হেৰা আমাৰ জন্মভূমি | Gauhati University BA 4th Sem Assamese Major Model Questions Answer| GU BA 4th Sem Assamese Model Solution | BA 4th Sem Assamese Question Answer Regular Course | হেৰা আমাৰ জন্মভূমি ba 4th sem assamese notes here.
BA 4th Semester Assamese Notes & Guide Available here ASM-HG-4016, ASM-RC-4016 — (আধুনিক অসমীয়া গীতি সাহিত্য) হেৰা আমাৰ জন্মভূমি Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through হেৰা আমাৰ জন্মভূমি BA 4th Sem Assamese Question Answer and University Guides and Notes here. ASM-RC-4016 — লক্ষ্মীনাথ বেজবৰুৱাঃ হেৰা আমাৰ জন্মভূমি Question Answer Can be very useful to excel in examinations.
BA 4th Sem Assamese Question Answer [Generic & General]
BA 4th Semester Assamese Regular Course (ASM-HG-4016 & ASM-RC-4016) — হেৰা আমাৰ জন্মভূমিঃ লক্ষ্মীনাথ বেজবৰুৱা Assamese 4th Semester Notes covers all the practice questions of Guwahati University syllabus. হেৰা আমাৰ জন্মভূমি BA 4th Sem Assamese Regular Course Question Answer is given here which ensures smooth and easy understanding of all the concepts. Understand the concepts behind each unit and score well in board exams.
✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।
If you got some help then share our website with your friends. Thank you & Visit Again !!!
Chapter — 1, part -II
হেৰা আমাৰ জন্মভূমিঃ — ALL Important Question & Answers
GU BA 4th Sem Assamese ASM-HG-4016 & ASM-RC-4016 Questions & Answer :
CONTENTS
হেৰা আমাৰ জন্মভূমিঃ লক্ষ্মীনাথ বেজবৰুৱা
Model Question and Answer key
প্ৰশ্নাৱলীঃ
BA 4th Sem Assamese হেৰা আমাৰ জন্মভূমি notes & question and answer
তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ
Q. 1 | লক্ষ্মীনাথ বেজবৰুৱাই ক'ত জন্ম গ্ৰহণ কৰিছিল ?
উত্তৰঃ অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত ।
Q. 2 | কোন চনত লক্ষ্মীনাথ বেজবৰুৱাই এণ্ট্ৰেস পৰীক্ষাত উত্তীৰ্ণ হৈছিল ?
উত্তৰঃ ১৮৮৬ চনত ।
Q. 3 | কাৰ সৈতে লক্ষ্মীনাথ বেজবৰুৱাৰ বিবাহ সম্পন্ন হৈছিল ?
উত্তৰঃ প্ৰজ্ঞাসুন্দৰী দেৱীৰ সৈতে লক্ষ্মীনাথ বেজবৰুৱাৰ বিবাহ সম্পন্ন হৈছিল ।
Q. 4 | লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিবেশনখনি কেতিয়া ক’ত অনুষ্ঠিত হৈছিল ?
উত্তৰঃ ১৯২৪ চনত গুৱাহাটীত ।
Q. 5 | লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাট এখনৰ নাম লিখা ।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ এখন ধেমেলীয়া নাটৰ নাম ‘লিতিকাই’ ।
Q. 6 | লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম লিখা ।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম— “বাঁহী” ।
Q. 7 | লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিবেশনত সভাপতিত্ব কৰিছিল ?
উত্তৰঃ ১৯২৪ চনৰ ২৭ আৰু ২৮ ডিচেম্বৰত হোৱা অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনত ।
Q. 8 | লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ গীতসমূহ ক’ত সন্নিৱিষ্ট কৰিছে ?
উত্তৰঃ ‘কদমকলি’ আৰু ‘পদুমকলি’ নামৰ কবিতা পুথি দুখনতে তেওঁৰ গীতসমূহো সন্নিৱিষ্ট কৰিছে ।
Q. 9 | ড ° ভূপেন হাজৰিকাৰ কণ্ঠ আৰু সুৰ শুনিবলৈ পোৱা অতি জনপ্ৰিয় গীত ‘প্রেম প্ৰেম বুলি জগত ঘূৰিলো ...’ শীর্ষক গীতটোৰ গীতিকাৰ কোন ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ।
Q. 10 | অসমৰ জাতীয় সংগীত হিচাপে স্বীকৃতি পোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ দেশ’ (পিছলৈ ‘অ 'মোৰ আপোনাৰ দেশ’) নামৰ গীতি কবিতাটো পোনপ্ৰথম বাৰৰ বাবে ক’ত গোৱা হৈছিল ?
উত্তৰঃ ১৯২৯ চনৰ অক্টোবৰ মাহত দেশভক্ত তৰুণৰাম ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনৰ বাৰ্ষিক অধিৱেশনত ।
Q. 11 | অসমৰ জাতীয় সংগীতৰূপে স্বীকৃত লক্ষ্মীনাথ বেজবৰুৱাৰ 'অ 'মোৰ আপোনাৰ দেশ’ গীতটোৰ সুৰকাৰ কোন আছিল ?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাতৃ কমলাপ্ৰসাদ আগৰৱালা ।
Q. 12 | লক্ষ্মীনাথ বেজবৰুৱাঁৰ গীতৰ প্ৰধান বিষয়বস্তু কি ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গীতৰ প্ৰধান বিষয়বস্তু হ’ল — স্বদেশপ্রেম ।
