষিক চিন্তাধাৰা BA 4th Sem Education Honours Question Answer

তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | শংকৰদেৱৰ জন্ম কোন চনত হৈছিল ? (In which year Sankardeva was born? )

উত্তৰঃ শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খ্ৰীষ্টাব্দত।

Q. 2 | শংকৰদেৱৰ জন্ম ক'ত হৈছিল? (Where did Sankardeva born? )

উত্তৰঃ নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত হৈছিল।

Q. 3 | শংকৰদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল? (What were the name of Sankardeva's father and mother?)

উত্তৰঃ শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু শংকৰদেৱৰ মাতৃৰ নাম সত্যসন্ধা আছিল ।

Q. 4 | শংকৰদেৱৰ প্ৰথম কাব্য কি ?

উত্তৰঃ হৰিশ্চন্দ্ৰ উপাখ্যান।

Q. 5 | মহেন্দ্ৰ কন্দলি কোন আছিল? (Who is Mahendra Kandali?)

উত্তৰঃ "মহেন্দ্ৰ কন্দলি" শংকৰদেৱৰ গুৰু আছিল ।

Q. 6 | শংকৰদেৱৰ প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল? (Where did Sankardeva established first Namghar)

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱেই প্ৰথমে নগাঁৱৰ বৰদোৱা(বটদ্ৰৱা)ত নামঘৰ প্ৰতিষ্ঠা কৰিছিল।

Q. 7 | শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্রথম সত্ৰখনৰ নাম লিখা। (Write The name of Satra established by Sankardev for the first time.)

উত্তৰঃ

Q. 8 | শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি?

উত্তৰঃ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল "কীৰ্ত্তন-ঘোষা"।

Q. 9 | শংকৰদেৱ কোন যুগৰ কবি ?

উত্তৰঃ শংকৰী যুগৰ কবি ।

Q. 10 | শংকৰদেৱৰ প্ৰথম নাটক খনৰ নাম কি?

উত্তৰঃ শংকৰদেৱৰ প্ৰথম নাটক 'চিহ্নযাত্ৰা' ।

Q. 11 | শংকৰদেৱৰ শ্ৰেষ্ঠ নাটক খনৰ নাম কি?

উত্তৰঃ

Q. 12 | শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? (What was the name of religion propagated by Sankardeva? )

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মহাপুৰুষীয়া ধৰ্ম বা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰে।

Q. 13 | শংকৰদেৱৰ প্ৰিয় শিষ্যজন কোন আছিল? (Who was favourite disciple of Sankardeva?)

উত্তৰঃ শংকৰদেৱৰ প্ৰিয় শিষ্যজন কোন আছিল?

Q. 14 | শংকৰদেৱ ৰচিত প্ৰথম ভাওনাখনৰ নাম কি? (What is the name of first  Bhawna (play) written by Sankardeva?)

উত্তৰঃ শ্ৰী মন্ত শংকৰদেৱে অনুষ্ঠিত কৰা প্ৰথমখন ভাওনাৰ নাম হ'ল চিহ্নযাত্ৰা ।

Q. 15 | 'সত্ৰ' শব্দটোৰ অৰ্থ কি? (What is the meaning of word 'Satra'?)

উত্তৰঃ "সত্ৰ" শব্দটোৰ অৰ্থ হৈছে অধিবেশন, হোম-যজ্ঞানুষ্ঠান, নিবাসস্থান।

Q. 16 | শংকৰদেৱে লিখা যিকোনো এখন ভক্তিমূলক গ্ৰন্থৰ নাম লিখা। (Written any one name of the prayer book written by Sankardeva.)

উত্তৰঃ

Q. 17 | শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল? (When did Sankardev died? )

উত্তৰঃ ১৫৬৮ চনত !



