Follow Us:

ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস | BA 4th Sem Education Question Answer Gauhati University | Education in British India BA 4th Sem Education Model Answer

LearningPointAssam.com

ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস | Gauhati University BA 4th Sem Education Model Questions Answer | GU BA 4th Sem Education Model Solution | BA 4th Sem Education General Question Answer | BA 4th Sem Education Question Answer [Major & General] Gauhati University

 BA 4th Semester Education Notes & Guide Available here ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস HISTORY OF EDUCATION IN INDIA বৃটিছ ভাৰতবৰ্ষৰ শিক্ষা (Education in British India) Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through BA 4th Sem Education Question Answer [Major & General] and University Guides and TDC 4th Semester Education Notes here. ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস BA 4th Semester Education Question Answer Can be very useful to excel in examinations.

BA 4th Sem Education General Question Answer

BA 4th Sem Education ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস (বৃটিছ ভাৰতবৰ্ষৰ শিক্ষা) Notes covers all the practice questions of Guwahati University syllabus. BA 4th Sem Education Model Answer (HISTORY OF EDUCATION IN INDIA) is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 1 

ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস (Education in British India) — ALL Important Question & Answers

GU BA 4th Sem Education (Generic & Regular Course) EDU-HG-4016 / EDU-RC-4016 Questions & Answer :


CONTENTS 

ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস
HISTORY OF EDUCATION IN INDIA
Model Question and Answer key






EDU-HG-4016 / EDU-RC-4016

HISTORY OF EDUCATION IN INDIA

বৃটিছ ভাৰতবৰ্ষৰ শিক্ষা (Education in British India)

প্ৰশ্নাৱলীঃ

ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস BA 4th Sem Education Regular Course Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰঃ

তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | ১৮১৩ চনৰ চাৰ্টাৰ আইনখনৰ এটা গুৰুত্বতা উল্লেখ কৰা । 

উত্তৰঃ এই আইনখন হৈছে ইংৰাজী সাংসগদসকলৰ প্ৰথম আৰু বলিষ্ঠ পতক্ষেপ । এই আইনখনৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় শিক্ষাৰ প্রয়োজনীয়তা অনুভৱ কৰি উঠা হয় । 

Q. 2 | ১৮১৩ চনৰ চাৰ্টাৰ আইনখনৰ এটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ এই আইনখনৰ জৰিয়তে ভাৰতীয় শিক্ষাৰ দুৰৱস্থা গুচাবৰ বাবে যে চৰকাৰী অৰ্থ সাহাৰ্যৰ প্ৰয়োজন এই কথা আইনখনত স্পষ্ট হৈ পৰে । 

Q. 3 | ' Learned natives of India ' বুলি কাক বুজোৱা হয় ? 

উত্তৰঃ ভাৰতৰ শিক্ষিত দেশীয় লোকক বুজোৱা হয় ।

Q. 4 | প্রাচ্য - পাশ্চাত্যৰ বিবাদৰ এটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ আইনখনৰ নিৰ্দেশাৱলীৰ অস্পষ্টতা ।

Q. 5 | কিমান চনত লৰ্ড মেকলে ভাৰতলৈ আহিছিল ?

উত্তৰঃ  ১৮৩৪ চনত ।

Q. 6 | শিক্ষাৰ নিম্ন পৰিশ্রাবণ নীতি ( Downward Filtration theory ) কোনে উদভাৱন কৰিছিল ?

উত্তৰঃ  লর্ড মেকলে ।

Q. 7 | চার্লচ উডে কিমান চনত শিক্ষা বিকাশৰ চৰকাৰী পত্ৰ গভৰ্ণৰ জেনেৰেললৈ প্ৰেৰণ কৰিছিল ?

উত্তৰঃ  ১৮৫৪ চনৰ ১৯ জুলাইত ।

Q. 8 | উডৰ প্ৰতিবেদনৰ ভিত্তিত তিনিটা প্রধান অঞ্চল বম্বে , মাদ্রাজ আৰু কলিকতাত একোখনকৈ বিশ্ববিদ্যালয় স্থাপনৰ পৰামৰ্শ আগবঢ়োৱা হয় । ( সত্য নে অসত্য )

উত্তৰঃ সত্য ।

Q. 9 | ‘অৱজাৰ্ভেচন' নামৰ বিখ্যাত গ্ৰন্থখনৰ লিখক কোন আছিল ?

উত্তৰঃ চাৰ্লচ গ্ৰাণ্ট ( ১৭৯৭ চনত )

Q. 10 | উডৰ প্ৰতিবেদনত স্ৰীশিক্ষাৰ বিকাশৰ ওপৰত জোৰ দিয়া হৈছিল । ( সত্য নে অসত্য )

উত্তৰঃ  সত্য ।

Q. 11 | উডৰ প্ৰতিবেদন দেশৰ পাঁচখন ৰাজ্যত শিক্ষাৰ বিভাগ স্থাপনৰ কথা উল্লেখ কৰা হয় । ( সত্য নে অসত্য )

উত্তৰঃ সত্য ।

Q. 12 | উডৰ প্ৰতিবেহদনে স্কুল শিক্ষকসকলৰ প্ৰশিক্ষম দিয়াটো বিচাৰে । ( সত্য নে অসত্য )

উত্তৰঃ  সত্য ।

Q. 13 | প্রাথমিক শিক্ষাৰ বাবে ফলাফলৰ ভিত্তিত অনুদান দিয়াৰ কথা কোনে উল্লেখ কৰিছিল ?

উত্তৰঃ  ভাৰতীয় শিক্ষা আয়োগে ।

Q. 14 | লর্ড মিন্টো কিমান বছৰকাল ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল ?

উত্তৰঃ  আঠ বছৰ কাল ( ১৮০৬ ৰ পৰা ১৮১৩ চনলৈ )