Q. 13 | লক্ষ্মীনাথ বেজবৰুৱাৰ গীতত কি কি প্রকাশ দেখা যায় ?
উত্তৰঃ বেজবৰুৱাৰ গীতত দেশপ্ৰীতি, হাস্যৰস আৰু প্ৰেম— এই তিনিটা সুঁতিৰ প্রকাশ দেখা পাওঁ ।
হেৰা আমাৰ জন্মভূমি BA 4th Semester Assamese notes & question and answer
তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ
Q. 1 | লক্ষ্মীনাথ বেজবৰুৱাৰ গীত ৰচনাৰ উপজীব্য কি ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া গীতি - সাহিত্যৰ জগতখনত বিশিষ্ট স্থান লাভ কৰিছে । শৈশৱ কালৰ পৰাই অসমীয়া সংগীতৰ সৈতে লক্ষ্মীনাথ বেজবৰুৱাৰ গভীৰ সম্পৰ্ক আছিল । লক্ষ্মীনাথ বেজবৰুৱাৰ গীতৰ মাজতেই তেখেতৰ ব্যতিক্ৰমী ব্যক্তিত্ব সুন্দৰকৈ জিলিকি আছে । জন্মভূমিৰ প্ৰতিথকা অকৃত্রিম শ্ৰদ্ধাৰ বাবে অসমীয়া লোকজীৱনৰ চিত্ৰ বেজবৰুৱাৰ গীতত প্ৰকাশিত হৈ উঠিছে । অসমৰ হাবি - বন, পর্বত পাহাৰ, নৈ, জান - জুৰি, অসমীয়া গাঁৱলীয়া সমাজৰ সামাজিক ৰীতি - নীতি, গীত - মাতৰ সুৱদী সুৰে লক্ষ্মীনাথ বেজবৰুৱাক প্ৰৱলভাৱে আকৰ্ষণ কৰিছিল । মহাপুৰুষ দুজনাৰ বৰগীত, কীৰ্ত্তন - নামঘোষা, ভটিমা ইত্যাদিৰ লগতে বিহুগীত, বিয়ানাম, বনঘোষাৰ মাজতে ডাঙৰ - দীঘল হোৱা বেজবৰুৱাৰ মনত সংগীতৰ শিপা গজিছিল । তেওঁৰ মন জন্মভূমিৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে ভৰি পৰিছিল । ড ০ বাণীকান্ত কাকতিৰ ভাষাত- “এই সুগভীৰ স্বদেশানুৰাগ, স্বদেশপ্রীতি, বেজবৰুৱাৰ সাহিত্যৰ প্ৰত্যেকটো শব্দৰ ভিতৰেদি প্ৰকাশ পাইছে ।
অসমৰ তামোল পাণেৰে ভৰপূৰ বাৰী, ধাননি পথাৰ, বিভিন্ন ধৰণৰ জাতীয় খাদ্য লগতে বিচিত্র সংস্কৃতিৰে ভৰপূৰ বৰ্ণনাৰে গীতটো মনোগ্রাহী কৰি তুলিছে । সুন্দৰ শব্দ চয়ন, ছন্দ মিলআদি এই সকলোবোৰ বিশ্লেষণ কৰি বেজবৰুৱাক এজন সাৰ্থক গীতিকাৰ আৰু সকলো দিশৰ পৰাই তেওঁৰ ৰচিত গীতসমূহ বিশিষ্ট শিল্পগুণসম্পন্ন গীত বুলি অভিহিত কৰিব পাৰি ।
Q. 2 | লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কদমকলি’ আৰু ‘পদুমকলি’ কাব্যগ্ৰন্থত সন্নিৱিষ্ট কৰা গীতসমূহ কি কি উল্লেখ কৰা ।
উত্তৰঃ ‘কদমকলি’ ৰ মাজত প্ৰকাশিত গীতবোৰ হ’ল— ছন্দ, কুলি, ক’লা - বগা, ধোৱা খোৱা, আমাৰ জনমভূমি, ছয় ঋতুৰ ডাক, ডাৱৰৰ টোপাল, সত্য কোৱা, বাঁহী, ছন্দ - ৰাধাৰ দ্বন্দ্ব, মোৰ দেশ, সখী কোনেনো বজায় ? বিহু, ৰাধা আৰু সখীসকল, দেৱযানী, বাঁহী, পকা চুলি আৰু মহাপ্রয়াণৰ যাত্ৰী ৷
‘পদুমকলি’ কাব্যপুথিৰ অন্তৰ্গত গীতসমূহ হ'ল— অসম সংগীত, ব্রহ্মপুত্ৰ সংগীত, বিৰহ, বৰদৈচিলা ।
ৰচনাধর্মী প্রশ্নোত্তৰঃ
Q. 1 | সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য প্রতিভাৰ লগতে গীতি - সাহিত্যলৈ অৱদান সম্পর্কে বহলাই লিখা ।
উত্তৰঃ অসমীয়া ভাষা - সাহিত্য - সংস্কৃতিলৈ 'সাহিত্যৰথী’ হিচাপে খ্যাত লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান অপৰিসীম । অসমৰ এটা প্রাচীন অভিজাত পৰিয়ালত জন্ম গ্ৰহণ কৰা লক্ষ্মীনাথে দেউতাকৰ চাকৰিসূত্ৰে তেওঁ পৰিয়ালৰ লগত অসমৰ বিভিন্ন ঠাই ঘূৰি ফুৰিব লগা হৈছিল । সৰুকালতে তেওঁ এনেদৰে প্ৰায় সমগ্ৰ অসমখন দেখাৰ সুযোগ লাভ কৰিছিল । ১৮৮৬ চনত লক্ষ্মীনাথে শিৱসাগৰ চৰকাৰী হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি উচ্চ শিক্ষা লাভৰ বাবে কলিকতালৈ যায় । তাত তেওঁ বি . এ . ডিগ্রী লাভ কৰে । কলিকতাত পঢ়ি থাকোঁতেই তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা , হেমচন্দ্ৰ গোস্বামী আদিৰ সৈতে লগ লাগি ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ গঠন কৰে । এই সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনৰপৰা ‘জোনাকী' নামৰ আলোচনীখন প্ৰকাশ কৰে । এই ‘জোনাকী’ আলোচনীয়ে অসমীয়া ভাষা - সাহিত্যত এটা নতুন যুগৰ সূচনা কৰে । লক্ষ্মীনাথৰ কলিকতাতে আৰম্ভ হৈছিল সাহিত্যিক জীৱন । এই ক্ষেত্ৰত বংগীয় পৰিৱেশ আৰু ঠাকুৰ পৰিয়ালৰ লগত হোৱা সম্পৰ্কই তেওঁক অনুপ্ৰেৰণা যোগাইছিল । মধুসূদন, বংকিমচন্দ্র, দ্বিজেন্দ্রলাল আদি কবি - গীতিকাৰ সকলে তেতিয়া কলিকতাৰ নতুন সাংস্কৃতিক সমাজখন তোলপাৰ কৰি আছিল । বাংলা কবি দ্বিজেন্দ্ৰ লালৰ দেশপ্ৰেমমূলক গীত ‘ধনধান্য এই পুষ্পভৰা, আমাদে এই বসুন্ধৰা’ তেতিয়া খুব জনপ্ৰিয় হৈছিল । এই গীতটিৰ আৰ্হিত বেজবৰুৱায়ো লিখিছিল ‘আমাৰ জন্মভূমি’ নাম দি এটা গীত । গতিকে বেজবৰুৱাৰ সাহিত্যত ৰবীন্দ্ৰনাথৰ সমসাময়িক স্বনামধন্য বাংলা কবি - গীতিকাৰ সকলৰ যথেষ্ট প্রভাৱ পৰিছিল ।