শ্ৰীমন্ত শংকৰদেৱৰ শৈক্ষিক চিন্তাধাৰা BA 4th Sem Education Major Question Answer

খালী ঠাই পূৰণ কৰাঃ  Mark — 1

Q. 1 | শংকৰদেৱৰ জন্ম হৈছিল _____ চনত। (Sankardeva was born on _____ AD)

উত্তৰঃ ১৪৪৯ চনত।

Q. 2 | শংকৰদেৱে প্ৰথম নামঘৰ স্থাপন কৰিছিল ______ । (Sankardeva Established first Namghar at ____)

উত্তৰঃ নগাঁৱৰ বৰদোৱা(বটদ্ৰৱা)ত ।

Q. 3 | ______ হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা স্থাপন কৰা প্ৰথম সত্ৰ।

উত্তৰঃ

Q. 4 | শ্ৰীমন্ত শংকৰদেৱে মুঠ _____ টা বৰগীত ৰচনা কৰিছিল।

উত্তৰঃ 'বাৰকুৰি' গীত ৰচনা কৰিছিল যদিও বর্তমান একুৰি 'চৈধ্যটা' পােৱা যায় ।



শ্ৰীমন্ত শংকৰদেৱৰ শৈক্ষিক চিন্তাধাৰা BA 4th Sem Education Major Model Answer

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 5

Q. 1 | সত্ৰ কি?

উত্তৰঃ সত্ৰ মহাপুৰুষ ভ্ৰমণত শংকৰদেৱৰ সৃষ্টি। অসমৰ সমাজ ব্যৱস্থাত সত্ৰ সমূহে এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। সত্ৰই সৰ্বসাধাৰণ লোকৰ মাজত শিক্ষাৰ প্ৰসাৰৰ কাৰণে উল্লেখযোগ্য ভূমিকা পালন কৰা দেখা যায়৷ অসমত নাম ধৰ্ম প্ৰচাৰৰ লগে লগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱ-দেৱৰ সহযোগত বিভিন্ন ঠাইত সত্ৰ সমূহ প্ৰতিষ্ঠা কৰিছিল। এই সত্ৰ সমূহে ৰাইজৰ মাজত কেৱল ধৰ্মৰ শিক্ষা দিয়াই নহয় বৰঞ্চ ইয়াৰ লগে লগে অসমীয়া সংস্কৃতিৰ চচতণ্ডি ইয়াত কৰা হয়। কাৰণ সত্ৰ সমূহত নৃত্য, ভাওনা, কলা, আলোচনা আদিও অনুষ্ঠিত হয়, যাৰ দ্বাৰা সৰ্বসাধাৰণ লোকসকলৰ বিভিন্ন বিষয়ৰ সম্যক জ্ঞান দিয়াতো সম্ভৱ হৈ উঠে। সাধাৰণ লোকসকলে নৃত্য, ভাওনা আদিবোৰ চাই আনন্দ পোৱাৰ লগতে তাত অন্তনিহিত হৈ থকা শিক্ষা লাভো সহজেই কৰিব পাৰে। সেয়েহে সত্ৰ সমূহক অসমীয়া সংস্কৃতিৰ কেন্দ্ৰ স্বৰূপে গন্য কৰিব পাৰি। সেয়েহে ইয়াৰ ভূমিকা অসমীয়া সমাজত আজিও পুৰামাত্ৰাই পৰিলক্ষিত হয়। এতিয়াও নৃত্য, ভাওনা কেন্দ্রিত বিভিন্ন অনুষ্ঠান সমূহ যেনে – শ্ৰীকৃষ্ণৰ দেউল উৎসৱ, ৰাস মহোৎসৱ আদি সম্পূৰ্ণ ডলহ মালহেৰে পালন কৰা দেখা যায়। কিছুমান ডাঙৰ সত্ৰত সংস্কৃত ভাষাৰ শিক্ষানুষ্ঠান ‘টোল’ সমূহো জড়িত হৈ আছিল।

অসমৰ বিভিন্ন স্থানত সত্ৰসমূহ প্ৰতিষ্ঠা কৰা হৈছিল। সেই সমূহৰ ভিতৰত কমলাবাৰী, আউনিআতি, বৰপেটা, পাটবাউসী, বৰদোৱা, মধুপুৰ আদি সত্ৰ উল্লেখযোগ্য।এই সত্ৰসমূহৰ সত্ৰধিকাৰ সকলক সামাজত যথেষ্ট আদৰ সন্মান যচা হয়। শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ পৰা বৰ্তমানলৈকে ৰজা-মহাৰজাৰ পৰা আৰম্ভ কৰি সৰ্বসাধাৰণ লোকলৈকো সকলোৰে দান-বৰঙনিৰে সত্ৰসমূহ নিয়াৰিকৈ পৰিচালিত হৈ আহিছে।