Q. 15 | লর্ড মিন্টো ভাৰতীয় পুৰণি ভাষা সাহিত্যৰ সমৰ্থক আৰু প্রসংসক আছিল । ( সত্য নে অসত্য )

উত্তৰঃ  সত্য ।

Q. 16 | প্ৰাচ্যৰ ভাষা সাহিত্যৰ সমৰ্থনকাৰী তিনিজন ব্যক্তিৰ নামক লিখা ।

উত্তৰঃ  লর্ড মিন্টো, ৱাৰেণ্টা হেষ্টিংচ আৰু ইউলচন ।

Q. 14 | লর্ড বেন্টিঙৰ দিনত ‘সতীপ্রথা' বন্ধ কৰা হয় । ( সত্য নে অসত্য )

উত্তৰঃ সত্য ।

Q. 18 | উডৰ প্ৰতিবেদনক ‘ভাৰতীয় শিক্ষাৰ মেগনাকার্টা' বুলি কোৱা হয় । ( সত্য নে অসত্য )

উত্তৰঃ  সত্য ।

Q. 19 | হাণ্টাৰ আয়োগে স্বাধীন প্রয়োজন অনুসৰি নৈশ স্কুল স্থাপনৰ ওপৰত প্ৰদান কৰিছিল । ( সত্য নে অসত্য )

উত্তৰঃ সত্য ।

Q. 20 | হান্টাৰ আয়োগৰ মতে প্রাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম মাতৃভাষা হ'ব লাগে । ( সত্য নে অসত্য )

উত্তৰঃ সত্য ।

Q. 21 | হান্টাৰ আয়োগে ল'ৰা - ছোৱালীক শাৰীৰিক শিক্ষা প্ৰদানৰ পোষকতা কৰিছিল । ( সত্য নে অসত্য )

উত্তৰঃ  সত্য ।

Q. 22 | ১৮১৩ চনৰ চাৰ্টাৰ আইন ভাৰতীয় শিক্ষাৰ দিশত ইংৰাজ সাংসদসকলৰ প্ৰথম আৰু বলিষ্ঠ পদক্ষেপ । ( সত্য নে অসত্য )

উত্তৰঃ সত্য ।

Q. 23 | ১৮১৩ চনৰ চাৰ্টাৰ আইন অনুসৰি ভাৰতীয় শিক্ষাৰ দূৰৱস্থা গুচাবৰ বাবে বছৰি এক লাখ টকা ধাৰ্য্য কৰা হয় । ( সত্য নে অসত্য )

উত্তৰঃ সত্য ।

Q. 24 | চাৰ্লছ গ্রান্ট কিমান চনত ভাৰতলৈ আহিছিল ?

উত্তৰঃ ১৭৭৩ চনত ।

Q. 25 | কোনখন প্রতিবেদনৰ ভিত্তিত ভাৰতত উচ্চ শিক্ষাৰ এক নতুন অধ্যায় ৰচিত হয় ।

উত্তৰঃ উডৰ প্ৰতিবেদনৰ ভিত্তিত ।

Q. 26 | উডৰ প্ৰতিবেদনে ভাৰতীয় ভাষাত মৌলিক গ্রন্থ ৰচনাৰ ওপৰত গুৰুত্ব আলোপ কৰিছিল । ( সত্য নে অসত্য )

উত্তৰঃ সত্য ।



HISTORY OF EDUCATION IN INDIA

বৃটিছ ভাৰতবৰ্ষৰ শিক্ষা (Education in British India) BA 4th Semester Education Model Solution

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 2

Q. 1 | উডৰ প্ৰতিবেদনক ভাৰতীয় শিক্ষাৰ মেগনাকার্টা বুলি কিয় কোৱা হয় ?

উত্তৰঃ ভাৰতীয় শিক্ষা ইতিহাসত উডৰ প্রতিবেদন হৈছে ইংৰাজসকলৰ শিক্ষা বিকাশৰ এক মাইলৰ খুটি । ইয়াৰ জৰিয়তে ভাৰতীয় শিক্ষাক ইংলেণ্ডৰ আৰ্হিত আধুনিকীকৰণৰ প্ৰথম চৰকাৰী প্ৰচেষ্টা চলোৱা হয় । সেয়েহে ইয়াক ভাৰতীয় শিক্ষাৰ মেগনাকার্টা বুলি কোৱা হয় ।

Q. 2 | নিম্ন পৰিশ্ৰাৱণ নীতি বুলিলে কি বুজা ?

উত্তৰঃ লৰ্ড মেকলেৰ মতে ভাৰতবৰ্ষ এখন বিশাল দেশ হোৱা হেতুকে ইয়াৰ সকলো শিশুকে সমানে সিক্ষা দিব নোৱাৰি । সেয়েহে তেওঁ সকলো জনসাধাৰণক শিক্ষা দিয়াতকৈ উচ্চ শ্ৰেণী ভাৰতীয় লোকক শিক্ষা দিয়াটো অধিক উপযুক্ত বুলি বিবেচনা কৰে । মেকলেৰ মতে হিমালয় পৰ্বতৰ পৰা পানী নিগৰি পৰি নদী উপত্যাকাইদি বৈ গৈ যিদৰে ভাৰত মহাসাগৰত পৰে সেইদৰে এইসকল লোক শিক্ষিত হৈ উঠি সৰ্বসাধাৰণ লোকক শিক্ষিত কৰি তুলিবগৈ । এয়াই হৈছে শিক্ষাৰ নিম্ন পৰিশ্ৰাৱণ নীতি ।

Q. 3 | প্রাচ্য - পাশ্চাত্যৰ বিবাদৰ দুটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ দুটা কাৰণ হ'ল — 

i ) আইনখনৰ নিৰ্দেশাৱলীৰ অস্পষ্টতা ।

ii ) ভাৰতীয় শিক্ষাৰ লক্ষ্য উদ্দেশ্য কি হ’ব লাগে কোনো স্পষ্ট সিদ্ধান্ত নাই ।

Q. 4 | ১৮১৩ চনৰ চনৰ চাৰ্টাৰ আইনখনৰ দুটা গুৰুত্বতা উল্লেখ কৰা 

উত্তৰঃ  i ) এই আইনখনৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে ইংৰাজসকলে ভাৰতীয় শিল্পৰ প্ৰয়োজনীয়তা অনুভৱ কৰে ।

ii ) ভাৰতীয় শিক্ষাৰ বাবে চৰকাৰী অৰ্থ সাহাৰ্যৰ প্ৰয়োজন পোন প্ৰথমবাৰৰ বাবে অনুভৱ কৰা হয় ।