অসম দেশখন, অসমৰ প্ৰকৃতি আৰু অসমীয়া ভাষা - সাহিত্য - সংস্কৃতিক গভীৰভাৱে ভাল পোৱা বেজবৰুৱাই জীৱনৰ বেছিভাগ সময় অসমৰ বাহিৰত কটাবলগীয়া হ'লেও তেওঁৰ মনপ্ৰাণ সদায় অসমৰ সৈতে একাত্ম হৈ আছিল । প্রায় অর্ধশতাব্দীজোৰা সাহিত্য সাধনাৰে বেজবৰুৱাই অসমীয়া সাহিত্যক বিপুলভাৱে সমৃদ্ধ কৰি গৈছে । ‘জোনাকী’ আলোচনী প্ৰকাশৰ সময়ৰেপৰা মৃত্যুৰ আগমুহূৰ্তলৈ তেওঁ কলম চলাই গৈছিল । বেজবৰুৱাৰ সাহিত্যিক অৱদানসমূহক এনেধৰণে ভাগ কৰি দেখুৱাব পাৰি—
- ( ক ) নাটক — লিতিকাই, নোমল, পাচনি, চিকৰপতি নিকৰপতি, জয়মতী, চক্ৰধ্বজ সিংহ, বেলিমাৰ আদি;
- ( খ ) চুটিগল্প – সুৰভী, জোনবিৰি, সাধুকথাৰ কুঁকি আৰু কেহোঁকলি;
- ( গ ) কবিতাপুথি— কদমকলি আৰু পদুমকলি ;
- ( ঘ ) উপন্যাস — পদুম কুঁৱৰী;
- ( ঙ ) হাস্য — ব্যংগাত্মক ৰচনা – - - কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ সাহিত্যিক ৰহস্য আদি;
- ( চ ) তত্ত্বমূলক গ্রন্থ— কৃষ্ণকথা, তত্ত্বকথা আদি;
- ( ছ ) জীৱনী — শ্ৰীশ্ৰীশংকৰদেৱ, শ্ৰীশ্ৰীশংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ, ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ জীৱন চৰিত;
- ( জ ) আত্মজীৱনী — মোৰ জীৱন সোঁৱৰণ ৷
ইয়াৰ উপৰি তেওঁ ১৯০৯ চনৰপৰা ১৯২৯ চনলৈ সুদীৰ্ঘকাল ‘বাঁহী’ নামৰ আলোচনীখন সম্পাদনা কৰি অসমীয়া ভাষা - সাহিত্যৰ সেৱা কৰিছিল ।
লক্ষ্মীনাথ বেজবৰুৱাৰ শৈশৱ কালৰ পৰাই অসমীয়া সংগীতৰ সৈতে গভীৰ সম্পৰ্ক আছিল । মহাপুৰুষ দুজনাৰ বৰগীত, কীৰ্ত্তন - নামঘোষা, ভটিমা ইত্যাদিৰ লগতে বিহুগীত, বিয়ানাম, বনঘোষাৰ মাজতে ডাঙৰ - দীঘল হোৱা বেজবৰুৱাৰ মনত সংগীতৰ শিপা গজিছিল । লক্ষ্মীনাথ বেজবৰুৱাই বিভিন্ন উদ্দেশ্যধৰ্মী গীত ৰচনা কৰিলেও তেওঁৰ গীতৰ প্রধান বিষয়বস্তু হ’ল— স্বদেশপ্রেম । সমগ্ৰ জীৱন দেশৰ ভাৱনাতে সমর্পিত কৰি যোৱা বেজবৰুৱাৰ জীৱনৰ এনে কোনো কৰ্ম নাই , যি দেশৰ মানুহ, মাতৃভাষা, দেশৰ সাহিত্যৰ উন্নতিৰ চিন্তাৰ লগত জড়িত হৈ থকা নাই । বেজবৰুৱাৰ সম্পৰ্কে ডঃ বাণীকান্ত কাকতিৰ ভাষাত- “এই সুগভীৰ স্বদেশানুৰাগ, স্বদেশপ্রীতি, বেজবৰুৱাৰ সাহিত্যৰ প্ৰত্যেকটো শব্দৰ ভিতৰেদি প্ৰকাশ পাইছে । তেওঁৰ সকলো ৰচনাৱলী এই স্বদেশানুৰাগৰ বোলেৰে বোলোৱা । ”মাতৃভাষা সন্দৰ্ভত সাহিত্যৰথীয়ে অনেক লেখনিৰ মাজেদি নিজৰ মনোভাৱ ব্যক্ত কৰিছে । গীত, কবিতা, নাটক, গল্প সমূহৰ উপৰি অন্যান্য ৰচনাতো তেওঁ অসমীয়া ভাষাৰ কথা ক’বলৈ এৰা নাই । তেওঁৰ প্ৰায়ভাগ গীততে বৰগীত, নামঘোষা, কীৰ্তন আৰু শুদ্ধ অসমীয়া লোকসংগীতৰ আদৰ্শৰে জাতিটোক পৰিচয় কৰাই দিছিল ‘কবিতা হয় যদি হওক, নহয় যদি নহওক ' বুলি ৰচনা কৰা ‘কদমকলি’ আৰু ‘পদুমকলি’ নামৰ কবিতা পুথি দুখনতে বেজবৰুৱাৰ গীতসমূহো সন্নিৱিষ্ট কৰিছে । বেজবৰুৱাই কবিতাৰ পৰা গীতসমূহ পৃথক কৰা নাছিল । তেওঁ বহুকেইটা গীতত ৰাগ আৰু তালৰ নামো বান্ধি দিছিল । গীতসমূহৰ বেছিভাগেই বিশেষ বিষয়ত ৰচনা কৰা । ‘কদমকলি’ৰ মাজত প্ৰকাশিত গীতবোৰ হ’ল— ছন্দ, কুলি, ক’লা - বগা, ধোঁৱা খোৱা, আমাৰ জনমভূমি, ছয় ঋতুৰ ডাক, ডাৱৰৰ টোপাল, সত্য কোৱা, বাঁহী, ছন্দ - ৰাধাৰ দ্বন্দ্ব, মোৰ দেশ, সখী কোনেনো বজায় ? বিহু, ৰাধা আৰু সখীসকল, দেৱযানী, বাঁহী, পকা চুলি আৰু মহাপ্রয়াণৰ যাত্ৰী । লগতে ক্ৰমে সুৰ আৰু তালৰ উল্লেখো আছে । যেনে— ঝিঁঝিত, কাবালি, ৰামপ্রসাদী সুৰ, ভৈৰৱী ঝাপতাল, বাগেশ্রী - আড়া ঠেকা, আসা - ভৈৰৱী - ঠুংৰি, ইংৰাজী সুৰ, ভৈৰৱী মধ্যমণি, বেহাগ - খেমটা , বেহাগ - আড়া - খেমটা , বিহুসুৰীয়া গীত, অসমীয়া নামৰ সুৰ ইত্যাদি ।