Q. 2 | শংকৰদেৱৰ জীৱন দৰ্শনৰ বিষয়ে এটা টোকা লিখা। (Write a note about Sankardev’s philosophy of life.)

উত্তৰঃ শংকৰদেৱ আছিল অসমত নৱবৈষ্ণৰবাদৰ প্ৰতিষ্ঠাপক তেওঁ প্ৰধানকৈ ভাগৱত আৰু ভাগৱত গীতাৰ দ্বাৰ। প্ৰাভাম্বিত হৈছিল। শংকৰ দেৱৰ ধৰ্মক মহাপুৰুষীয়া ধৰ্ম বুলি কোৱা হয়৷ ইয়াত ভগৱানক পুজা কৰাৰ প্ৰধান পদ্ধতি হৈছে নাম কীর্তন। সেয়ে ইয়াক নামধৰ্ম বুলিও কোৱা হয়৷ তেওঁ উদ্ভাৱন কৰা নামধৰ্মৰ মাজতেই তেওঁৰ জীৱন দৰ্শন প্ৰতিফালিত হৈছে। বহুতে তেওঁক এজন বিবৱৰ্তন বাদী দার্শনিক ৰূপে আখ্যা দিয়ে কিয়নো সমসাময়িক সমাজখনৰ ধৰ্মীয় বিশ্বাস, সামাজিক সাংস্কৃতিক পৰম্পৰা, ৰাজনৈতিক খাম-খেয়ালি, অর্থনৈতিক দিশ আদি সকলো দিশতে সংস্কাৰ সাধনৰ অভিনৱ উপায় উলিয়াইছিল। বিভিন্ন শাস্ত্ৰৰ বিস্তৃত অধ্যয়ন, তীর্থ ভ্রমণ, সমসাময়িক পণ্ডিত সকলৰ লগত কৰা আলোচনা আৰু নিজৰ অৰ্ন্তনিহিত প্ৰতিভাৰ সহায়ত “একশৰণ নাম ধৰ্ম” উদ্ধাৱন কৰিছিল আৰু সেই সময়ৰ সমাজ ব্যৱস্থাত ধৰ্মৰ নামত চলি থকা সকলো অসুয়া-অীতি আতৰ কৰি সকলোকে এজন ইশ্বৰৰ উপাসনাত ব্ৰতী হবৰ বাবে আহ্বান জনাছিল।

Q. 3 | শংকৰদেৱৰ ধৰ্মীয় দৰ্শনৰ বৈশিষ্ট্য সমূহ লিখা।(Write the characteristics of Sankardev’s religious phi- losophy?)

উত্তৰঃ শংকৰদেৱৰ ধৰ্মীয় দৰ্শনৰ বৈশিষ্ট্য সমূহ হ'লঃ —

( i ) ব্ৰহ্মই হ’ল প্রকৃত সত্য। কিন্তু জগতৰ অস্বিত্ব অস্বীকাৰ কৰিব পৰা নাযায়।জগত হ’ল ব্ৰহ্মৰ প্ৰকাশ্য ৰূপ।

( ii )ব্ৰহ্ম আৰু ইশ্বৰ মাজত পাৰ্থক্য নাই। ব্ৰহ্মই ইশ্বৰ, ইশ্বৰেই

( iii ) জগতৰ সকলো বস্তুতে ব্রহ্ম বিদ্যমান ।

( iv )ঈশ্বৰ আৰু তেওঁৰ সৃষ্টিৰ মাজত কোনো পার্থক্য নাই।

( v )জীৱ মাত্রেই ঈশ্বৰৰ এক উপাদান মাথোন। জীৱ হ’ল ঈশ্বৰৰ দৈহিক প্রকাশ।

( vi ) যি ঈশ্বৰৰ পৰিচয় আৰু পঞ্চভূতক উপলব্ধি কৰিব পাৰে তেওঁ নিজেই ঈশ্বৰ তথা ব্ৰহ্মত্ব লাভ কৰে।



চমুটোকা লিখা (Write short notes) 

Q. 1 | শংকৰদেৱৰ সাহিত্য সৃষ্টি।

উত্তৰঃ

Q. 2 | শংকৰদেৱৰ ধৰ্মতত্ব।

উত্তৰঃ

Q. 3 | শংকৰদেৱৰ মতে ভগৱানৰ ওচৰত আত্মসমপৰ্ণ।

উত্তৰঃ

Q. 4 | শিক্ষক হিচাপে শংকৰদেৱ। 

উত্তৰঃ

Q. 5 | শংকৰদেৱৰ অনুশাসন সম্পৰ্কীয় ধাৰণা। 

উত্তৰঃ

Q. 6 | সাংস্কৃতিক প্রদর্শনীৰ স্থলী হিচাপে নামঘৰ।

উত্তৰঃ

Q. 7 | আধ্যাত্মিক আৰু সামাজিক শিক্ষাৰ স্থলী হিচাপে নামঘৰ। 

উত্তৰঃ ............