Q. 5 | প্রাচ্য শিক্ষাৰ সমৰ্থনকাৰী তিনিজন ব্যক্তিৰ নাম লিখা ।

উত্তৰঃ  ( i ) লর্ড মিন্টো, ( ii ) ৱাৰেণ্টা হেষ্টিংচ আৰু ( iii ) ইউলচন ।

Q. 6 | মেকালক ভাৰতীয় শিক্ষাৰ পোহৰ বিলাওতা বুলি কিয় কোৱা হয় ?

উত্তৰঃ ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰাচ্য পাশ্চাত্যৰ বিবাদ নিষ্পত্তিকৰণৰ ক্ষেত্ৰত লর্ড মেকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, সেয়েহে তেওঁক ভাৰতীয় শিক্ষাৰ পোহৰ বিলাওতা বুলি কোৱা হয় ।

Q. 7 | দেশীয় প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত হান্টাৰ আয়োগৰ পৰামৰ্শ কেনেকুৱা আছিল ?

উত্তৰঃ ক ) ধৰ্ম নিৰপেক্ষভাৱে শিক্ষা দিয়া দেশীয় স্কুলবোৰক চৰকাৰে উৎসাহ প্ৰদান কৰিব লাগে ।

খ ) পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি চৰকাৰে ইয়াৰ অৰ্থসাহার্য দিব লাগে ।

Q. 8 | স্ত্রী শিক্ষাৰ ক্ষেত্ৰত ভাৰতীয় শিক্ষা আয়োগৰ দুটা পৰামৰ্শ উল্লেখ কৰা ।

উত্তৰঃ  ( i ) স্ত্রী শিক্ষাৰ অনুষ্ঠানবোৰলৈ চৰকাৰে সহজ আৰু উদাৰ নীতিৰে সহায়ক অনুদান দিব লাগে ।

( ii ) স্ত্রী শিক্ষাৰ আৱশ্যকতা অনুভৱ কৰি বিনামূলীয়া শিক্ষাদানৰো ব্যৱস্থা কৰিব লাগে ।

Q. 9 | মুছলমানসকলৰ শিক্ষা সম্পর্কে ভাৰতীয় শিক্ষা আয়োগৰ দুটা পৰামৰ্শ উল্লেখ কৰা ।

উত্তৰঃ  ( i ) মুছলমান শিক্ষকৰ প্ৰশিক্ষণৰ বাবে নর্মাল স্কুল স্থাপন কৰিব লাগে ।

( ii ) মুছলমানসকলৰ শিক্ষাৰ দায়িত্বা লোৱা সামাজিক অনুষ্ঠানবোৰক উৎসাহিত কৰিব লাগে ।

Q. 10 | আদিবাসী আৰু পাহাৰীয়া উপজাতিসকলৰ শিক্ষা সম্বন্ধে ভাৰতীয় শিক্ষা আয়োগৰ দুটা পৰামৰ্শ উল্লেখ কৰা ।

উত্তৰঃ  ( i ) এইসকল ছাত্ৰ - ছাত্ৰীৰ পৰা কোনো স্কুলতে শিক্ষামূলক মাচুল ল'ব নালাগে ।

( ii ) এইসকল লোকৰ শিক্ষা ব্যক্তিগত শিক্ষা উদ্যোগীসকলৰ হাতত দিব নালাগে , চৰকাৰে নিজে তেওঁলোকৰ শিক্ষাৰ দায়িত্ব ল'ব লাগে ।

Q. 11 | পিছপৰা শ্রেণীলোকৰ শিক্ষা সম্বন্ধে ভাৰতীয় শিক্ষা আয়োগৰ দুটা পৰামৰ্শ উল্লেখ কৰা ।

উত্তৰঃ ক ) এইসকল লোকৰ বাবে পৃথক স্কুল স্থাপনৰ ব্যৱস্থা কৰিব লাগে ।

খ ) শিক্ষক আৰু পৰিদৰ্শকসকলে জাতি বিদ্বেষৰ ভাৱ গুচাবলৈ চেষ্টা কৰিব লাগে ।

Q. 12 | উডৰ প্ৰতিবেদনৰ মতে ভাৰতীয় শিক্ষাৰ লক্ষ্য উদ্দেশ্য কি হোৱা উচিত ?

উত্তৰঃ প্রতিবেদনত কোৱা হয় যে ভাৰতীয়সকলক পাশ্চাত্য সিক্ষাৰ ব্যাপক পৰিসৰৰ জ্ঞান অভিজ্ঞতাৰ লগত পৰিচয় কৰাই দিয়াটো ইংৰাজসকলৰ উন্নত আৰু বিজ্ঞান সন্মত শিক্ষা ব্যৱস্থাৰ আৰ্হিত ভাৰতীয় শিক্ষা গঢ় দি তোলাটো হৈছে প্ৰধান উদ্দশ্য ।

Q. 13 | ভাৰতীয় শিক্ষা আয়োগ গঠনৰ দুটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ ( i ) ভাৰতীয়সকলক জনশিক্ষাৰ প্ৰতি কৰা অৱহেলা ।

( ii ) উডৰ প্ৰতিবদেনৰ পৰামৰ্শৱলী কাৰ্যকৰী নকৰা ।

Q. 14 | ভাৰতীয় শিক্ষা আয়োগ গঠনৰ দুটা লক্ষ্য উদ্দেশ্য উল্লেখ কৰা ।

উত্তৰঃ ( i ) সহায়ক অনুদান দিয়াৰ ক্ষেত্ৰত চৰকাৰে কেনে নীতি গ্ৰহণ কৰিব ইয়াক স্পষ্ট কৰা ।

( ii ) প্ৰাথমিক শিক্ষাৰ উন্নতিৰ বাবে চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰিব, ইয়াক স্পষ্ট কৰা ।

Q. 15 | প্রাথমিক শিক্ষাৰ দিশত ভাৰতীয় শিক্ষা আয়োগৰ দুটা সফলতা উল্লেখ কৰা ।

উত্তৰঃ  ক ) প্রাথমিক শিক্ষাৰ মাধ্যম মাতৃভাষা হোৱাটো সম্পূর্ণ যুক্তিসংগত হৈছিল ।

খ ) চৰকাৰী অনুদান প্ৰদানৰ ক্ষেত্ৰত ধৰ্ম নিৰপেক্ষতাৰ নীতি গ্ৰহণ কৰা হৈছিল ।

Q. 16 | সহায়ক অনুদান ব্যৱস্থাৰ ক্ষেত্ৰত ভাৰতীয় শিক্ষা আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা ।

উত্তৰঃ ক ) সহায়ক অনুদান দিয়াৰ ক্ষেত্ৰত চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান স্বৰূপে বৈষম্যমূলক মনোভাৱ গ্ৰহণ কৰিব লাগে ।