‘পদুমকলি’ কাব্যপুথিৰ অন্তৰ্গত গীতসমূহ হ’ল— অসম সংগীত , ব্রহ্মপুত্র সংগীত , বিৰহ , বৰদৈচিলা । ‘ ব্ৰহ্মপুত্ৰ সংগীত ’ নামৰ গীতটোত কীৰ্তনৰ সুৰ আৰোপ কৰিছে । গীতটো চাৰিটা ভাগত ভাগ কৰা হৈছে । তৃতীয় গীতটো দ্বৈত কণ্ঠত বুলি উল্লেখ কৰিছে । বিৰহ আৰু বৰদৈচিলাত অসমীয়া বনঘোষাৰ সুৰ আৰোপ কৰিছে । ' ব্ৰহ্মপুত্ৰ সংগীত'ৰ অন্তর্ভুক্ত ‘ প্রেম প্রেম বুলি জগত ঘূৰিলো ... ’ গীতটো ড ° ভূপেন হাজৰিকাৰ কণ্ঠ আৰু সুৰ শুনিবলৈ পোৱা অতি জনপ্রিয় গীত ।
গীতিকাৰ হিচাপে বেজবৰুৱাৰ অমূল্য অৱদান ‘ মোৰ দেশ ’ নামৰ গীতি কবিতাটো ১৯২৯ চনৰ অক্টোবৰ মাহত দেশভক্ত তৰুণৰাম ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনৰ বাৰ্ষিক অধিৱেশনত পোনপ্ৰথম বাৰৰ বাবে গোৱা হৈছিল । এই গীতটোৱে পিছলৈ অসমৰ জাতীয় সংগীত হিচাপে স্বীকৃতি লাভ কৰে । উল্লেখ্য যে , এই গীতটো ১৯২৮ চনত তেজপুৰত বহা ছাত্ৰ সন্মিলনত সমবেত কণ্ঠত প্ৰথমবাৰ গোৱা হৈছিল । বেজবৰুৱাই অসমক ভাল পাইছিল , অসমীয়া জাতিক আগুৱাই নিয়াৰ সপোন দেখিছিল । অসমীয়া মানুহৰ উন্নতিৰ সপোন দেখিছিল । সেয়ে তেওঁ ৰচিব পৰিছিল ‘ অসম সংগীত’ৰ দৰে গভীৰ জাতীয় ভাব উদ্দীপক গীত । অসমীয়াৰ মন - প্ৰাণত জাতীয় চেতনাৰ ভাব জাগ্ৰত কৰাত ‘ অসম সংগীত ’ অতুলনীয় । ‘ অসম সংগীত’ত অসমৰ সু - সন্তান সকলৰ শৌর্য - বীর্য , মহান কীৰ্তিখিনি বেজবৰুৱাই সগৌৰৱে স্মৰণ কৰিছে ।
বেজবৰুৱাই ‘ কৃপাবৰ বৰুৱা ’ ছদ্মনামত প্ৰবন্ধ ৰচনা কৰাৰ উপৰি ব্যঙ্গাত্মক ভাবৰ কিছুমান গীতো লিখিছিল । গীতসমূহৰ জৰিয়তে তেওঁ অসমীয়া জাতিৰ উদ্যমহীন , এলেহুৱা স্বভাৱক উন্নতিৰ পথত অগ্ৰসৰ কৰিবলৈ চেষ্টা কৰিছিল । এই ক্ষেত্ৰত তেওঁ গুৰু দুজনাৰ বৰগীত আৰু কীৰ্তনৰ পদৰ আৰ্হি অনুকৰণ কৰিছিল । বেজবৰুৱাই তেওঁৰ নাটক সমূহতো বহুতো গীত সন্নিৱিষ্ট কৰিছে।‘বেলিমাৰ ’ নাটকত বৰগীতৰ আৰ্হিত ৰচনা কৰা ব্যংগাত্মক ভাবৰ এটা গীত আছে ৷ ‘ জয়মতী কুঁৱৰী ’ নাটকত তেওঁ বৰগীত , কীৰ্তনৰ পদ , নিচুকণি গীত , টোকাৰী গীত ইত্যাদি অন্তৰ্ভুক্ত কৰিছে । ' জয়মতী কুঁৱৰী ’ নাটকত নাট্যকাৰ বেজবৰুৱাই বহুকেইটা গীত লোকগীতৰ আৰ্হিত ৰচিছে । ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই লক্ষ্মীনাথ বেজবৰুৱাৰ গীতৰ প্ৰসংগত কৈছিল , — ‘অসমীয়া জতুৱা গীত - মাত প্রথমে লক্ষ্মীনাথেই ৰচি থৈ গৈছে । যি গীতৰ কথাই অসমীয়া অন্তৰৰ তন্ত্ৰীডাল পৰশ কৰি কঁপনি তুলিব পাৰে । অসমীয়া জতুৱা গীতৰ আদৰ্শ যে বেজবৰুৱাৰ গীতবোৰেই তাক আৰু নক'লেও হ'ব । তেওঁৰ গীতবোৰ এনেকুৱা ভাব আৰু ভাষাৰে জতুৱা ঠাঁচত লিখি থৈ গৈছে যে যি অসমীয়া সুৰ ৰচকৰ পৰা আপুনি টানি তাৰ উপযোগী সুৰ উলিয়াই আনিব পৰা ক্ষমতা আছে । এই ক্ষমতা অসামান্য ।'
Q. 2 | আধুনিক অসমীয়া গীতি - সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাৰ স্থান সম্পর্কে আলোচনা কৰা ।
উত্তৰঃ একো একোজন গায়কৰ একোটি বা একাধিক গীতে বিশেষভাৱে মানুহৰ | হৃদয়তন্ত্রী কঁপাই যায় । গীতটো শেষ হৈ যোৱাৰ পিচতো তাৰ ৰিণি - ৰিণি অনুৰণন কাণৰ পর্দাত ভাঁহি থাকে । মনৰ মাজতো দুলি থাকে । কিন্তু সকলো গায়কৰ সকলো গানে সমানে মানুহক প্ৰভাৱান্বিত কৰিব নোৱাৰে । একাণে সোমাই একাণেদি ওলাই যায় । নতুবা বিজুলীৰ দৰে ক্ষন্তেক সময় কাণৰ পৰ্দাত পাতলীয়া ঢৌ খেলি আকৌ হেৰাই যায় । কিন্তু সকলো গানতে সুৰ থাকে , সংগীত থাকে , কথা থাকে । গায়কে প্রাণঢালি গাবলৈ প্ৰয়াস কৰে । তথাপি গানবোৰ যুগমীয়া হোৱাতো বাদেই , ক্ষণস্থায়ীও নহয় । তেনেহ'লে এই গানসমূহত এনে কি উপাদান থাকে , যিয়ে নেকি একোটি গানক অথবা গানসমূহক মানুহৰ বুকুৰ মাজলৈ লৈ যায় , কালৰ বুকুত নজহা - নপমা কৰি ৰাখে , হেৰায়ো নেহেৰোৱা কৰে?
বহুতৰ মনত এনে প্রশ্ন জাগে । পিচত বিচাৰি - খোচাৰি দেখিলো - অসমীয়া আধুনিক গানৰ যুগস্রষ্টা জ্যোতি প্ৰসাদৰ মনতো এনে প্রশ্ন জাগিছিল । তেওঁ কিন্তু তেনে প্ৰশ্নৰ মাজতে সোমাই নাথাকিল । তাৰ যথোচিত উতত্ৰ উলিয়াবলৈকো চেষ্টা কৰিছিল- একেই স্বৰ সা - ৰে - গা - মা - পা - ধা - নি - এই সাতোটা স্বৰেৰে ইংৰাজী সুৰো হয় আৰু ভাৰতীয় সুৰো হয় । তেন্তে এটা আনটোৰে ইমান বেলেগ কিয় হয় । এই ইটো - সিটোৰ ইমান ব্যৱধান কিয় ?