Q. 8 | সত্ৰৰ কৰ্মৰাজি। 

উত্তৰঃ



শ্ৰীমন্ত শংকৰদেৱৰ শৈক্ষিক চিন্তাধাৰা BA 4th Sem Education Major Board Question Answer

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 10

Q. 1 | শংকৰদেৱৰ জীৱনী চমুকৈ লিখা। (Write briefly the life history of Sankardeva.)

উত্তৰঃ

Q. 2 | শ্ৰীমন্ত শংকৰদেৱৰ ধর্মতত্বৰ বিষয়ে আলোচনা কৰা। (Discuss about the Religious theory of Srimanta Sankardeva.)

উত্তৰঃ

Q. 3 | শংকৰদেৱৰ শিক্ষা দৰ্শনৰ বিষয়ে লিখা। (Write about the educational philosophy of Sankardev.)

উত্তৰঃ শংকৰদেৱ এজন ধৰ্ম গুৰু হিচাপে খ্যাত আছিল।। ধৰ্মীয় শিক্ষাৰ দিশতো তেওঁৰ অৱদান নুই কৰিব নোৱাৰি। সেই সময়ৰ সমাজ ব্যৱস্থাৰ সংস্কাৰ আৰু বিকাশৰ বাবে তেওঁ যথেষ্ট বলিষ্ঠ ভূমিকা গ্রহণ কৰিছিল। তেওঁ ধৰ্ম প্ৰচাৰৰ বাবে গ্ৰহণ কৰা কাৰ্য ব্যৱস্থাৰ মাজতে শিক্ষাৰ লক্ষ্য সমূহ স্পষ্ট হৈ আছে। তেওঁৰ শিক্ষাৰ লক্ষ্যসমূহ হ’ল—

( i )এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰা। ইয়াৰ বাবে যাগ-যজ্ঞ, পূজাপাতল, বলি-বিধান আদিৰ পৰিৱৰ্তে এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰি জনসাধাৰনক অর্থনৈতিক ভাবে সকাহ দিয়াৰ ব্যৱস্থা কৰা।

( ii ) এক ঈশ্বৰক পূজা কৰা আৰু মুক্তি লাভ কৰা ।

( iii ) ধৰ্মীয় আৰু নৈতিক শিক্ষা প্ৰদান কৰা।

( iv ) গনতান্ত্রিক ভাবধাৰাৰ বিকাশ কৰা।

( v ) জ্ঞান, কৰ্ম আৰু ভক্তি লাভ কৰা

( vi ) মানুহৰ মাজত একতাৰ ভাৱ, সামাজিক সম্প্ৰীতিৰ ভাৱ আদি বৃদ্ধি কৰা।

( vii ) শাৰীৰিক বিকাশ। বিভিন্ন শাৰীৰিক অনুশীলনৰ জৰিয়তে ৰোগমুক্ত হৈ থকাৰ ওপৰত গুৰুত্ব দিয়া ।

( viii ) আধ্যাত্মিক বিকাশ। ইয়াৰ বাবে একাত্মিক সাধনাৰ ওপৰত জোৰ দিয়ে। অন্তৰৰ পবিত্ৰতাই আধ্যাত্মিক শক্তিৰ উৎস।

( ix ) সাংস্কৃতিক বিকাশো অন্য এটা লক্ষ্য আছিল। গীত-মাত নৃত্য আদিৰ জৰিয়তে জনসাধাৰণক আগবঢ়াই নিব বিচাৰিছিল।

( X ) ব্যক্তি আৰু সমাজ উভয়ৰে বিকাশ সাধন কৰাটোও শিক্ষাৰ আন এটা লক্ষ্য আছিল।

( xi ) সমাজত প্রচলিত অন্ধ বিশ্বাস দুৰ কৰি বৈজ্ঞানিক দৃষ্টিৰ প্ৰসাৰ ঘটোৱা শিক্ষাৰ আন এটা লক্ষ্য।

Q. 4 | শিক্ষা আৰু অনুশীলন সম্পর্কে শংকৰদেৱৰ দৃষ্টিভংগীৰ আলোচনা কৰা। (Discuss the views of Sankardeva on Education and) practices.