খ ) স্থানীয় প্রয়োজনৰ প্ৰতি লক্ষ্য ৰাখি সহায়ক অনুদান ব্যৱস্থাৰ সংশোধন সহায়ক অনুদান প্যৱস্থাৰ সংশোধন কৰিব লাগে ।

Q. 17 | উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাৰতীয় শিক্ষা আয়োগৰ দুটা পৰামৰ্শ উল্লেখ কৰা ।

উত্তৰঃ ( ক ) কলেজীয়া পাঠ্যক্রম বহল পৰিসৰৰ কৰি তুলি কেতবোৰ বিকল্প বিষয় অন্তর্ভূক্ত কৰিব লাগে । ছাত্ৰসকলে তেওঁলোকৰ আগ্রহ অনুসৰি বিষয় নিৰ্বাচনৰ সুবিধা পাব লাগে ।

খ ) উচ্চ শিক্ষাৰ পাঠ্যক্ৰম ছাত্ৰৰ ব্যক্তিগত প্রয়োজন পুৰণ কৰিব পাৰিব লাগে ।

Q. 18 | মাধ্যমিক শিজ্ঞা সম্বন্ধে ভাৰতীয় শিক্ষা আয়োগৰ দুটা পৰামৰ্শ উল্লেখ কৰা ।

উত্তৰঃ  ক ) চৰকাৰী সহায়ক অনুদান ব্যৱস্থাৰ জৰিয়তে মাধ্যমিক শিক্ষাৰ বিকাশসাধন কৰিব লাগে ।

খ ) উপযুক্ত আৰু শিক্ষিত লোকক মাধ্যমিক শিক্ষা পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিব লাগে ।

Q. 19 | ভাৰতীয় শিক্ষা আয়োগে শিক্ষা বিভাগ সম্বন্ধে আগবঢ়োৱা দুটা পৰামৰ্শ আগবঢ়োৱা ।

উত্তৰঃ  ( i ) প্ৰতিটো অঞ্চলতে প্রয়োজন পুৰণৰ বাবে স্কুল পৰিদৰ্শকৰ সংখ্যা বৃদ্ধি কৰি তুলিব লাগে । 

( ii ) প্রাথমিক স্কুলৰ পৰিদৰ্শনৰ বাবে স্থানীয় লোকক নিযুক্তি দিব লাগে ।

Q. 20 | ধর্মীয় বিষয়ৰ শিক্ষা সম্বন্ধে ভাৰতীয় শিক্ষা আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা ।

উত্তৰঃ  ক ) চৰকাৰৰ দ্বাৰা পৰিচালিত অনুষ্ঠানত ধর্ম বিষয়ৰ শিক্ষা দিব নালাগে ।

খ ) চৰকাৰৰ আৰ্থিক অনুদান পাবলৈ বিচৰা বেচৰকাৰী অনুষ্ঠানে ধৰ্মনিৰপেক্ষ শিক্ষা দিব লাগিব।



ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস BA 4th Sem Education Question Answer

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 5

Q. 1 | ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসকসকল আৰু খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ পৰস্পৰ বিৰোধী মনোভাৱৰ এক তিক্ততাপূৰ্ণ পৰিস্থিতিতেই কোম্পানীৰ চনদ ইংলেণ্ডত নবীকৰণ কৰা হয় । সপক্ষে আৰু বিপক্ষে ম বিস্তৃত আলোচনাৰ অন্তত ১৮১৩ চনত বৃটিছ পার্লিয়ামেণ্টত এই আইন গৃহীত কৰা হয় । এই আইনখনৰ দুটা প্রধান প্রশ্ন আছিল মিছমেৰীসকলক তেওঁলোকৰ ধৰ্ম - কৰ্ম কৰিবৰ বাবে ভাৰতত প্ৰৱেশ কৰিবলৈ দায়িত্ব গ্রহণ কৰিব লাগে নে নালাগে । এই দুয়োটা গুৰুত্বপূর্ণ বিষয়ৰ সিদ্ধান্ত এই চাৰ্টাৰ আইনখনৰ যোগেদি কৰা হয় । 

     মিছনেৰীসকলৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হয় যে তেওঁলোকে ভাৰতত পুনৰ প্ৰৱেশ কৰি নিজৰ স্থিতি স্থাপন কৰিব লাগে । তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠান স্থাপন কৰি আধ্যাত্মিক ক্রিয়া - কলাপ পৰিচালনা কৰিবলৈ দিব লাগে । আনহাতে কোম্পানীৰ ক্ষেত্ৰতো সিদ্ধান্ত লোৱা হয় যে তেওঁলোকেও ভাৰতীয় লোকৰ শিক্ষা বিকাশৰ অর্থনৈতিক দায়িত্ব গ্রহণ কৰিব লাগে । ইয়াত কোৱা হয় যে ব্যৱসায় - বাণিজ্য প্রতিষ্ঠান আৰু অন্যান্য দিশৰ ধাৰৰ সুদ পৰিশোধৰ বাবে হোৱা খৰচ বহন কৰি উঠি ৰাহি হোৱা ধনৰপৰা বছৰি কমেও একলাখ টকা পৃথকভাৱে ৰাখিব লাগে । এই ধনেৰে ভাৰতত সাহিত্যৰ পুনৰ জাগৰণ আৰু উন্নতি সাধন আৰু ভাৰতীয়সকলৰ মাজত জ্ঞান - বিজ্ঞানৰ বিকাশ সাধন কৰিব লাগে ।

Q. 2 | 1813 চনৰ চাৰ্টাৰ আইনখনৰ গুৰুত্বতাৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ গুৰুত্বৰ বিষয়ে তলত আলোচনা কৰা হ'লঃ —

( i ) ১৮১৩ চনৰ চাৰ্টাৰ আইনখন হৈছে ভাৰতী? শিক্ষাৰ দিশত ইংৰাজ সাংসদসকলৰ প্ৰথম আৰু বলিষ্ঠ পদক্ষেপ । তেওঁলোকে প্ৰথমবাৰৰ বাবে ভাৰতীয় শিক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি উঠে ।

( ii ) ভাৰতীয় শিক্ষাৰ দূৰৱস্থা গুচাবৰ বাবে যে চৰকাৰী অৰ্থ সাহাৰ্যৰ প্ৰয়োজন এই কথা আইনখনত স্পষ্ট হৈ পৰে ।