জ্যোতি প্ৰসাদে তেওঁৰ পূৰ্বসুৰী দুগৰাকী পুৰোধা ব্যক্তিক বিশেষ গুৰুত্ব প্রদান কৰিছে । এগৰাকী বৈষ্ণৱ যুগৰ শংকৰদেৱ আৰু আনগৰাকী আধুনিক যুগৰ লক্ষ্মীনাথ বেজবৰুৱা । ‘ বেজবৰুৱাৰ সাহিত্য - প্রতিভা'ৰ মূল্যায়ন কৰিবলৈ গৈ তেওঁৰ গীত - মাতৰ সম্পৰ্কত এক দীঘলীয়া অধ্যায়ৰ সংযোজন কৰিছে । জ্যোতি প্ৰসাদৰ এই ৰচনাৰাজি অধ্যয়ন কৰাৰ আগলৈকে অসমীয়া আধুনিক গীতৰ ক্ৰমবিকাশৰ ইতিহাস পৰিক্ৰমাত বেজবৰুৱাৰ গুৰুত্ব আমাৰ যথোচিত উপলব্ধি হোৱা নাছিল । অসমীয়া আধুনিক গীতৰ বাটকটীয়া হিচাপে লক্ষ্মীৰাম বৰুৱা আৰু তেওঁৰ পৰৱৰ্তীকালত জ্যোতিপ্ৰসাদৰ নামেই গুৰুত্বসহকাৰে আমি লৈ আহিছো । কিন্তু জ্যোতি প্ৰসাদে নিজেই বেজবৰুৱাক তেওঁৰ পূৰ্বসুৰীসকলৰ তালিকাত উচ্চ আসন দি আহিছে । আৰু তেওঁৰ উদ্যম আৰু প্ৰেৰণাৰ উৎস হিচাপে জ্যোতি প্ৰসাদে নিজৰ তথা অসমীয়া ছবি ‘ জয়মতী’ত বেজবৰুৱাৰ দুটিকৈ গীত সংযোজন কৰিছে । সেই কালজয়ী গীত দুটি দুটি হ’ল ল’ৰা - বুঢ়া কাক কয়, ডালিমী নুবুজে তাক’ আৰু ‘পৰ্বতৰ ঢেঁকীয়া লিহিৰী পতীয়া’ । ইয়াৰোপৰি জ্যোতি প্ৰসাদে বেজবৰুৱাৰ ‘ জয়মতী ’ নাটকত সন্নিবিষ্ট থকা অইন এটি গীত - ‘ সখী হে কি ক’মে দুখৰে কথাতো সুন্দৰকৈ সুৰ সংযোজনা কৰিছিল, যিটো গীত আজিও অসমীয়া মানুহৰ মুখে মুখে । বেজবৰুৱাৰ গীতৰ বৈশিষ্ট্যৰ কথা ক’বলৈ গৈয়েই জ্যোতি প্ৰসাদে আমি আৰম্ভণিতে উল্লেখ কৰি অহা নানানটা প্ৰশ্নৰ কৰি সমিধান উলিয়াবলৈ চেষ্টা কৰিছিল ৷
বেজবৰুৱাৰ গীতৰ মান - বৈশিষ্ট্য অনুধাৱন কৰি তেওঁ কৈছে— ‘অসমীয়া জতুৱা গীতৰ আদৰ্শ যে বেজবৰুৱাৰ গীতবোৰেই তাক আৰু নক'লেও হ’ব । তেওঁৰ গীতবোৰ এনেকুৱা ভাৱ আৰু ভাষাৰে জতুৱা ঠাঁচত লিখি থৈ গৈছে যে যি অসমীয়া সুৰ ৰচকৰ পৰা আপুনি টানি তাৰ উপযোগী সুৰ উলিয়াই আনিব পৰা ক্ষমতা আছে । এই ক্ষমতা অসামান্য ।'
জ্যোতি প্ৰসাদে বেজবৰুৱাৰ গীতৰ প্ৰসংগ আনিয়েই অসমীয়া জাতীয় সংগীতৰ মৌলিকতা সম্পর্কে কেতবোৰ অনুধাৱনীয় কথা কৈছে । তেওঁ স্পষ্টকৈ কৈছে যে অসমীয়া জতুৱা গীত - মাত প্রথমেই লক্ষ্মীনাথেই ৰচি থৈ গৈছে— যি গীতৰ কথাই অসমীয়া অন্তৰৰ তন্ত্ৰীডাল পৰশ কৰি কঁপনি তুলিব পাৰে ।
অক্সফোর্ড বিশ্ববিদ্যালয়ৰ সংগীতৰ অধ্যাপক সংগীতবিদ , পণ্ডিত ট্রেঞ্জৱেৰ প্ৰসংগ উল্লেখ কৰি জ্যোতি প্ৰসাদে কৈছে- যি সংগীতে সেই জাতিৰ অন্তৰৰো অন্তৰৰ সুপ্ত প্রাণটিক জগাব নোৱাৰে সেই সংগীত সেই জাতিৰ সংগীতেই হ'ব নোৱাৰে । নিজৰ জতুৱা সাধাৰণ তিনি স্বৰীয়া সুৰ এটাই এটা জাতিৰ প্ৰাণ চুই যেনেকৈ মতলীয়া কৰিব পাৰে সেইদৰে বিদেশী উন্নত ধৰণৰ ভাল ওখ সুৰ এটায়ো হয়তো সেই জাতিৰ মানুহৰ ভাৱৰ উদ্দীপনা সৃষ্টি কৰিব নোৱাৰে । কথাটো হৃদয়ংগম কৰিবৰ বাবে জ্যোতি প্রসাদে নিজৰ অভিজ্ঞতাপুষ্ট এক স্মৃতি কথাও দাঙি ধৰিছে— ‘ ১৯২৪ চনত গুৱাহাটীত বহা সাহিত্য সভাৰ সভাপতিৰূপে আহিছিল বেজবৰুৱা । সেইবাৰ তেওঁৰ লগত আহিছিল সাহিত্য সভাৰ সভাপতিৰূপে আহিছিল বেজবৰুৱা । সেইবাৰ তেওঁৰ লগত আহিছিল ৰত্নাৱলী বৰুৱা ( ৰোহিনী কুমাৰ বৰুৱাৰ সহধর্মিনী ) - বেজবৰুৱাৰ মাজু জীয়েক । সেইবাৰ অভ্যর্থনা সমিতিৰ সভাপতি আছিল লক্ষ্মীধৰ শৰ্মা , সেই বছৰেই শোণিত কুঁৱৰী নাট প্রথম ওলাইছে- ষ্টেজ হৈছে আৰু তাৰ গীত আৰু নতুন অসমীয়া সুৰ এটা দুটাকৈ ৰাইজৰ মাজলৈ ওলাইছে । এই নতুন ধৰণৰ অসমীয়া জতুৱা সুৰৰ গীত দুটা প্ৰফুল্ল চন্দ্ৰ বৰুৱাই সাহিত্য সভাত গাই শুনাবলৈ স্থিৰ কৰিলে আৰু যথাক্রমে প্ৰগ্ৰেমৰ ভিতৰত সুমুৱাই প্ৰগ্ৰেমৰ দিলে । সময়ত আন আন আবৃত্তি , গান আৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ এটি গীত ৰত্নাৱলী