উত্তৰঃ

Q. 5 | শংকৰদেৱৰ শিক্ষাৰ পাঠ্যক্রম সম্পর্কে বহলাই লিখা। (Explain the curriculum of Sankardeva's education.)

উত্তৰঃ

Q. 6 | মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে লিখা। 

উত্তৰঃ

Q. 7 | শংকৰদেৱৰ কৰ্মৰাজিৰ এক বিৱৰণ দিয়া। (Give a description about the works of Sankardev.)

উত্তৰঃ শংকৰদেৱৰ সময়ত (মধ্যযুগত) সমাজৰ সাধাৰণ মানুহখিনি যদিও হিন্দু ধৰ্মাৱলম্বী আছিল তথাপিও তেওঁলোকৰ বিভিন্ন কাম কাজত তন্ত্র-মন্ত্ৰ, মূৰ্ত্তি পূজা আদিৰ প্ৰভাৱ পৰিছিল ৷ আনহাতে শংকৰদেৱ আছিল মূৰ্ত্তি পূজাৰ ঘোৰ বিৰোধী। সেয়ে হ’লেও সেই সময়ৰ স্থানীয় পৰিৱেশ গ্ৰহণ কৰিবৰ বাবে কাঠেৰে শ্ৰী কৃষ্ণৰ মূৰ্ত্তি এটা সাজি উলিয়াইছিল আৰু “মদন গোপাল” নাম দি সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে প্ৰাৰ্থনা গৃহত স্থাপন কৰিছিল আৰু ‘শৰণ’ ৰ ব্যৱস্থা কৰিছিল। বুদ্ধৰ ত্ৰিশৰনৰ দৰে শংকৰদেৱেও ‘নাম শৰণ, গুৰু শৰণ, ভকত শৰণ’ ৰ ব্যৱস্থা কৰিছিল। তেখেতে ভাগৱতৰ ভাঙনি, গীত ৰচনা,নাটক আৰু ছুটি কাব্য ৰচনা আদি কৰিছিল। সেই সময়ৰ সমাজৰ গন্যমান্য ব্যক্তি, পণ্ডিত আৰু সাধাৰণ মানুহো তেওঁৰ বৌদ্ধিক আৰু দাৰ্শনিক দৃষ্টিভংগীৰ প্ৰতি সহজে আকৰ্ষিত হৈছিল আৰু তেওঁৰ কাৰ্য্যত সহযোগ কৰিছিল । শংকৰদেৱে যদিও তেওঁ দার্শনিক তত্ত্ব বা নীতি সমূহ কোনো বিশেষ গ্ৰন্থৰ জৰিয়তে প্ৰকাশ কৰা নাছিল, তথাপি বিভিন্ন দিশৰ কৰ্মৰাজিত এই সমূহ সুন্দৰভাৱে পৰিস্ফুট হৈ পৰে। তলত তেওঁৰ কৰ্মৰাজিৰ বিষয়ে উল্লেখ কৰা হ’ল—

নাটকঃ শংকৰদেৱে ছয়খন নাটক ৰচনা কৰিছিল। সেয়া হ’ল – ৰামবিজয়, কেলিগোপাল, পাৰিজাত হৰণ, ৰুক্মিনী হৰণ, কালীয়া দমন আৰু পত্নী প্ৰসাদ নাটক।

গীতঃ শংকৰদেৱে প্ৰায় বাৰ কুৰি বৰগীত ৰচনা কৰিছিল। এই বৰগীত সমূহৰ গভীৰ আধ্যাত্মিক তথা দাৰ্শনিত গুৰুত্ব আছে। বৰগীতৰ উপৰিও ভটিমা ৰচনা কৰিছিল৷ ইয়াৰ ভিতৰত দেৱ ভটিম।, নাট ভটিমা আৰু ৰাজ ভটিমা।