( iii ) এই আইনখনৰ জৰিয়তে বছৰি একলাখ টকা ভাৰতবৰ্ষৰ শিক্ষাৰ বাবে খৰচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

( iv ) ভাৰতীয়সকলৰ শিক্ষা বিকাশৰ দায়িত্ব গ্ৰহণ কৰাটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ আনিসংগত অধিকাৰ ।

( v ) পাশ্চাত্যৰ জ্ঞান - বিজ্ঞানেৰে ভাৰতীয়সকলক শিক্ষিত কৰি তোলা ।

( vi ) ভাৰতত পাশ্চাত্য শিক্ষা আৰু জ্ঞান - বিজ্ঞানৰ প্ৰয়োজন ইয়াৰ জৰিয়তে আইনসংগত কৰি তোলা । 


Q. 3 | ভাৰতীয় শিক্ষা আয়োগ গঠনৰ মূল কাৰণসমূহ উল্লেখ কৰা ।

উত্তৰঃ প্রধান কাৰণসমূহ তলত উল্লেখ কৰা হ'লঃ —

ক ) উদ্ভৰ পৰামৰ্শ কাৰ্যকৰী নকৰাটোঃ  চৰকাৰে উজৰ প্ৰতিবেদন গ্ৰহণ কৰে যদিও ইয়াৰ পৰামৰ্শসমূহ যথাযথভাৱে পালন কৰা হোৱা নাছিল । সেইবাবে শিক্ষাৰ এক পূৰ্ণ পৰ্যায়ৰ আয়োগ গঠন কৰাটো প্ৰয়োজন হৈ পৰিছিল ।

খ ) প্রাথমিক শিক্ষা সম্বন্ধে বিবাদঃ  এই সমছোৱাত প্রাথমিক শিক্ষাৰ অগ্ৰগতি মুঠইে সন্তোষজনক নাছিল । প্রাথমিক শিক্ষাৰ দায়িত্ব কোনে ল’ব , প্রাথমিক শিক্ষাৰ সহায়ক অনুদান কেনেকুৱা হ'ব , এনেবোৰ প্ৰশ্নত মতপার্থক্যৰ সৃষ্টি হৈছিল । সেইবাবে সুষ্পষ্টা চৰকাৰী নীতি গ্ৰহণৰ পৰামৰ্শৰ প্ৰয়োজন হৈ পৰিছিল ।

জন শিক্ষাৰ প্ৰতি অৱহেলাঃ  ভাৰতীয় জনসাধাৰণক শিক্ষা দিয়াৰ বাবে লর্ড মেকলেৰ প্ৰতিবেদনত নিম্ন পৰিশ্ৰাৱণ ৰীতি গ্ৰহণ কৰি বছা বছা ভাৰতীয় লোককহে শিক্ষা দিয়াৰ কথা কোৱা হৈছিল । উডৰ প্ৰতিবেদনে ইয়াৰ বিৰোধীতা কৰি জন শিক্ষা নীতি গ্ৰহণ কৰিছিল । সেয়েহে ইয়াৰ এক দ্বি সিদ্ধান্তৰ প্ৰয়োজন হৈ পৰিছিল ।

মিছনেৰীসকলৰ আন্দোলনঃ  চিপাহী বিদ্ৰোহৰ পিছত ইংৰাজ প্রশাসে মিছনেৰীসকলৰ ধৰ্মীয় শিক্ষাৰ নীতিৰ বিৰোধীতা কৰিছিল । এনে কাৰণতে চৰকাৰী নীতি স্পষ্টকৰণৰ বাবে শিক্ষা আয়োগে গঠনৰ প্ৰয়োজন  হৈ পৰিছিল ।

Q. 4 | সহায়ক অনুদান সম্বন্ধে উত্তৰ পৰমাৰ্শৱলী ব্যাক্যা কৰা ।

উত্তৰঃ উডৰ পৰামৰ্শৱলী তলত উল্লেখ কৰা হ'ল -

ক ) শিক্ষানুষ্ঠানবোৰে ধৰ্ম নিৰপেক্ষতাৰ ভিত্তি শিক্ষা দিয়া হ'ব লাগিব ।

খ ) শিক্ষানুষ্ঠানসমূহ স্থানীয় পৰিচালনা কমিটিৰ দ্বাৰা সূচাৰুৰূপে পৰিচালন কৰা হ'ব লাগিব ।

গ ) শিক্ষানুস্থান চৰকাৰী পৰিদৰ্শন সাপেক্ষ হ'ব লাগিব আৰু আৱশ্যকীয় নির্দেশ মানি চলিব লাগিব ।

ঘ ) ছাত্ৰসকলৰ পৰা সামান্যভাৱে হ'লেও শিক্ষা কর্তৃপক্ষই মাচুল আদায় কৰি লাগিব ।

ঙ ) বাৰৰ দ্ৰুত শিক্ষা বিকাশৰ বাবে চৰকাৰী সহায়ক অনুদানৰ প্ৰয়োজন ।

Q. 5 | শিক্ষণ - প্রশিক্ষণ সম্বন্ধে ভাৰতীয় শিক্ষা আয়োগৰ পৰামৰ্শ ব্যাখ্য কৰা ।

উত্তৰঃ পৰামৰ্শবোৰ হ'ল —

ক ) প্রাথমিক স্কুলৰ শিক্ষকসকলৰ প্ৰশিক্ষণৰ বাবে উপযুক্ত ঠাইত নর্মাল স্কুল স্থাপন কৰিব লাগে ।

খ ) শিক্ষাৰ বাবে নিৰ্ধাৰণ কৰা পুঁজিৰ পৰা ৰাজ্য চৰকাৰে নৰ্মাল স্কুল স্থাপন কৰিব লাগে । 

গ ) স্থানীয় প্রয়োজন পূৰণ কৰিব পৰাকৈ স্কুল পৰিদৰ্শকসকলৰ একো একোট অঞ্চলত নর্মাল স্কুল স্থাপন কৰিব লাগে ।

ঘ ) স্কুল পৰিদৰ্শকসকলে এই প্রশিক্ষণ স্কুলবোৰৰ শিক্ষক প্রশিক্ষণ সম্বন্ধে চোৱা - চিতা কৰিব লাগে ।