বৰুৱাই গোৱাৰ পিচতেই প্ৰফুল্ল বৰুৱাৰ গীত গোৱাৰ পাল পৰিল । তেওঁ ভয় ভয়কৈ কিজানিবা ৰইজে এনেৰণৰ সুৰ কি বোলে - তাতে অসমীয়া বিয়ানাম বা বনগীতৰ ঠাঁচ দেখি গোন্ধ পাই নাক শিঙৰাই হাঁহেইবা বুলি সেই গীতটি— ‘ গছে গছে পাতি দিলে ফুলৰে শৰাই ’ গালে । ইয়াৰ আগতে ৰবীন্দ্ৰ নাথৰ যিটি গীত গোৱা হৈছিল , যি সুৰ সম্ভাৰত আৰু ভাৱৰ গভীৰত্নত বা কবিত্বৰ সৌন্দৰ্যত এই গীতটিতকৈ হাজাৰ গুণে সুন্দৰ আৰু তাৰ সুৰো ওখ ধৰণৰ সংগীত নিষ্ঠাৰে ৰচিত আৰু সুকণ্ঠী ৰত্নাৱলীৰ কণ্ঠৰ পৰাও যে অতি সুমধুৰকৈ ধ্বনিত হৈছিল— ৰাইজে তাক শুনিলে - আপ্লুত হ'ল - সন্তোষ পালে , কিন্তু প্ৰফুল্ল বৰুৱাৰ মুখেদি এই গীতটো শুনি ৰাইজ স্তম্ভিত হ'ল । সেই সমাজত অসমীয়া জনতাৰ অন্তৰত এটা এটা অভিনৱ জাতীয় ভাৱ বিয়পি মতলীয়া কৰি তুলিছে ।... আৰু তাৰ পিচৰ পৰা অসমীয়া সুৰৰ গীতে অসমীয়া সংগীত জগতত নিজৰ আসন বহল ৰঙা ঠঙাত নিজৰ ন্যা্য স্থান অধিকাৰ কৰি বৰ পাগ মৰি , ডাঙৰীয়া বোলাই বহি নিজৰ প্ৰভাৱ চাৰিওফালে বিয়পাই নিজৰ ৰাজ্য বহলাই ল'ব লাগিছে । ইয়াৰ আগতে অসমীয়া নগৰীয়া আৰু গাঁৱলীয়া সংগীতৰ মাজত যি এখন বহল ব্যৱধান পৰিছিল , সি লাহে লাহে নাইকিয়া হ'ল । '
লক্ষ্মীনাথ বেজবৰুৱা বুলিলে ৰসৰাজ , সাহিত্যৰথী , কৃপাৱৰ বৰবৰুৱাৰ ভিন্নসুৰী পৰিচয় ফুটি উঠিলেও সংগীতৰ মানুহজ যেন তাৰ আঁৰতেই লুকাই পৰে ৷ বেজবৰুৱাৰ গীতৰ জতুৱা চৰিত্ৰ , ভাৱ - ভাষাৰ মৰ্ম , জাতীয় প্রেম , আবেগ - অনুভূতি অনুধাৱন কৰিব নোৱাৰিলে বেজবৰুৱাৰ প্ৰতি যথার্থ মূল্যায়ন কৰা নহ'ব । ‘ গুণীয়েহে গুণৰ মোল বুজে ’ কথাষাৰ জ্যোতি প্ৰসাদৰ ক্ষেত্ৰতহে প্ৰযোজ্য । এতিয়ালৈকে একমাত্র জ্যোতি প্রসাদেই বেজবৰুৱাৰ গীতৰ সঠিক বিশ্লেষণ আগবঢ়োৱা আমাৰ চকুত পৰিছে । বেজবৰুৱাৰ জীৱনৰ ছে । বেজব অতুলনীয় কীৰ্তি হ’ল তেওঁৰ অমৰ ৰচনা , অসমৰ জাতীয় সংগীত ‘ অ ’ মোৰ আপোনাৰ দেশ ’ । প্রথমে এই গীতটি নিজাকৈ সুৰ দি পৰিৱেশন কৰিছিল পাৰ্বতিপ্ৰসাদ বৰুৱাই । বেজবৰুৱাৰ জীয়ৰী ৰত্না বেজবৰুৱায়ো ধুবুৰী সাহিত্য সভাত গীতটি নিজাকৈ সুৰ দি পৰিৱেশন কৰিছিল । কিন্তু তেতিয়ালৈকে গীতটো সণ্ঠালনিকৈ প্ৰচলন হোৱা নাছিল । ১৯১০ চনতে ‘ বাঁহী'ত প্ৰকাশ হোৱা বেজবৰুৱাৰ এই গীতটোত ১৯২৮ চনত কটন কলেজৰ তৃতীয় বার্ষিকৰ ছাত্ৰ হৈ থাকোতেই জ্যোতি প্ৰসাদৰ ভাতৃ কমলা প্রসাদ আগৰৱালাই সুৰাৰোপ কৰিছিল । ১৯২৯ চনত তেজপুৰত ‘ অসম ছাত্ৰ সন্মিলন ’ অনুষ্ঠিত হৈছিল । সেই সন্মিলনতে কমলা প্ৰসাদ আগৰৱালাই তেওঁ সুৰাৰোপ কৰা এই গীতটি সমবেত কণ্ঠত গোৱাইছিল । সমবেত কণ্ঠৰ শিল্পীসকল আছিল প্রফুল্ল চন্দ্ৰ বৰুৱা , বিষ্ণু প্ৰসাদ ৰাভা , কমলাপ্ৰসাদ আগৰৱালা , কুমুদ শৰ্মা , ইন্দ্ৰেশ্বৰ বৰঠাকুৰ প্ৰমুখ্যে খ্যাতনামা শিল্পীসকল । তেজপুৰ ছাত্ৰ সন্মিলনৰ পিচৰ পৰাই ‘ অ ’ মোৰ আপোনাৰ দেশ ’ গীতটি অসমৰ ‘ জাতীয় সংগীত ' ৰূপে স্বীকৃত হয় ৷
‘জাতীয় সংগীত’ৰ প্ৰায় সমানেই সমাদৃত বেজবৰুৱাৰ অইন এটা গীত হ’ল ‘ আমি অসমীয়া নহওঁ দুখীয়া ’ । এই গীতটোও ‘ অসম সংগীত’ৰূপে সর্বজন স্বীকৃত হৈছে । অৱশ্যে এই গীতৰ সুৰকাৰ সম্বন্ধে আমি এতিয়ালৈকে জানিব পৰা নাই ।
১৯৬৮ চনত সমগ্ৰ ৰাজ্য জুৰি উলহ - মালহেৰে বেজবৰুৱাৰ জন্ম শতবর্ষ উদযাপিত হৈছিল । এই জন্ম শতবর্ষ উদ্যাপনৰ মাত্রা বৃদ্ধি কৰিছিল বিশেষভাৱে ডঃ ভূপেন হাজৰিকাৰ এটি ঐতিহাসিক গীতে । গীতটো আছিল–
‘আমি অসমীয়া নহওঁ দুখীয়া’
বুলি সান্ত্বনা লভিলে নহ'ব ………