কীৰ্তন ঘোষাঃ শংকৰদেৱে কীৰ্তন ঘোষা ৰচনা কৰিছিল ৷ ভাগৱতত বৰ্ণনা কৰা শ্ৰীকৃষ্ণৰ সমগ্ৰ জীৱন বৃত্তান্ত সহজ সৰল ভাৱে উপস্থাপন কৰিছে।

ভাগৱতঃ তেওঁ ভাগৱত গ্ৰন্থখন সর্ব সাধাৰণে বুজিব পৰাকৈ স্থানীয় ভাষালৈ অনুবাদ কৰিছিল।

ৰামায়ণঃ  মাধৱ কন্দলীয়ে ৰামায়ণ পাঁচটা কাণ্ডহে অনুবাদ কৰিছিল। বাকী দুটা কাণ্ড শংকৰদেৱ আৰু মাধৱদেৱে অনুবাদ কৰিছিল। শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ডটো অনুবাদ কৰিছিল।

ভক্তি তত্ত্বঃ  ভক্তি প্রদীপ, অনাদী পতন, নিমি- নমসিদ্ধ-সংবাদ আৰু ভক্তি ৰত্নাকৰ৷ বিভিন্ন সত্ৰৰ পৰা ভক্তিৰ বিভিন্ন তত্ত্ববোৰ সংগ্ৰহ কৰি ৰচনা কৰিছিল ভক্তি ৰত্নাকৰ।

গুণমালাঃ  গুণমালা হ’ল ভাগৱতৰ সাৰ মৰ্ম যত শ্ৰীকৃষ্ণৰ গুণযশ তথা সমগ্ৰ জীৱন বৃত্তান্ত নিহিত আছে। ‘গুণমালাকে’ ‘ভুৰুকাত হাতী ভৰোৱা’ বুলি কোৱা হয়।

সত্ৰঃ  সত্ৰ হ’ল শংকৰদেৱৰ এক অমৰ সৃষ্টি । জনসাধাৰণৰ মাজত ‘এক শৰণ নাম ধৰ্ম’ প্ৰচাৰৰ বাবে তেওঁ সত্ৰ স্থাপন কৰিছিল। অসমৰ বিভিন্ন ঠাইত সত্ৰস্থাপন কৰি ধৰ্ম, কৃষ্টি, সংস্কৃতি বিকাশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। বৰদোৱা, বৰপেটা, কমলাবাৰী, বেলগুৰি আদি সত্ৰ উল্লেখযোগ্য।

নামঘৰঃ  শংকৰদেৱে সৃষ্টি কৰা নামঘৰ হৈছে গাঁৱৰ সমূহীয়া প্ৰাৰ্থনা গৃহ । নামঘৰ সমূহে গাঁৱৰ নৈতিক আৰু সাংস্কৃতিক জীৱন গঢ় দিয়াত সহায় কৰাৰ লগতে সমাজৰ সৰু-সুৰা বিবাদ সমূহৰ মীমাংসা কৰাত সহায় কৰে। নামঘৰ সমূহক গণ শিক্ষাৰ অনুষ্ঠান বুলি ক’ব পাৰি। কিয়নো নামঘৰ হ’ল এক গনতান্ত্রিক অনুষ্ঠান যত সকলোৱে সম সুযোগ তথা অধিকাৰ লাভ কৰে৷ নামঘৰত বৌদ্ধিক আৰু সাংস্কৃতিক বিকাশৰ বাবে ধৰ্মীয় তথা দার্শনিক আলোচনা কৰা হয়। ধৰ্মীয় উৎসৱ, ভাওনা আদি পতা হয়।



Tags :

  • শ্ৰীমন্ত শংকৰদেৱৰ শৈক্ষিক চিন্তাধাৰা
  • শ্ৰীমন্ত শংকৰদেৱৰ শৈক্ষিক চিন্তা ba 4th semester education
  • Gauhati University BA 4th Sem Education Major Model Answer
  • BA 4th Sem Education Major Model Solution
  • BA 4th Sem Education Major Question Answer
  • BA 4th Sem Education Major Question Answer Gauhati University
  • BA 4th Semester Education Major Book 
  • BA 4th Semester Education Major Solution
  • BA 4th Semester Education Major Model Notes
  • Ba 4th sem education major answer assamese medium
  • Ba 4th sem education major answer pdf
  • b.a 4th sem education question paper
  • ba 4th sem education book pdf