ঙ ) স্থানীয় প্রয়োজন অনুসৰি নৈশ স্কুল স্থাপন কৰিব লাগে ।

Q. 6 | ভাৰতীয় শিক্ষা আয়োগৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত সফলতাসমূহ ব্যাখ্যা কৰা ।

উত্তৰঃ সফলতাসমূহ তলত উল্লেখ কৰা হ'ল ।

ক ) ভাৰতত জন শিক্ষাৰ প্ৰয়োজনীয়তা আয়োগে সম্পূৰ্ণৰূবেপ অনুভৱ কৰি উঠিছিল আৰু ইয়াৰ প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াইছিল ।

খ ) প্রাথমিক শিক্ষাৰ মাধ্যমত মাতৃভাষা হোৱাৰ পৰামৰ্শ দিয়াটো সম্পূৰ্ণ যুক্তিসংগত হৈছিল ।

গ ) চৰকাৰী অনুদান - প্রদানৰ ব্যৱস্থাও আয়োগে এক ধৰ্ম নীৰপেক্ষতাৰ নীতি উৎসাহিত কৰি তোলে ।

ঘ ) পাঠ্যক্ৰমৰ নতুনত্ব প্রদান , শিক্ষকৰ প্ৰশিক্ষণ আৰু প্ৰাথমিক স্কুলৰ শিক্ষা পৰিদৰ্শন আদিৰ ব্যৱস্থা কৰি এই পৰ্যায়ৰ শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰি তোলা হয় ।

ঙ ) জনজাতি আৰু পিছপৰা শ্রেণী লোকৰ শিক্ষাৰ দায়িত্ব চৰকাৰৰ হাতত দিয়াৰ পৰামৰ্শও অধিক যুক্তিসংগত বুলিব পাৰি ।

Q. 7 | উচ্চ শিক্ষা সম্বন্ধে ভাৰতীয় শিক্ষা আয়োগৰ পৰামৰ্শৱলী ব্যাখ্যা কৰা ।

উত্তৰঃ  আয়োগৰ পৰমৰ্শৱলীবোৰ হ'ল —


ক ) কলেজবোৰক আর্থিক মঞ্জুৰি দিয়াৰ ক্ষেত্ৰত শিক্ষকৰ সংখ্যা , তেওঁলোকৰ যোগ্যতা , আর্থিক ব্যয় আৰু স্থানীয় প্রয়োজনৰ প্ৰতি মনোযোগ দিব লাগে । 

খ ) শিক্ষানুষ্ঠানৰ ঘৰ - দুৱাৰ নিৰ্মাণ , শিক্ষা সজুলি ক্ৰয় আৰু পুথিভঁৰাল আদি স্থাপনৰ বেলিকা প্রয়োজন অনুসৰি চৰকাৰী অনুদান দিব লাগে ।

গ ) কলেজীয়া পাঠ্যক্ৰমৰ বহল পৰিসৰৰ কৰি তুলি কেতবোৰ বিকল্প বিষয় অন্তর্ভুক্ত কৰিব লাগে । চাছসকলে তেওঁলোকৰ আগ্রহ অনুসৰি বিষয় নিৰ্বাচনৰ সুবিধা পাব লাগে । 

ঘ ) উচ্চ শিক্ষাৰ পাঠ্যক্ৰমে ছাত্ৰৰ ব্যক্তিগত প্রয়োজন পূৰণ কৰিব পাৰিব লাগে ।

Q. 8 | স্ত্রী শিক্ষা সম্বন্ধে ভাৰতীয় শিক্ষা আয়োগৰ পৰমার্শ ব্যাখ্যা কৰা ।

উত্তৰঃ পৰামৰ্শবোৰ হ'লঃ —

( i ) স্ত্রী শিক্ষাৰ অনুষ্ঠানবোৰলৈ চৰকাৰে সহজ আৰু উদ্ভাৰ নীতিৰে সহায়ক অনুদান দিব লাগে ।

( ii ) স্ত্রী শিক্ষাৰ আৱশ্যকতা অনুভৱ কৰি বিনামূলীয়া শিক্ষাদানৰো ব্যৱস্থা কৰিব লাগে ।

( iii ) স্ত্রী শিক্ষাক উৎসাহিত কৰিবৰ বাবে শিক্ষয়িত্রী , অধ্যাপিকা আৰু পৰিদৰ্শিকা আদি নিয়োগ কৰিব লাগে ।

( iv ) ছাত্ৰীসকলৰ পাঠ্যক্রম ছাত্ৰসকলতকৈ পৃথক হ'ব লাগে ।

( v ) যিবোৰ ঠাইত স্ত্রীশিক্ষাৰ দায়িত্ব গ্ৰহণৰ বাবে স্থানীয় সংস্থাৰ অভাৱ তাত চৰকাৰে দায়িত্ব গ্ৰহণ কৰিব লাগে ।

( vi ) চৰকাৰী ধন ল'ৰা - ছোৱালীৰ শিক্ষানুষ্ঠানবোৰলৈ কোনো পক্ষপাত নকৰাকৈ সমানভাৱে বিতৰণ কৰিব লাগে ।

Q. 9 | ধর্মীয় শিক্ষা সম্বন্ধে হান্টাৰ আয়োগৰ দৃষ্টিভংগী ব্যাখ্যা কৰা ।

উত্তৰঃ ধর্ম সম্পর্কে আয়োগৰ দৃষ্টিভংগী তলত উল্লেখ কৰা হ'ল — 

ক ) বাস্তৱ ক্ষেত্ৰত ধৰ্মক শিক্ষাৰ পৰা পৃথক কৰি ৰাখিবৰ পৰা নাযায় । সেইবাবে স্কুল - কলেজত ধর্ম বিষয়ৰ শিক্ষা অনিবার্য হ'ব লাগে ।

খ ) মিছনেৰীসকলে নিজ স্কুলত ছাত্রক বাইবেল অধ্যয়ন কৰিবলৈ দিয়াৰ পূৰ্ণ অধিকাৰ থাকিব লাগে ।

গ ) চৰকাৰৰ দ্বাৰা পৰিচালিত অনুষ্ঠানত ধর্ম বিষয়ৰ শিক্ষা দিব নালাগে ।

ঘ ) বেচৰকাৰী স্কুলে ধাৰ্মিক শিক্ষা দিয়াৰ প্ৰতি চৰকাৰে মনোযোগ দিব নালাগে ।

ঙ ) চৰকাৰৰ আৰ্থিক অনুদান পাবলৈ বিচৰা বেচৰকাৰী অনুষ্ঠানে ধর্ম নিৰপেক্ষ শিক্ষা দিব লাগিব ।



ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস BA 4th Sem Education Board Question Answer Gauhati University

তলৰ প্ৰশ্নসমূহৰ ৰচনাধৰ্মী উত্তৰ দিয়াঃ Mark — 10

Q. 1 | ভাৰতত প্ৰাচ্য আৰু পাশ্চাত্যৰ বিবাদৰ মূল কাৰণসমূহ বহলাি আলোচনা কৰা ।

উত্তৰঃ  ভাৰতত প্ৰাচ্য আৰু পাশ্চাত্যৰ বিবাদৰ মূল কাৰণমূহ তলত বহলাই আলোচনা কৰা হ'লঃ — 

ক ) ভাৰতীয় শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যক লৈ বিবাদঃ

প্ৰাচ্যৰ সমৰ্থনকাৰীসকলৰ মতে ভাৰতীয় ভাষা সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কৰাটো শিক্ষাৰ লক্ষ্য হ'ব লাগে, পাশ্চাত্যৰ সমৰ্থনকাৰীসকলৰ মতে ভাৰতীয়সকলক আধুনিকীকৰণ কৰাটো শিক্ষাৰ লক্ষ্য হ'ব লাগে । আন এচামৰ মতে ভাৰতীয়সকলে কোম্পানীৰ ওচৰত চাকৰি কৰিব পৰাটোহে শিক্ষাৰ লক্ষ্য হ'ব লাগে । এইদৰে শিক্ষাৰ লক্ষ্যৰ লৈ প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজত বিবাদ হৈছিল ।

খ ) শিক্ষাৰ মাধ্যমকলৈ বিবাদঃ 

বাৰতীয় শিক্ষাৰ মাধ্যমক লৈও প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজত বিবাদ হোৱা দেখা যায় । প্রাচ্য শিক্ষাৰ সমৰ্থনকাৰীসকলৰ মতে সংস্কৃত শিক্ষাৰ মাধ্যম । হ'ব লাগে যিহেতু ই প্রাচীন ভাৰতীয় ভাষা । আনহাতে পাশ্চাত্যসকলৰ ১০০ মতে ইংৰাজী শিক্ষাৰ মাধ্যম হ'ব লাগে ।

গ ) শিক্ষা কর্তৃপক্ষক লৈ বিবাদঃ 

ভাৰতীয় শিক্ষাৰ মূল দায়িত্ব কোনে বহন কৰিব এই লৈও প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজত মত পার্থক্য হোৱা দেখা যায় । একচামৰ মতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শিক্ষাৰ দায়িত্ব গ্রহণ কৰিব লাগে জ্ঞান এচামৰ মতে মিছনেৰীসকলকক শিক্ষাৰ দায়িত্ব গ্রহণ কৰি দিব লাগে ।

ঘ ) শিক্ষাদান পদ্ধতিক লৈ মতবাদঃ

ভাৰতীয় লোকসকলক কি উপায়েৰে শিক্ষা দিয়া হ'ব এইলৈও প্রাচ্য আৰু পাশ্চাত্যৰ মাজত মতবিৰোধ হোৱা দেখা যায় । চৰকাৰী পক্ষৰ মতে ভাৰতবৰ্ষ এখন ডাঙৰ দেশ হোৱা হেতুকে ইয়াৰ সকলো শিশুকে সমানে সিক্ষা দিয়া সম্ভব নহয় । সেইবাবে উন্নত আৰু শিক্ষিত শ্ৰেণীৰ কেতবোৰ বচা বচা ভাৰতীয় লোককহে শিক্ষাদান কৰিব লাগে ।

ঙ ) আইনখনৰ নিৰ্দেশাৱলীৰ অস্পষ্টতাঃ

প্রাচ্য - পাশ্চাত্যৰ বিবাদৰ আন এটা প্ৰধান কাৰণ হৈছে আইনখনৰ ৪৩ নং অনুচ্ছেদ অস্পষ্টতা । বছৰি শিক্ষাৰ বাবে এক লাখ টকা কোনে খৰচ কৰিব , শিক্ষাৰ কোনটো শিতানত খৰচ কৰিব এইবোৰ বিষয়ৰ আইনখনত কোনো স্পষ্ট উল্লেখ নাছিল ।

চ ) উপযুক্ত শিক্ষা কর্তৃপক্ষৰ অভাৱঃ

শিক্ষাৰ বিভিন্ন বিবাদসমূহ নিষ্পত্তি কৰিবৰ বাবে কোম্পানীৰ উপযুক্ত শিক্ষা কর্তৃপক্ষ অভাব দেখা গৈছিল ।


Q. 2 | উত্তৰ প্ৰতিবেদনৰ মূল পৰামৰ্শবলীসমূহ ব্যাখ্যা কৰা ।

উত্তৰঃ উডৰ প্ৰতিবেদনৰ মূল পৰামৰ্শবলীসমূহ তলত বহলাই আলোচনা কৰা হ'লঃ

ক ) ভাৰতীয় শিক্ষাৰ লক্ষ্য সম্বন্ধেঃ  উডৰ প্ৰতিবেদনত কোৱা হয় যে ভাৰতীয়সকলক পাশ্চাত্য শিক্ষাৰ ব্যাপক পৰিসৰৰ জ্ঞান অভিজ্ঞতাৰ লগত পৰিচয় কৰি দিয়াটো ইংৰাজসকলৰ প্রধান কর্তব্য ।

খ ) চৰকাৰৰ শিক্ষা দায়িত্ব গ্রহণ সম্বন্ধেঃ  উডৰ প্ৰতিবদেনত পোন প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰা হয় যে চৰকাৰে দেশৰ শিক্ষাৰ দায়িত্ব গ্রহণ কৰিব লাগে ।

গ ) প্রাচ্য - পাশ্চাত্যৰ বিবাদ সম্বন্ধেঃ  উডৰ প্ৰতিবেদনত ভাৰতীয় ভাষা সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয় । প্রতিবেনদত স্পষ্টভাৱে কোৱা হয় যে ভাৰতীয়সকলৰ স্মৰ্থন লাভ কৰি উঠিব নোৱাৰিলে ইংৰাজী সাহিত্য আৰু জ্ঞান - বিজ্ঞানে এই দেশত বিকাশ লাভ কৰি উলিয়াব নোৱাৰে ।