সেই সময়ত আকাশবাণী যোগেদি সম্প্ৰচাৰিত এই বিশেষ গীতটোৱে ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি কৰিছিল । অৱশ্যে আজিও সেই গীতৰ সমাদৰ অটুত আছে । লক্ষ্মীনাথ বেজবৰুৱাই ওপৰত উল্লেখ কৰা ‘ অসম সংগীত ’ আমি অসমীয়া নহওঁ দুখীয়া , কিহৰ দুখীয়া হ’ম ... ’ ১৯১৫ চনতে ৰচনা কৰিছিল । বেজবৰুৱাই সেই সময়ত এই গীত ৰচনা কৰিছিল ‘ একো নাই নাই ’ বুলি হীনমন্যতাত ভোগা অসমীয়া জাতিটোক আত্মবিশ্বাসেৰে মূৰ দাঙি থিয় হ’বলৈ বুলি উদ্বুদ্ধ কৰিবৰ বাবে ।
ডঃ ভূপেন হাজৰিকাই তাৰ ঠিক ৫০ বছৰৰ ব্যৱধানত অৰ্থাৎ ১৯৬৮ চনত পৰিৱৰ্ত্তিত সময়ৰ নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰাকৈ অসমীয়া জাতিক সকীয়নি দিবলৈ ৰচনা কৰিছিল- ‘ আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব ... ' এই দুয়োটা গীতৰ ঐতিহাসিক মৰ্ম আৰু গুৰুত্ব মন কৰিবলগীয়া ।
একে সময়তে ডঃ ভূপেন হাজৰিকাই লক্ষ্মীনাথ বেজবৰুৱাৰ আৰু দুটি কালজয়ী গীত মন পৰশা সুৰেৰে সজাই তেওঁৰ বাখৰুৱা কণ্ঠেৰে ৰাইজক উপহাৰ দিছিল । সেই গীত দুটি হ’ল—
'প্রেম প্রেম বুজি জগতে ঘুৰিলোঁ , ঘৰতে আছিলে প্রেম ...'
'মোৰ একেটি সুৰত বাঁহীটি বন্ধা , একেটি মাথোন মাত ...'
বেজবৰুৱাৰ জন্ম শতবৰ্ষৰ সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰ পৰা সম্প্ৰচাৰৰ বাবে অনুষ্ঠানৰ প্ৰযোজক পুৰুষোত্তম দাসৰ অনুৰোধ মৰ্মে শিল্পী দিলীপ শৰ্মাই ভূপেন হাজৰিকাৰ সৈতে মিলিজুৰি এখনি সংগীতালেখ্য প্ৰস্তুত কৰিছিল । সেই আলেখ্যখনিৰ বাবে যুগুতোৱা গীতখিনি বেজবৰুৱাৰ ‘ কদমকলি’ৰ পৰাই বুটলি লৈছিল । গীতকেইটাত সুৰ সংযোজন কৰাৰ কথা ভূপেন হাজৰিকাই দিলীপ শৰ্মাক সোধোতে দিলীপ শৰ্মাই ‘ কদমকলি’ৰ পাতলৈ আঙুলিয়াই কৈছিল — ‘ বেজবৰুৱাই প্ৰতিটো সুৰৰ আৰ্হি তাত নিৰ্দিষ্ট কৰি থৈছে । গতিকে সুৰ দিওঁতে বা গাওঁতে বেছি কষ্ট কৰিব নালাগে । ' এইবুলি এটি এটিকৈ গীতবিলাক সজোৱাত লাগি গ'ল । সেই গীত কেইটা আছিল —
‘আমাৰ জন্মভূমি ’
হেৰা আমাৰ জন্মভূমি
হেৰা আমাৰ জন্মভূমি
এনে দেশ ক’তো নোপোৱা হেৰা তুমি
হেৰা আমাৰ জন্মভূমি ...।
জন্ম শতবৰ্ষৰ পৰৱৰ্তী কালতো বেজবৰুৱাৰ গীতৰ চৰ্চা অব্যাহত থাকে । দিলীপ চৌধুৰী , হীৰেন গোহাঁই ( ডিব্ৰুগড় ) , পুলক বেনাৰ্জী প্রমুখ্যে অনেকে বেজবৰুৱাৰ গীতত নকৈ সুৰ সংযোজনা কৰি বাণীবদ্ধ কৰাৰ কথা জনা যায় । দিলীপ চৌধুৰীয়ে সুৰাৰোপ কৰা বেজবৰুৱাৰ গীত ‘ কোনেনো বজাইছে বাঁহী , গধুলি বেলিকা ’ ভালেই সমাদৃত হৈছে । এনেদৰে হীৰেন গোহাঁইৰ দ্বাৰা সুৰাৰোপিত ‘ দুৱৰি বনৰ পাতৰ আঁৰত নিয়ৰে মুকুতা আঁৰে ’ কৈ সৰু তই লক্ষ্মীনাথ’কে ধৰি কেবাটাও গীত একাধিক শিল্পীৰ দ্বাৰা দ্বৈতক একক কণ্ঠত আকাশবাণী , ডিব্ৰুগড় কেন্দ্ৰৰ জৰিয়তে সম্প্ৰচাৰিত হৈছে আৰু শ্রোতায়ো আদৰি লৈছে । অৱশ্যে জন্মশতবৰ্ষৰ তুলনাত ডেৰশ বছৰীয়া জন্মজয়ন্তীত বেজবৰুৱাৰ গীত - মাতৰ বিশেষ চৰ্চা হোৱা বৰ্তমানলৈ দেখা নাই । কেৱল ‘ জাতীয় সংগীত’টোক লৈহে কিছু চিন্তা - চৰ্চা কৰা দেখা গৈছে । সময়ত হ’ব বুলি আমি আশা কৰোঁ ।
Q. 3 | বেজবৰুৱাৰ ‘হেৰা আমাৰ জন্মভূমি' শীর্ষক গীতটিত প্ৰকাশ পোৱা স্বদেশপ্রীতি বিশ্লেষণ কৰা ।
উত্তৰঃ আধুনিক অসমীয়া গীতি - সাহিত্যত বেজবৰুৱাৰ ‘ হেৰা আমাৰ জন্মভূমি ' শীর্ষক গীতটি এক বাচকবনীয়া সংযোজন । কোৱা বাহুল্য যে আন আন ৰচনাৰ দৰে বেজবৰুৱাৰ গীতসমূহতো জাতীয় চেতনা অতি স্পষ্টভাৱে ফুটি উঠিছে । অসম আৰু অসমীয়াৰ প্ৰতি থকা নিভাঁজ চেনেহ আৰু উৎকণ্ঠা তেওঁৰ গীতত প্ৰকাশিত হৈছে । মাতৃভাষাৰ বিষয়ে ভিন্ন প্রসংগত তেখেতে কৈছিল— ' মাতৃভূমি আৰু মাতৃভাষাতকৈ কিবা সোৱাদৰ বস্তু এই পৃথিৱীত আছে নে ক'ব নোৱাৰো । মানুহে যিমান কি নিজ মাতৃৰপৰা আঁতৰি যাওক , হেজাৰ যি মুখেৰে স্বদেশ আৰু স্বভাষাদ্রোহী হওক তাৰ অন্তৰ যদি সঁচাকৈয়ে মানুহৰ অন্তৰ হয় তেন্তে তাৰ মাতৃভাষা আছে মাতৃভূমিৰ নামত দ্ৰৱ নহৈ নোৱাৰে । ’ মাতৃভাষাৰ প্রতি থকা এই অনুকম্পাৰ বাবেই লক্ষ্মীনাথ বেজবৰুৱাই বাৰে বাৰে যুঁজিছিল ।