ঘ ) শিক্ষাৰ মাধ্যম সম্বন্ধেঃ  উডৰ প্ৰতিবেদনত ইংৰাজীৰ লগতে দেশীয় ভাষা সমূহকো শিক্ষাৰ মাধ্যম স্বৰূপে অনুমোদন কৰা হয় । প্রতিবেদনত কোৱা হয় যে ভাৰতীয় ভাষাত উপযুক্ত গ্রন্থ নথকা বাবে এই ভাষা শিক্ষাৰ মাধ্যম কৰাত অসুবিধা আছে , সেয়েহে এনে পৰিস্থিতিত ইংৰাজী ভাষা শিক্ষাৰ মাধ্যম স্বৰূপে গ্ৰহণ কৰা উচিত ।

ঙ) জনশিক্ষা সম্বন্ধেঃ  উডৰ প্ৰতিবেদনত ভাৰতীয় লোকসকলক জনশিক্ষা দিয়াৰ প্রতি গুরুত্ব প্ৰদান কৰে । প্ৰতিবেদনৰ মতে ভাৰতীয় সকলক উপযোগিতামূলক ব্যৱহাৰিক শিক্ষা দিব লাগে যাতে যি জীৱনৰ যিকোনো পৰিস্থিতিৰ বাবে সহায়কাৰী হৈ উঠিব পাৰে ।

চ ) শিক্ষা বিভাগ স্থাপন সম্বন্ধেঃ  উডৰ প্ৰতিবেদনৰ ভিত্তিত ভাৰতৰ পাঁচখন প্রদেশ- বেংগল , মাদ্রাজ , বম্বে , পাঞ্জাৱ আৰু উত্তৰ প্ৰদেশত একোটাকৈ শিক্ষা বিভাগ স্থাপনৰ পৰামৰ্শ আগবঢ়োৱা হয় ।

Q. 3 | উডৰ প্ৰতিবেদনৰ সুফল আৰু কুফলসমূহ বহলাই আলোচনা কৰা ।

উত্তৰঃ উডৰ প্ৰতিবেদনৰ সুফল আৰু কুফলসমূহ তলত দাঙি ধৰা হ'ল ।

সুফলসমূহঃ —

ক ) উডৰ প্ৰতিবদেনে ইংৰাজ শাসকসকলক ভাৰতীয় শিক্ষাৰ সমস্যা আৰু অভাৱ অভিযোগসমূহৰ প্ৰতি প্ৰথম বাৰৰ বাবে দৃষ্টি আকর্ষণ কৰে আৰু দায়িত্বশীল কৰি তোলে । 

খ ) এই প্রতিবেনদৰ ফলত ভাৰতীয় শিক্ষম আধুনিকীকৰণৰ প্ৰক্ৰিয়া আমাৰ দেশত আৰম্ভ হ'বলৈ ধৰে ।

গ ) ভাৰতৰ শিক্ষানুস্থানবোৰক চৰকাৰী অৰ্থসাহাৰ্য্য দিয়াৰ পৰামৰ্শই দেশৰ শিক্ষানুষ্ঠান ব্যৱস্থাৰ দ্রুত উন্নতি সাধন কৰি তোলে ।

ঘ ) দেশৰ পাঁচখন ৰাজ্যত শিক্ষা বিভাগ স্থাপনৰ কথা এই প্রতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা হয় ।

ঙ ) উডৰ প্ৰতিবেদনত শিক্ষক প্ৰশিক্ষণৰ এক নতুন ব্যৱস্থা গড় দি তোলাৰ কথা কোৱা হয় ।

চ ) উদ্ভৰ প্ৰতিবেদনৰ পৰামৰ্শৰ ভিত্তিত তিনিখন আধুনিক বিশ্ববিদ্যালয় বম্বে , মাদ্ৰাজ আৰু কলিকতাত স্থাপন কৰা হয় ।


কুলসমূহঃ —

ক ) উডৰ প্ৰতিবেদনৰ পৰামৰ্শক্রমে ভাৰতীয় শিক্ষা ব্যৱস্থা ইংৰাজ শাসনৰ হাতলৈ যায় ।

খ ) দেশত শিক্ষা বিভাগ স্থাপিত হৈ শিক্ষা - প্ৰশাসনৰ ব্যৱস্থা চৰকাৰী নীতি নিয়মৰ অধীন হোৱা বাবে সকলো কার্য ৰঙা ফিটাৰ মেৰ পাকত সোমাই পৰে ।

গ ) ভাৰতীয় লোকৰ মাজত ইংৰাজী শিক্ষাৰে শিক্ষিত আৰু সৰ্বসাধাৰণৰ লগত মিলিব নোৱাৰা এক বিশেষ শ্রেণী লোকৰ সৃষ্টি হয় ।

ঘ ) ভাৰতত স্থাপিত হোৱা তিনিখন বিশ্ববিদ্যালয়ে পশ্চিমীয়া সভ্যতা সংস্কৃতি আৰু ভাৱ অনুভূতি এই দেশলৈ আমদানি কৰে । ইয়াৰ ফলত ভাৰতীয় লোকৰ মনত এক অসুস্থ প্ৰভাৱ পৰিবলৈ ধৰে ।

ঙ ) পশ্চিমীয়া শিক্ষা আদৰ্শৰ অহেতুক আকর্ষণে ভাৰতীয় ধর্ম সংস্কৃতি আৰু আধ্যাত্মিক জীৱনত বিশেষ ক্ষতিসাধন কৰে ।

চ ) ভাৰতীয় সমাজৰ নৈতিক মূল্যবোধৰ ওপৰত বস্তুবাদী ভাৱধাৰই অধিক প্ৰভাৱ বেলাবলৈ ধৰাত সামাজিক বিশৃংখলতাৰ সৃষ্টি হয় ।




Tags :

  • ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস
  • Gauhati University BA 4th Sem Education Model Questions Answer
  • GU BA 4th Sem Education Model Solution
  • BA 4th Sem Education General Question Answer
  • BA 4th Sem Education Question Answer [Major & General] Gauhati University
  • ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস BA 4th Sem Education Question Answer Gauhati University
  • BA 4th Sem Education Question Answer
  • TDC 4th Sem Education Question Answer 
  • BA 4th Semester Education Model Answer
  • Education in British India BA 4th Sem Education Model Answer