অসমীয়া মানুহখিনিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰি তেওঁলোকৰ আত্মমর্যাদাৰে দৃঢ় কৰি তোলাৰ মানসেৰে তেওঁ গীতসমূহ ৰচনা কৰে । বঙালী কবি দ্বিজেন্দ্ৰলালৰ ‘ জন্মভুমি’ৰ আৰ্হিৰে ৰচনা কৰা বেজবৰুৱাৰ ‘ হেৰা আমাৰ জন্মভূমি ’ শীর্ষক গীতটোত ধেমেলীয়া ভাবেৰে তেওঁ জাতীয় চেতনাৰ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে ।
‘ হেৰা আমাৰ জন্মভূমি ’ শীৰ্ষক গীতটোত অসমীয়া জন - জীৱনৰ চিত্ৰ প্ৰকাশিত হৈ উঠিছে ৷ কবিৰ জন্মভূমিৰ লোকসংস্কৃতিৰ লোকসমাজ , লোকাভাস লোকখাদ্য এই সকলো দিশতে অন্যতকৈ পৃথক আৰু মনোমোহা । অসমৰ সোণোৱালী পথাৰ , গ্ৰাম্য জীৱনত সততে দেখা পেৱা তামোল - পাণৰ বাৰী , বিভিন্ন প্ৰজাতিৰ ভলুকাবাঁহ , মকালবাঁহ , বাঁহৰ ঢাৰি আৰু লুইতৰ দৰে বৰনৈ যে অসমত বিৰল সেই বিচিত্ৰতাৰ কথা ক'বলৈয়ে গীতটোত গীতিকাৰে এনেদৰে উল্লেখ কৰিছে—
ক'ত এনে ধানৰ পথাৰ তামোল - পাণৰ বাৰী
ভলুকা মকাল আদি আছে বাঁহৰ ঢাৰি ৷
ইতৰ দৰে বৰনৈ ক’ত আছে কোৱা ?
ঘূৰি আহা বসুমতী, তথাপি নোপোৱা
বেজবৰুৱাৰ ' হেৰা আমাৰ জন্মভূমি ’ শীৰ্ষক গীতটোক অসমৰ লোকখাদ্যৰ যি আভাস দাঙি ধৰিছে তাৰ পৰাই তেওঁৰ জাতীয় চেতনাৰ পূৰ্ণ প্ৰকাশ দেখিবলৈ পোৱা যায় । প্ৰৱাসত থাকিও জাতীয় খাদ্য - সম্ভাৰৰ তালিকাৰ বিৰল ধানৰ চাউল , জগা গাইৰ ফেঁহু , কুঁজী থেকেৰা , পকা খৰিচা , ঢেঁকীয়া শাক , এঠা দৈ আদি অসমৰ জাতীয় খাদ্য - সম্ভাৰৰ বর্ণনাই গীতটোক আকর্ষণীয় কৰি তুলিছে এনেদৰে—
ক’ত আছে এনে চাউল পানীত দিলে ভাত ?
ক’ত এনে কুঁজী থেকেৰা টেঙাই যায় দাঁত?
এঠা দৈ ক’ত এনে নেৰায় ধূলে যাক ।
হেৰা আমাৰ জন্মভূমি ।
গীতিকাৰৰ জন্মভূমি সাংস্কৃতিক ক্ষেত্ৰতো আগৰণুৱা । বিভিন্ন জাতি - জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰত গীতিকাৰৰ জন্মভূমি সকলো দিশতেই সমৃদ্ধিশালী । অসমৰ জাতীয় উৎসৱ বিহু , মনপৰশা মিৰি নাচ আৰু অন্যৰ লগত তুলনাবিহীন অসমৰ সহজ - সৰল হৃষ্ট - পুষ্ট , হাঁহিমুখৰ ল’ৰা - ছোৱালীৰ কথা গীতটোত উল্লেখ কৰিছে–
ক’ত এনে মিৰি নাচ , ক’ত এনে বিহু ?
ক’ত পাবা জগা গাইৰ এনেকুৱা ফেঁহু
হৃষ্ট - পুষ্ট হাঁহিমুখ মুকলিমূৰীয়া
ল'ৰা - ছোৱালী ক’ত এনে দেখুৱাই দিয়া ?
‘হেৰা আমাৰ জন্মভূমি' শীর্ষক গীতটোক ধেমেলীয়া গীতৰ অন্তৰ্ভুক্ত কৰা হৈছে যদিও এই ধেমালিৰ মাজেৰে গীতিকাৰৰ জাতীয় চেতনা অতি সুন্দৰভাৱে ফুটি উঠিছে । তদুপৰি গীতটো শিল্প - সৌন্দৰ্যতাৰ ফালৰ পৰা চালে আৰম্ভণিৰ পৰা শেষলৈকে সুন্দৰভাৱে ছন্দৰ মিল দেখা যায় । উদাহৰণস্বৰূপে— ভাত - দাঁত , শাক - যাক , বাৰী - ঢাৰি , বিহু - ফেঁহু ইত্যাদি ।
Tags :
- হেৰা আমাৰ জন্মভূমি
- হেৰা আমাৰ জন্মভূমি BA 4th Semester Assamese Question Answer
- BA 4th Sem Assamese হেৰা আমাৰ জন্মভূমি Notes Gauhati University
- লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাৰ বৈশিষ্ট্য
- লক্ষ্মীনাথ বেজবৰুৱাৰ কাব্য প্ৰতিভা
- Gauhati University BA 4th Sem Assamese Major Model Questions Answer
- b.a 4th semester assamese book pdf
- b.a 4th semester assamese book question answer
- GU BA 4th Sem Assamese Model Solution
- BA 4th Sem Assamese Question Answer Regular Course
- হেৰা আমাৰ জন্মভূমি ba 4th sem assamese notes